নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৫ অক্টোবৰ, কাতি মাহৰ ৮ তাৰিখ
শুকুৰবাৰ : তিথি–কৃষ্ণা অষ্টমী, নক্ষত্র : পুষ্যা, যাত্রা : নাই

মেষ : যিকোনো কামকে ভাবি–চিন্তি কৰক৷ বাঞ্ছিত ফল লাভত বাধা পাব৷ ঘৰুৱা সিদ্ধান্ত লোৱাত গুৰুজনাৰ লগত আলোচনা কৰক৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২৷

বৃষ : অন্তৰংগ বন্ধু–বান্ধৱীৰ লগত আনন্দ৷ অধিক কর্মবোজা পৰিলেও কিছু নিয়ন্ত্রণ কৰক৷ ব্যৱসায়ত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷

মিথুন : আর্থিকত বেয়া দেখা নাযায়৷ সাধাৰণ খৰচ–পাতি অৱশ্যে বৃদ্ধি হোৱাৰ সম্ভাৱনা৷ যোগ্যতাৰ পুৰস্কাৰ পাব৷ প্রেম–প্রীতিত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷

কর্কট : কর্মক্ষেত্রত নিজৰ দায়িত্ব সম্পর্কে সচেতন হওক৷ খৰচ বৃদ্ধি পাব৷ দাম্পত্যত মোটামুটি সুখৰ কাৰক৷ উদ্বিগ্ণতা সমাধানৰ উৎস৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ১৷

সিংহ : নতুন আশাৰে আনৰ লগত কথা পাতি সুখ পাব৷ আর্থিক দিশত ধন হানি হোৱাৰ যোগ৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷

কন্যা : মজলীয়াভাৱে দিনটো পাৰ হ’ব৷ ভ্রমণাদিত আর্থিক হানিৰ যোগ৷ আলহীৰ আগমন৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪৷

তুলা : পৰাপক্ষত কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিলে দিনটোত উন্নত ফল পাব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৭৷

বৃশ্চিক : ওলোটা ভাবে আপোনাক আমনি দিব অথবা কর্মত ব্যাঘাত আনিব৷ আনৰ কথাত বেছি প্রাধান্য নিদিব৷ বিদ্যাত শুভ৷ দাম্পত্যত বিৰোধ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১৷

ধনু : অকাৰণ বা কাৰণতেই হওক কোনোৰ লগত মতবিৰোধ হোৱাৰ আশংকা৷ লেনদেনত সাৱধান থাকক৷ শৰীৰ ভালেই বুলিব পাৰি৷ ঘৰুৱা দিশত দুশ্চিন্তা নাই৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷

মকৰ : দিনটোত অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক৷ নতুন কোনো যোগাযোগত উৎসাহিত৷ শৰীৰত পুৰণি বেমাৰে আমনি কৰিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

কুম্ভ : মজলীয়া হ’লেও উন্নত৷ দূৰ যোগাযোগত বাধাপ্রাপ্ত৷ পেটৰ অসুখৰ কাৰক৷ বিদ্যাত নিৰাশ নহ’ব৷ ব্যৱসায়ত ঋণৰ কাৰকতা৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷

মীন : আর্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা৷ কর্মক্ষেত্রত সৰু–সুৰা বাধাৰ মাজেদি অগ্রসৰ হ’ব লাগিব৷ বিদ্যাত মধ্যম৷ প্রেমত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

You might also like