নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৯ অক্টোবৰ, আহিন মাহৰ ২২ তাৰিখ
বুধবাৰ : তিথি–শুক্লা ষষ্ঠী, নক্ষত্র : মূলা, যাত্রা : শুভ

মেষ : মহাষষ্ঠী পূজা অর্থাৎ বিশ্বষষ্ঠী পূজা৷ দিনটো মধ্যম। ষষ্ঠী পূজাৰ সময়ছোৱাত ক’লা বস্ত্র পৰিধান নকৰিব৷ নিৰামিষ আহাৰ গ্রহণ কৰিব৷ নিম তিতা আৰু তাল নাখাব৷

বৃষ : ষষ্ঠী পূজা উপলক্ষে মাংগলিক কলগছৰ পুলি ধর্মস্থানত দান দিব৷ নিৰামিষ আহাৰ গ্রহণ কৰিব৷ টেঙা আৰু তিতা খাদ্য বর্জন কৰিব৷ ৫ গছি ঘিউৰ চাকি প্রজ্বলন কৰিব৷

মিথুন : দিনটো আনন্দত কটাব৷ ব্যস্ততা থাকিব৷ দুর্গাদেৱীৰ উদ্দেশ্যে ঘিউৰ চাকি জ্বলাব৷ ষষ্ঠীপূজাস্থলীত অৱশ্যে উপস্থিত থাকিব৷

কর্কট : এই তিথিক বিশ্বষষ্ঠী কোৱা হয়৷ আজি তিতা নিষিদ্ধ৷ তালো নিষিদ্ধ৷ বিশ্বষষ্ঠী পূজা চলি থকা সময়ত ক’লা ৰঙৰ বস্ত্র পৰিধান নকৰিব৷

সিংহ : বিশ্বষষ্ঠী উপলক্ষে দিনটো উপবাসে থকা ভাল হ’ব৷ ষষ্ঠীপূজাৰ পিছত খাদ্য গ্রহণ কৰিব৷

কন্যা : আজি মহাষষ্ঠী৷ এই ষষ্ঠীক বিশ্বষষ্ঠী বুলি কোৱা হয়৷ আজিৰ দিনটো মধ্যম৷ যদিও মনত আনন্দ থাকিব৷ ষষ্ঠীপূজাৰ সময়ছোৱাত ক’লা বস্ত্র পৰিধান নকৰিব৷ আজি নিম তিতা আৰু তাল ভক্ষণ নকৰিব৷ কমলা ৰং শুভ৷

তুলা : আজি ষষ্ঠী৷ কোনো সংবাদে আনন্দ দিব৷ খৰচো বৃদ্ধি হ’ব৷ আজি সন্ধিয়া ৫ গছি ঘিউৰ চাকি মহাষষ্ঠী উপলক্ষে ঘৰত প্রজ্বলন কৰিব৷ সেউজীয়া নাইবা ৰঙা আজিৰ শুভ ৰং৷ জবা ফুল আৰু চন্দন দেৱীৰ চৰণত অর্পণ কৰিব৷ মাটিমাহ আৰু তিতা নাখাব৷

বৃশ্চিক : ষষ্ঠী তিথি উপলক্ষে পূজাত উপস্থিত থাকিব আৰু তিতা নাখাব৷ নিৰামিষ আহাৰ গ্রহণ কৰিব৷

ধনু : পুৱা দেৱীৰ মন্দিৰত ৰঙা ফুল দান দিব৷ ঘৰত ৫গছি চাকি জ্বলাব৷ ষষ্ঠীপূজা উপলক্ষে মাতৃস্থানীয় মহিলাক মিঠা বস্তু খাবলৈ দিব৷

মকৰ : ষষ্ঠীপূজা উপলক্ষে ঘৰত মাংগলিক আল্পনা আঁকিব৷ ৰঙা বস্ত্র পৰিধান কৰি পূজাস্থলীত থাকিব৷ নিৰামিষ আহাৰ খাব৷

কুম্ভ : মহাষষ্ঠী পূজাত যোগদান কৰিব৷ কিন্তু অনুষ্ঠানত ক’লা বা মটীয়া ৰঙৰ বস্ত্র বর্জন কৰিব৷ ধূপ–চাকিৰে আৰতি কৰিব৷

মীন : মহাষষ্ঠী পূজাৰ দিনা ঘৰত জলপূর্ণ মংগল ঘট স্থাপন কৰা ভাল৷ ষষ্ঠীপূজাৰ সময়ত নীলা আৰু ক’লা বস্ত্র বর্জন কৰিব৷

You might also like