নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২ ছেপ্টেম্বৰ, ভাদ মাহৰ ১৬ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণ অমাৱস্যা, নক্ষত্র : মঘ, যাত্রা : শুভ

মেষ : এই ৰাশিৰ জাতক–জাতিকাৰ চাকৰিৰ ক্ষেত্রত কর্তৃপক্ষৰ লগত মতবিৰোধ দেখা যায়৷ যান–বাহনৰ পৰা সাৱধান৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷

বৃষ : শত্রুৰ পৰা সাৱধানে থাকিব৷ বিদ্যার্থীসকলে ভবা মতে ভাল ফল নাপাব পাৰে৷ পুৰণি ৰোগ উপশম হোৱাৰ সম্ভাৱনা আছে৷ শুভ ৰং হালধীয়া, সংখ্যা ১৷

মিথুন : এই ৰাশিৰ জাতক–জাতিকাসকলে আজি গা ধোৱাৰ পিছত এটা তামৰ পাত্রত শুদ্ধ পানী, এটা ৰঙা ফুল, তিনিডাল দূবৰি, এটা তুলসীৰ পাত লৈ শিৱ মন্দিৰত পূজা কৰি বাহিৰত ওলাব৷ শুভ ৰং বগা৷

কর্কট : দিনটো অলপ সাৱধানে চলিব৷ প্রেমত অশুভ৷ দুখীয়াক কিছু পৰিমানে শুকান জলকীয়া দান কৰিব৷ শুভ ৰং ৰঙা, সংখ্যা ৬৷

সিংহ : এই ৰাশিৰ জাতক–জাতিকাৰ পৰিয়ালৰ ক্ষেত্রত শুভ৷ পঢ়া–শুনাত বিদ্যার্থীসকলে মনোযোগ দিয়াটো ভাল৷ ব্যৱসায়ৰ ক্ষেত্রত শুভ৷ শুভ ৰং নীলা, সংখ্যা ৭৷

কন্যা : আপোনাৰ সুযোগ লৈ কোনোবাই আপোনাক ক্ষতি কৰিব পাৰে৷ শিক্ষার্থীৰ বাবে শুভ৷ চাকৰিয়ালৰ বাবে দিনটো শুভ৷ শুভ ৰং ৰঙা, সংখ্যা ৬৷

তুলা : আপোনাক কোনো অশুভ সংবাদে মানসিক অশান্তি দিব পাৰে৷ শিক্ষাৰ ক্ষেত্রত অসুবিধা দেখা দিব পাৰে৷ ব্যৱসায়ৰ ক্ষেত্রত অশুভ৷ শুভ ৰং হালধীয়া, সংখ্যা ৮৷

বৃশ্চিক : আপুনি ধৈর্যসহকাৰে কাম কৰিলে দিনটোত ভাল ফল পাব৷ আপোনাৰ নতুন ব্যৱসায়ৰ কাম আৰম্ভ কৰিব পাৰিব৷ শুভ ৰং সেউজীয়া, সংখ্যা ৯৷

ধনু : দিনটো সাৱধানে থাকিব৷ আপোনাৰ সুযোগ লৈ কোনোবাই আপোনাক ক্ষতি কৰিব পাৰে৷ শিক্ষার্থীৰ বাবে শুভ৷ শুভ ৰং মাটিয়া, সংখ্যা ৩৷

মকৰ : ব্যৱসায়ীসকলৰ বাবে শুভ৷ প্রেমত দিনটো অনুকূল৷ কর্ম ক্ষেত্রত অর্থ লাভ হ’ব৷ সন্তানৰ প্রতি চকু ৰাখক৷ শুভ ৰং ক্রীম, সংখ্যা ৭৷

কুম্ভ : চাকৰিয়ালসকলে সাৱধানে থাকিব৷ আয় বৃদ্ধিৰ সুযোগ থাকিলেও সঞ্চয়ৰ সম্ভাৱনা কম৷ শুভ ৰং ৰঙা, সংখ্যা ৭৷

মীন : আপোনাৰ কর্মৰ ক্ষেত্রত অর্থ লাভ হ’ব৷ বিদ্যার্থীৰ বাবে দিনটো শুভ৷ ব্যৱসায়ৰ ক্ষেত্রত অশুভ৷ শুভ ৰং ৰঙা, সংখ্যা ৬৷

You might also like