নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৭ নৱেম্বৰ, কাতি মাহৰ ২১ তাৰিখ
বৃহস্পতিবাৰ : তিথি–শুক্লাষষ্ঠী, নক্ষত্র : পূর্বাষাঢ়া, যাত্রা : নাই

মেষ : কোনো কাৰণত কিবা ভাবৰ উদয় হ’ব পাৰে৷ উপর্যুপৰি চেষ্টাৰ দ্বাৰাও নিৰাশ হোৱাৰ ইও এটা কাৰণ হ’ব পাৰে৷ আজি শৰীৰো বৰ উন্নত নাযাব৷ বিদ্যাত অৱশ্যে বাধা কম৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭৷

বৃষ : সহজাত–সুবুদ্ধি আৰু কার্যদক্ষতা কামত ব্যৱহাৰ কৰক৷ কিন্তু প্রায় কামতে আপোনাৰ যেন অনাৱশ্যক মন্থৰ হ’ব৷ ভাই–ভনীৰ পৰা অৱশ্যে ভালেই দেখা যায়৷ শৰীৰৰ দুর্বলতা থাকিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৫৷

মিথুন : মনোবল বৃদ্ধি পাব৷ ভ্রমণতো বেছি বাধা নাপাব৷ হাতলৈ ধন অহাৰ সুযোগ পাব৷ প্রেম–প্রীতিত সংগ সুখ দেখা যায়৷ শৰীৰৰ মধ্যম৷ দাম্পত্যতো শুভ৷ কর্ম তৎপৰ হোৱাৰ যত্ন কৰক৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷

কর্কট : সাধাৰণ ধন উপার্জন৷ কোনো কাৰণত লেঠা ছিগা টান হ’ব৷ অৱশ্যে গুৰুৰ সহযোগত কিছু মানসিক দিশত উপকৃত হ’ব৷ বিদ্যাতো শুভ প্রভাৱ নাই যদিও চেষ্টাৰ ফল পাব৷ প্রিয় লোকৰ কথাত কিছু সন্দেহ দেখা যায়৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷

সিংহ : আর্থিক উপায়ৰ কথাই কোনোৰ মনত বাৰে বাৰে চাপ দিব৷ অভাৱ–অনাটনতকৈ নিজৰ ভৱিষ্যতৰ বাবে বেছি ভাব প্রৱণতাই ৰুক্ষ অৱস্থালৈ ৰূপান্তৰিত যাতে নহয় সাৱধান থাকক৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৪৷

কন্যা : কর্মাদিত মন দিয়াৰ যত্ন কৰক৷ আর্থিকত বাধা থাকিব যদিও বেছি ভবা–গুণা কৰাৰ প্রয়োজন নাই বুলি ধৰিব৷ দাম্পত্যত মধ্যম৷ দুষ্ট লোকৰ পৰা আর্থিক ক্ষতি যাতে নহয় লক্ষ্য ৰাখক৷ শুভ ৰং নীলা, শুভ সংখ্যা ৬৷

তুলা : কর্তব্যত জটিলতা পূর্বৰ দিনৰ তুলনাত কম৷ নিজৰ ধৈর্য আৰু বুদ্ধিৰ বলত উপকৃত হ’ব৷ অনাহকত সময় অপব্যয়ৰ মুহূর্তৰ বাবে সাৱধান হওক৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ৮৷

বৃশ্চিক : টকা–পইচা লেনদেনত যাতে ভ্রম নহয়৷ অর্থকষ্টৰ কথা বাৰে বাৰে মনলৈ অহাৰ পিছত কিছু আশাপ্রদ সঁহাৰি লাভ৷ শাৰীৰিক উদ্বেগৰ মাজতো কোনো সৎ কামত প্রেৰণা পাব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৯৷

ধনু : মান–মর্যাদা বাঢ়িব৷ আনহাতে, ঘৰুৱা দিশত সম্পূর্ণ মন দিয়াত খেলি–মেলি থাকিব৷ তথাপি আজি কোনো কামত নিষ্ঠাৰ প্রমাণ লাভ কৰিব৷ বিদ্যাত সুযোগ নিজে ল’ব লাগিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷

মকৰ : বিশেষ দুশ্চিন্তা থাকিব৷ তথাপি ভাবি–চিন্তি কামত আগুৱাওক। বিদ্যাত অনুকূল৷ জ্ঞাতি–কুটুম্বৰ পৰা উপকৃত উপদেশ৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৮৷

কুম্ভ : প্রাথমিকতে অলপ অসুবিধা বা নিঃসংগতা অনুভৱ কৰিব পাৰে৷ পিছলৈ উন্নত৷ কোনো চিন্তাৰ পৰা মুক্ত হোৱাৰ কাৰক৷ অর্থ ক্ষতিৰ বিশেষ প্রয়োজনসাপেক্ষে বুলি ধৰিব পাৰে৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১০৷

মীন : বিদ্যা–বুদ্ধিৰ ক্ষেত্রত আপোনাৰ খুব অনুকূল নহ’লেও দুশ্চিন্তা নাই৷ শেষৰ ফালে কোনো অনাহূত বিষয়ত অপ্রস্তুত হ’বও পাৰে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷

You might also like