নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ অক্টোবৰ, আহিন মাহৰ ২১ তাৰিখ
মঙলবাৰ : তিথি–শুক্লা পঞ্চমী, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : শুভ

মেষ : কর্মস্থানত শুভ৷ ৰাজনীতিৰ লগত জড়িত ব্যক্তিয়ে বলিষ্ঠ পদক্ষেপ ল’ব পাৰিব৷ পাৰিবাৰিক মধ্যম৷ বিদ্যাত শুভ৷ মেৰুণ শুভ ৰং৷ শুভ সংখ্যা ৩৷

বৃষ : মাটি–সম্পত্তি ক্রয় কৰিব পাৰিব৷ ব্যৱসায়ত মধ্যম৷ বিদ্যাত বাধাৰ সন্মুখীন হ’ব পাৰে৷ পৰিৱেশ অস্থিৰ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৬৷

মিথুন : মাটি–বাৰীৰ লেঠা শেষ হ’ব৷ পুৰণি ৰোগে কষ্ট দিব পাৰে৷ কর্মত মধ্যম৷ ৰাজনীতিত জড়িত ব্যক্তিৰ শুভ৷ ভ্রমণৰ যোগ৷ শুভ সংখ্যা ২৷ শুভ ৰং ৰূপালী৷

কর্কট : হতাশা দূৰ হ’ব৷ কর্মস্থানত সাৱধান হওক৷ বন্ধুৰ পৰা আঁতৰত থাকক৷ হাতলৈ ধনৰ আগমন হ’ব৷ প্রেমত মধ্যম৷ বগা শুভ ৰং৷ শুভ সংখ্যা ১৷

সিংহ : দৃঢ় মত পোষণ কৰি আনন্দিত হ’ব৷ কর্মত শুভ৷ পাৰিবাৰিকত কিছু সমস্যা থাকিব৷ শিৱৰ মন্ত্র স্মৰণ কৰক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৫৷

কন্যা : নতুন কর্মসংস্থাপনৰ বাট মুকলি হ’ব৷ প্রেমত জটিলতা হ’ব পাৰে৷ ওচৰ–চুবুৰীয়াৰ লগত মিলিজুলি থাকিব৷ বিদ্যাত মধ্যম৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৩৷

তুলা : বন্ধুৰ দ্বাৰা উপকৃত হ’ব৷ কর্ম আৰু আর্থিকত শুভ৷ সন্মান বৃদ্ধি৷ আনক সহায় কৰি আনন্দিত হ’ব৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ৮৷

বৃশ্চিক : কর্মস্থানত নীৰৱতা অৱলম্বন কৰক৷ পাৰিবাৰিকত উৎকণ্ঠা বৃদ্ধি৷ সামাজিক স্থিতি উন্নত৷ ব্যয় বৃদ্ধি৷ শুভ ৰং মাখন৷ শুভ সংখ্যা ৪৷

ধনু : বিদ্যাৰ প্রতি নজৰ দিব৷ শাৰীৰিক মধ্যম৷ মনৰ অস্থিৰতা দূৰ কৰক৷ বন্ধুৰ পৰা লাভ হ’ব৷ আর্থিকত শুভ৷ ব্যয় কম৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷

মকৰ : কোনো প্রভাৱশালী ব্যক্তিৰ পৰা পদোন্নতি হ’ব৷ শৰীৰৰ প্রতি যত্ন ৰাখক৷ আঁকোৰগোজ মনোভাব নাৰাখিব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৭৷

কুম্ভ : কর্মস্থানত ব্যস্ততা বাঢ়িব৷ সন্মান বৃদ্ধি৷ মাটি, গাড়ী ক্রয় কৰিব পাৰিব৷ মানসিক চিন্তাৰ পৰা আঁতৰত থাকক৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৬৷

মীন : অর্থ লাভ৷ কর্মত মধ্যম৷ মনৰ দৃঢ়তা ৰাখক৷ ধর্মস্থান ভ্রমণ কৰিব পাৰিব৷ বিদ্যাত শুভ৷ পাৰিবাৰিক মধ্যম৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷

You might also like