নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৪ অক্টোবৰ, কাতি মাহৰ ৭ তাৰিখ
বৃহস্পতিবাৰ : তিথি–সপ্তমী, নক্ষত্র : পুনর্বসু, যাত্রা : শুভ

মেষ : স্বাস্থ্যৰ বাবে আজিৰ দিনটো ভাল৷ বহু বেছি মানসিক হেঁচা আৰু ভাগৰ আপোনাৰ অসুবিধাৰ কাৰণ হ’ব পাৰে৷ ব্যৱসায় বা কর্মক্ষেত্রত অশান্তি হ’ব পাৰে৷ ঘৰৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে৷ শুভ ৰং সেউজীয়া, সংখ্যা ৫৷

বৃষ : মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণসমূহ সমাধানৰ কৰক৷ আর্থিক পৰিস্থিতিৰ উন্নতি হ’ব পাৰে৷ শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্রত অশান্তি থাকিব৷ সংখ্যাতত্ত্বৰ মতে ক্ষতি কাৰক৷ শুভ ৰং মটীয়া, শুভ সংখ্যা ৪৷

মিথুন : মানসিক, প্রেম–প্রীতি আৰু সাংসাৰিকত দুশ্চিন্তাৰ কাৰক৷ আপুনি নিজে ভাল আৰু আত্মবিশ্বাসী কৰি গঢ়ি তুলিব পাৰিব৷ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১৷

কর্কট : আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব৷ তেল আৰু মছলাযুক্ত খাদ্য গ্রহণৰ পৰা বিৰত থাকক৷ সাহিত্যিক, শিল্পী, খেলুৱৈয়ে নতুন উন্নতিমূলক কর্মত নিয়োজিত হ’ব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৩৷

সিংহ : দুখৰ সময়ত বন্ধুৰ পৰা সহায় পাব৷ আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পূর্ণ সম্ভাৱনা আছে৷ ব্যৱসায় আৰু কর্মক্ষেত্রত লাভৰ যোগ৷ শিক্ষার্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্রত কিছু অশান্তি হ’ব পাৰে৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷

কন্যা : মানসিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাও লোৱা উচিত, তেতিয়াহে সর্বাংগীণ বিকাশ সম্ভৱ৷ শাৰীৰিক কষ্টৰ বাবে ব্যৱসায়ত সময় নষ্ট হ’ব পাৰে৷ শিক্ষার্থীৰ শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫৷

তুলা : মধ্যম ফল৷ এই অসীমিত পৰিমাণক আজি ভাল কামত খটুৱাওক। আর্থিকত পোৱা কষ্টৰ কিছু হ’লেও লাঘৱ হ’ব৷ দাম্পত্যত চিন্তা৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৪৷

বৃশ্চিক : যিবোৰ মানুহ দীর্ঘদিনীয়া অর্থ সংকটত ভুগি আছিল তেওঁলোকৰ ধন প্রাপ্তিৰ সম্ভাৱনা আছে, যাৰ ফলত বহুখিনি অসুবিধা দূৰ হ’ব৷ বৈবাহিক জীৱনৰ দিশেৰে চালে বহুত বস্তু আজি ভালে যাব৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷

ধনু : আর্থিক দিশত ভাল চলি থকা বাবে আপুনি জৰুৰী বস্তুবোৰ কিনাত সহজ হ’ব৷ মনত অত্যন্ত কুটিল প্রশ্ণই তোলপাৰ লগাব পাৰে৷ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷

মকৰ : যিকোনো কাম আৰম্ভ কৰাৰ বাবে আজি দিনটো বেছি ভাল নহয়৷ শিক্ষার্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব পাৰে৷ সাহিত্যিক, শিল্পী, খেলুৱৈয়ে নতুন উন্নতিমূলক কর্মত নিয়োজিত হ’ব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৬৷

কুম্ভ : পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক৷ নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰাৰ বাবে আজি শুভ আৰু ভাল দিন৷ শুভ ৰং মটিয়া৷ শুভ সংখ্যা ৮৷

মীন : অশান্তিৰ পৰা সাৱধান থকা দৰকাৰ৷ সন্তানৰ দ্বাৰা অর্থ হানি হ’ব পাৰে৷ অচিনাকি লোকৰ পৰা দূৰত থাকিব৷ স্বাস্থ্যৰ প্রতি অলপ মনোযোগ দিয়া দৰকাৰ৷ শুভ ৰং সুমথিৰা আৰু সোণালী৷ শুভ সংখ্যা ১৷

You might also like