নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৫ নৱেম্বৰ, কাতি মাহৰ ২৯ তাৰিখ
শুকুৰবাৰ : তিথি–শুক্লা পূর্ণিমা, নক্ষত্র : ভৰণী যাত্রা : নাই

মেষ : এটাৰ পিছত এটা আহুকাল এৰাব পৰা টান৷ তাৰ ভিতৰত আগৰ আহুকালেও দায়ী হ’ব৷ শুভ ৰং মটিয়া, শুভ সংখ্যা ৮৷

বৃষ : মধ্যম ফল৷ কোনো বন্ধুৰ পৰা কিছু সহায় লাভ কৰিব৷ বিদ্যাত জটিল চিন্তা এৰাব পাৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷

মিথুন : শাৰীৰিক অথন্তৰ অনুভৱ কৰিবও পাৰে৷ বিশেষকৈ দুর্বল আৰু বয়সস্কসকলে৷ বিদ্যাত যত্নৰ ত্রুটি নকৰিব৷ আর্থিক উন্নতিত বাধা৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯৷

কর্কট : বল প্রয়োগ কৰাৰ মানসিকতা জাগ্রত হ’ব পাৰে৷ কিন্তু তাতো বৰ সফল নহ’ব৷ সন্তানৰ চিন্তা থাকিব৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ২৷

সিংহ : দৃঢ়মত পোষণ কৰিলে সুখী হ’ব৷ বিৰক্তি আৰু কিছুমান বাঞ্ছিত কর্ম কৰিবলগীয়া সংযোগ পিছুৱাই পৰাত উদ্বিগ্ণতা থাকিব৷ শুভ ৰং পাতল হালধীয়া, শুভ সংখ্যা ১৷

কন্যা : মাংগলিক কিবা কাম কৰোঁ বুলি ভাবিছে যদি দিনৰ ২–৫ৰ ভিতৰত শুভ৷ উদগ্রীৱ হৈ ৰৈ থকা কার্যত উন্নতি৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৫৷

তুলা : পৰিৱেশত অস্থিৰতা থাকিব পাৰে৷ মনৰ দৃঢ়তা ৰাখক সকলো নিয়ন্ত্রণক্ষম হ’ব৷ শৰীৰ সম্পর্কেও দুশ্চিন্তা নাই৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷

বৃশ্চিক : কিছুমান পুৰণি চেষ্টাৰ সুফল দেখিব৷ বন্ধু–বান্ধৱৰ পৰা উৎসাহ৷ দিনৰ ১১.৩০ বজাৰ পৰা এনে সংযোগ দেখা যায়৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷

ধনু : কোনো সম্পদৰ প্রতি নজৰ ৰাখক৷ হাতৰ পৰা যাতে সুযোগ সৰকি নাযায় সাৱধান হওক৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷

মকৰ : আর্থিকত পোৱা কষ্টৰ কিছু হ’লেও লাঘৱ হ’ব৷ কোনো প্রশংসনীয় বিষয় বা তেনে লোকৰ লগত সু–সম্বন্ধ গঢ়িব পাৰে৷ বিদ্যাত মধ্যম৷ শুভ ৰং কমলা, শুভ সংখ্যা ৪৷

কুম্ভ : মনত অত্যন্ত কুটিল প্রশ্ণই তোলাপাৰ লগাব পাৰে৷ অৱশ্যে তাৰ বেছিভাগেই অমূলক বুলি প্রমাণিত হ’ব৷ দাম্পত্যত চিন্তা৷ শুভ ৰং বগা, সংখ্যা ৩৷

মীন : মজলীয়া হ’লেও শুভ প্রভাৱৰ সংখ্যা বৃদ্ধি৷ বিদ্যার্থীৰ বাবে তেনে বাধা দেখা নাযায়৷ দুপৰীয়াৰ পৰা সাৱধান হওক৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৬৷

You might also like