নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৯ অক্টোবৰ, কাতি মাহৰ ২ তাৰিখ
শনিবাৰ : তিথি–কৃষ্ণ দ্বিতীয়া, নক্ষত্র : ভৰণী, যাত্রা : শুভ

মেষ : ব্যৱসায়–বাণিজ্য আৰু কর্মত উন্নতিৰ কাৰক৷ আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব৷ অন্য লোকক আগত দিয়া পইচা আজি ঘূৰাই পাব পাৰে৷ শুভ ৰং কেশৰী, শুভ সংখ্যা ৩৷

বৃষ : আজি শাৰীৰিক, মানসিক কিছু অশান্তি হ’ব পাৰে৷ ঘৰৰ বাহিৰত ওলোৱাৰ আগত সদায় কেশৰ অথবা হালধিৰ তিলক কপালত লগালে আপোনাৰ আর্থিক পক্ষ লাভজনক হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷

মিথুন : বেপাৰ–বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা৷ অচিনাকি ব্যক্তিক বিশ্বাস কৰি কোনো কাম নকৰিব, বিপদ হ’ব পাৰে৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ১৷

কর্কট : আজিৰ দিনটো আপোনাৰ শুভ৷ শিক্ষার্থীসকলৰ বাবে ভাল৷ ব্যৱসায়ত ধৈর্যহীনতাৰ বাবে ক্ষতি হোৱাৰ আশংকা৷ ঘৰুৱা অশান্তি বাঢ়িব পাৰে৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ৪৷

সিংহ : প্রেম আৰু পাৰিবাৰিকত শুভ কাৰক৷ শিক্ষার্থীৰ শুভ৷ আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্রায় লৈ থাকিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷

কন্যা : আজি সন্তানৰ পৰা আর্থিক লাভ হোৱাৰ আশা আছে৷ কর্মক্ষেত্রত আৰু বাণিজ্যিক দিশত উন্নতিৰ যোগ৷ মনৰ অশান্তি হ’ব পাৰে৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ১৷

তুলা : উন্নত দিনৰ অনুমান৷ ৰুক্ষ চিন্তা অত্যধিক হ’লেও আয়ত্তত থাকিব৷ কোনোৱে প্রৱঞ্চকৰ কবলত পৰাৰ সম্ভাৱনা৷ ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷

বৃশ্চিক : এটা সুখ-শান্তিৰে ভৰা পাৰিবাৰিক জীৱন লাভৰ বাবে এক সুলভ পৰিমাণৰ কেশৰ থোৱা বস্তু ব্যৱহাৰ কৰিব৷ জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫৷

ধনু : ভঙা-পতা কৰি ভাল পাব৷ পুৰণি পৰিৱেশৰ প্রতি মন কৰিব পাৰে৷ ভ্রমণত সংযম হওক৷ স্বাস্থ্যৰ প্রতি অলপ মন কৰক৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

মকৰ : আপোনাৰ উচ্চ বৌদ্ধিক ক্ষমতা আপোনাৰ অক্ষমতাৰ লগত যুঁজ কৰাত সহায় কৰিব৷ প্রেমৰ দিশেদি চাবলৈ গ’লে আজিৰ দিনটো অলপ কষ্টকৰ হ’ব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

কুম্ভ : ধনৰ আগমনে আপোনাক বহুত আর্থিক সকাহ দিব৷ কোনোৱে বাস্তৱ ক্ষেত্রত খোজ পেলাই উপকৃত হ’ব৷ সহজতে যি কৰো বুলি থিৰাং কৰিছিল তাক সম্পূর্ণ কৰাত বাধা পাব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯৷

মীন : ঘৰুৱা সমস্যাই আপোনাক মানসিক অশান্তি দিব পাৰে৷ আর্থিক দিশত আপোনাৰ উন্নতি হ’ব৷ বিপদ এটাৰ সন্মুখীন হোৱাৰ পিছত আপোনাৰ অনুভৱ হ’ব যে ভাল বন্ধুৰ এই জীৱনত বহুত দৰকাৰ৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷

You might also like