নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩০ ছেপ্টেম্বৰ, আহিন মাহৰ ১৩ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণা একাদশী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : শুভ

মেষ : বিবাহৰ যোগাযোগত শুভ৷ বিদ্যার্থীৰ বাবে শুভ দিন৷ যান–বাহন ক্রয় কৰিব পাৰে৷ সন্তানৰ কৃতিত্বত আনন্দিত হ’ব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷

বৃষ : ব্যৱসায়ত উন্নতিৰ যোগ৷ বিদ্যার্থীৰ আশা পূৰণ হ’ব পাৰে৷ প্রেমত ঘৰুৱা বাধা৷ কর্মক্ষেত্রত শুভ ফল পাব৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৪৷

মিথুন : চাকৰি পৰিৱর্তনৰ পৰিকল্পনা স্থগিত ৰাখক৷ ব্যৱসায়ত সফলতা অর্জন কৰিব৷ দূৰ ভ্রমণৰ সম্ভাৱনা৷ প্রেমত আন্তৰিকতা৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷

কর্কট : কর্মক্ষেত্রত আর্থিক লেনদেনত সাৱধান থাকিব৷ স্বামী–স্ত্রীৰ মাজত মতানৈক্যৰ সম্ভাৱনা৷ উচ্চ শিক্ষার্থে বিদেশ যাত্রাৰ সম্ভাৱনা৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ২৷

সিংহ : বিদ্যার্থীৰ আশা পূৰণ হ’ব পাৰে৷ যৌথ ব্যৱসায়ত আশানুৰূপ ফল নাপাব৷ আর্থিক সমস্যাই বিব্রত কৰিব৷ নিবনুৱাৰ কর্ম লাভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷

কন্যা : কর্মক্ষেত্রত দায়িত্ব বৃদ্ধি পাব৷ ভূমিৰ বিবাদৰ সন্তোষজনক সমাধান হ’ব পাৰে৷ প্রেমত অশান্তি৷ আর্থিক আশানুৰূপ ফল পাব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৮৷

তুলা : শাৰীৰিক দিশত অথন্তৰ অনুভৱ কৰিব৷ নতুন ব্যৱসায়ত সফলতা লাভ৷ গতানুগতিক কামত বেছি বাধা নাই৷ বিবাহৰ ক্ষেত্রত বাধা আঁতৰিব৷ শুভ ৰং পাতল হালধীয়া৷ শুভ সংখ্যা ৬৷

বৃশ্চিক : আয়–উপার্জনৰ ক্ষেত্রত বাধা আঁতৰিব৷ বিদ্যাত বেয়া নাযায়৷ ব্যৱসায়ত মধ্যম উন্নতি৷ প্রেম–প্রণয়ত সুখ বৃদ্ধি পাব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৯৷

ধনু : আর্থিকত পোৱা কষ্টৰ কিছু হ’লেও লাঘৱ হ’ব৷ বিদ্যাত মধ্যম৷ দাম্পত্যত চিন্তা থাকিব৷ ব্যৱসায়ত আয় বৃদ্ধি পাব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৯৷

মকৰ : বিদ্যার্থীৰ বাবে তেনে বাধা দেখা নাযায়৷ কর্মক্ষেত্রত সাৱধান থাকিব৷ দৈহিক ক্ষেত্রত শুভ ফল পাব৷ ঘৰুৱা মধ্যম৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷

কুম্ভ : আর্থিকত উন্নতিত বাধা৷ বিদ্যাত যত্নৰ ত্রুটি নকৰিব৷ শাৰীৰিক দিশত দুর্বলতা অনুভৱ হ’ব৷ চাকৰিয়ালৰ বাবে শুভ দিন৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৬৷

মীন : ব্যৱসায়ত মধ্যম ফল পাব৷ কর্মক্ষেত্রত জটিলতা কমিব৷ বিদ্যাত আশা দেখিলেও বাধা পাব৷ সন্তানৰ বাবে চিন্তা থাকিব৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৫৷

You might also like