নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৯ আগষ্ট, ভাদ মাহৰ ১২ তাৰিখ
বৃহস্পতিবাৰ : তিথি–কৃষ্ণ একাদশী, নক্ষত্র : আদ্রা, যাত্রা : শুভ

মেষ : মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপোনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব৷ সাহস আৰু দক্ষতা সমভাৱে লাভ কৰি উপকৃত হ’ব৷ প্রেমত আনন্দ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷

বৃষ : বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব৷ বিয়া–বাৰু বা উৎসৱ আদিত যোগদান কৰক৷ মাতৃৰ শৰীৰৰ চিন্তা৷ আর্থিকত ব্যয় বৃদ্ধি পাব৷ ব্যৱসায়ত মধ্যম৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷

মিথুন : মধ্যম দিন হ’লেও কর্মস্থানত ভালেই দেখিব৷ আর্থিকতো বেয়া নহ’ব৷ দায়িত্বপূর্ণ কামত মাংগলিক কৃতকার্য হোৱাৰ সম্ভাৱনা৷ শৰীৰ মধ্যম৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷

কর্কট : সহযোগীৰ সহায়ত উৎসাহ পাব৷ প্রতাৰকৰ বাবে দুশ্চিন্তা থাকিব৷ কর্মস্থানত আয় বৃদ্ধিৰ কাৰক৷ নতুন কোনো উদ্দেশ্যত সফল হ’ব৷ প্রেমত নিৰাশা৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৭৷

সিংহ : আচৰিত কথাৰ সম্ভেদ পাব৷ আর্থিকতো কিছু কষ্ট, শৰীৰ সম্পর্কে উদাস নহ’ব৷ বিদ্যাত বেয়া বোলা নাযায়৷ ভ্রমণত অলপ সাৱধান থাকক৷ ঘৰুৱা শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷

কন্যা : মজলীয়াভাৱে দিনটো পাৰ হ’ব৷ কর্মক্ষেত্রত সহকর্মীৰ পৰা অলপ সতর্ক থকাটো উচিত হ’ব৷ প্রেম–প্রীতিত উদাস৷ পঢ়াত মধ্যম৷ দাম্পত্য জীৱন মধ্যম ৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৩৷

তুলা : শৰীৰ পূর্বৰ তুলনাত আশাপ্ৰদ৷ আপুনি ভবা কথা আৰু কামৰ লগত আনৰ বিভেদ থাকিব৷ শুভ ৰং সেউজীয়া, শুভ সংখা ৫৷

বৃশ্চিক : ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত কিছু উচ্চ চিন্তা থাকিব আৰু সফলতাও পাব৷ কর্মস্থানত উন্নত আশা নকৰাই ভাল৷ পঢ়াত মনোনিৱেশ কৰিব৷ ভ্রমণত সাৱধান৷ শুভ ৰং কমলা, শুভ সংখ্যা ২৷

ধনু : দিনটোত পাৰিপার্শ্বিক বাধা–বিঘিনিৰ কাৰণে মনটো গধুৰ হৈ থাকিব৷ শৰীৰৰ প্রতি আওকাণ নকৰিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৩৷

মকৰ : নিজৰ মান–সন্মানৰ ক্ষেত্রত সচেতন হ’ব৷ বিদ্যাত ধৈর্য ধৰক৷ পাৰিবাৰিক সামান্য উৎকণ্ঠা দেখা যায়৷ শুভ ৰং বগা, শুভ সংখ্যা ১১৷

কুম্ভ : নিজৰ উদ্দেশ্য সাধনত ব্রতী হওক৷ ব্যৱসায়–বাণিজ্য, উদ্যোগ আদিত সফলতাৰ ইংগিত দেখা যায়৷ পঢ়া–শুনাত শুভ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯৷

মীন : আর্থিকত ব্যয় বৃদ্ধি পাব৷ কোনো দূৰ বার্তাত আনন্দ লাভ৷ বেংকৰ কর্মচাৰীৰ শুভ৷ কোনো কাৰণত মন চঞ্চল থাকিব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১১৷

You might also like