নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৮ অক্টোবৰ, কাতি মাহৰ ১ তাৰিখ
শুকুৰবাৰ : তিথি–শুক্লা কৃষ্ণ প্রতিপদ, নক্ষত্র : অশ্বিনী, যাত্রা : নাই

মেষ : ক’ৰবালৈ যাত্রা কৰিবলৈ হ’লে দিনৰ ১২ বজাৰ পিছত যাত্রা কৰিব৷ যাত্রাৰ সময়ত হালধীয়া ৰঙৰ বস্ত্র পৰিধান কৰিব৷ দাম্পত্যত মধ্যম৷ শুভ ৰং হালধীয়া, সংখ্যা ৫৷

বৃষ : কর্মক্ষেত্রত জটিলতা আছে৷ আর্থিকত মধ্যম৷ ভ্রমণ বা যাত্রা নকৰাই ভাল৷ বিদ্যাত মধ্যম৷ প্রেমত শুভ৷ শুভ ৰং নীলা, সংখ্যা ৫৷

মিথুন : অন্য দিনৰ তুলনাত আজিৰ দিনটো শুভ৷ সহযোগী আৰু বন্ধুৰ পৰা আনন্দ লাভ৷ পৈতৃক সম্পত্তি লাভৰ কাৰকতা আছে৷ শুভ ৰং বগা, সংখ্যা ৫৷

কর্কট : দিনৰ প্রথম ভাগত ভ্রমণ কৰিব পাৰে৷ ব্যৱসায়ত ভাল আৰু নতুন কোনো সুযোগ লাভ কৰিব পাৰে৷ বিদ্যাত মধ্যম৷ শুভ ৰং সেউজীয়া, সংখ্যা ৬৷

সিংহ : কর্মত সফলতা পোৱাৰ বাবে কঠোৰ পৰিশ্রম কৰিব৷ আর্থিক সমস্যা আছে৷ সামাজিক শুভ৷ সন্তানৰ শুভ৷ শুভ ৰং ৰঙা, সংখ্যা ৭৷

কন্যা : দাম্পত্যত মতানৈক্য জটিল হোৱাৰ আশংকা দেখা যায়৷ দিনটোত খং দমন কৰিলে শুভ ফলদায়ক হ’ব৷ আর্থিক মধ্যম৷ শুভ ৰং ৰঙা, সংখ্যা ৪৷

তুলা : কর্মক্ষেত্রত উন্নতিৰ যোগ বিদ্যমান৷ আয় বৃদ্ধিৰ কাৰকতা আছে৷ সন্তানৰ কর্মলাভৰ যোগ৷ কোনো সমস্যা সমাধান আশা কৰা যায়৷ শুভ ৰং ৰঙা, সংখ্যা ২৷

বৃশ্চিক : বিদ্যার্থীৰ শুভ৷ ব্যৱসায়ত প্রচুৰ শ্রমৰ আৱশ্যক আছে৷ দিনটোত বিশেষ প্রয়োজন থাকিলেহে ভ্রমণ কৰিব৷ শুভ ৰং নীলা, সংখ্যা ৩৷

ধনু : কোনো পুৰাতন ৰোগৰ উপশম হোৱাৰ কাৰকতা দেখা যায়৷ কর্মস্থানত যোগ্যতা বজাই থাকিব আৰু সামাজিক কর্মত শুভ ফল৷ শুভ ৰং কমলা, সংখ্যা ২৷

মকৰ : আর্থিকত শুভ ভাব বজাই ৰাখিব৷ বিদ্যার্থী আৰু কর্মপ্রার্থীৰ ভাল দেখা যাব৷ ভ্রমণত বাধা হ’ব পাৰে৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৯৷

কুম্ভ : পাৰিবাৰিক শুভ৷ ব্যৱসায়ত ভাল৷ খৰচ বৃদ্ধি হ’ব পাৰে৷ শৰীৰৰ প্রতি নজৰ দিয়া ভাল৷ মাতৃৰ আৰোগ্য লাভ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৮৷

মীন : দিনটোত প্রেম–প্রণয়ৰ ক্ষেত্রত ভাল দেখা নাযায়৷ আর্থিক আদান–প্রদান সতর্কভাৱে কৰিব৷ বিদ্যাত বাধা আছে৷ শুভ ৰং বেঙুনীয়া, সংখ্যা ৭৷

You might also like