নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৬ আগষ্ট, ভাদ মাহৰ ৯ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণ সপ্তমী, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই

মেষ : কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে৷ সহজতে যি কৰোঁ বুলি থিৰাং কৰিছিল তাক সম্পূর্ণ কৰাত বাধা পাব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷

বৃষ : আর্থিক উন্নতিৰ ক্ষেত্রত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব৷ ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা নাই৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷

মিথুন : কর্তব্যত আপোনাৰ যোগ্যতা থাকিব৷ কোনোৱে বাস্তৱ ক্ষেত্রত খোজ পেলাই উপকৃত হ’ব৷ সৰু–সুৰা কথাত মানসিক কিছু প্রভাৱ পেলাব৷ বন্ধুৰ সহায়৷ আর্থিক প্রাপ্তিৰ আশা৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷

কর্কট : পূর্বৰ দিনৰ তুলনাত আজি বহুলাংশে যোগাযোগ আদিত উন্নত৷ অৱশ্যে আপোনাৰ হুৰমূৰীয়া স্বভাৱৰ দোষত শাৰীৰিকত কিছু আহুকালৰ কাৰক৷ বিদ্যাত মধ্যম৷ ভ্রমণৰ যোগ৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫৷

সিংহ : ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল৷ বহুদিন ভাবি থকা সুযোগৰ আশা সমাগত যেন লাগিব৷ দাম্পত্যত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷

কন্যা : কর্মক্ষেত্রত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনো বিষয় চিন্তাৰ কাৰণ হ’ব৷ বিদ্যাত বেয়া নহ’ব৷ ভ্রমণাদিত মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷

তুলা : কোনোৱে প্রৱঞ্চকৰ কবলত পৰাৰ কাৰক৷ সাৱধান হ’লে ভয় কম। বিদ্যাত যত্নৰ ফল লাভ৷ সাধাৰণ শৰীৰৰ আহুকাল অলপ৷ দাম্পত্যত ভালেই৷ ভ্রমণাদিত অমনোযোগী নহ’ব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৫৷

বৃশ্চিক : দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে৷ হ’বলগীয়া কামত অনগ্রসৰ হোৱাৰ যোগ৷ শুভ ৰং নীলা, শুভ সংখ্যা ১১৷

ধনু : উন্নত দিনৰ অনুমান৷ যোগাযোগত খুব বেয়া নহ’ব৷ ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব৷ বিশেষকৈ অনুৰাধা নক্ষত্রৰ মানসিক শান্তি৷ বিদ্যাত বাধা কম৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৯।

মকৰ : ভঙা–পতা কৰি ভাল পাব৷ পুৰণি পৰিৱেশৰ সলনিৰ প্রতি মন কৰিব পাৰে৷ ভ্রমণত সষ্টম হওক৷ কিন্তু কোনো প্রিয় বন্ধু–বান্ধৱীৰ সংগত সুখ লাভ৷ যিসকল যোগ্যৱান তেওঁলোকৰ সুনাম৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷

কুম্ভ : ৰুক্ষ চিন্তা। অত্যধিক খৰচ হ’লেও আয়ত্তত থাকিব৷ পঢ়া–শুনাত মনোযোগ লাগিব৷ দুষ্টৰ সংগই বিপদ আনিব পাৰে। লোহা-লক্কৰ, ইস্পাত, কাঠ, কয়লা, ৰসায়নত লাভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷

মীন : আর্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ৷ মতান্তৰ হ’ব লগা কথাত মন নিদিব৷ শৰীৰ মধ্যম৷ সৰু–সুৰা সংবাদকে গুৰুতৰ বুলি নল’ব৷ ভ্রমণত সাৱধান৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷

You might also like