আজি ১৬ নৱেম্বৰ, কাতি মাহৰ ৩০ তাৰিখ
শনিবাৰ : তিথি–কৃষ্ণা প্রতিপদ, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই
মেষ : আর্থিক উন্নতিৰ কাৰক৷ বিদ্যাত জটিলতা নাপাব৷ পুৱাৰ ভাগত সাৱধানেৰে মত বিনিময় আদি কৰক৷ ঘৰুৱা বাধা কম৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪।
বৃষ : মনোবল থাকিব৷ কর্মত উৎসাহ থকাত আপোনাৰ প্রায়বোৰ কামতে খুঁত নাথাকিব৷ শৰীৰ খুব বেয়া বুলিব নোৱাৰি৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ২৷
মিথুন : প্রায় দিশতে মনটো মুকলি লাগিব৷ শিল্পসুলভতা বৃদ্ধি পাব৷ কোনো নতুন দায়িত্বত দক্ষতা দেখুৱাব৷ ভ্রমণত পিছে সাৱধান হওক৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭৷
কর্কট : দুই–এটা বাধাৰ মাজেৰে দিনটো অগ্রগতি কৰিব৷ ঘৰুৱা দিশত ইটো–সিটো থাকিব৷ শৰীৰ সম্পর্কে সাৱধান থাকক৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৫৷
সিংহ : উন্নত পৰিৱেশ৷ বিভিন্ন যোগাযোগ আদিত আনন্দ পাব৷ ভ্রমণাদিত বিশেষ অসুবিধা নাপায়৷ সন্তানৰ সুখ৷ বিদ্যাত অনুকূল৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
কন্যা : খুব উন্নত পৰিৱেশ নহ’ব৷ ধর্মীয় অনুষ্ঠান আদিত আনন্দিত হ’ব৷ বন্ধু–বান্ধৱৰ শুভ৷ দাম্পত্যত চিন্তা৷ বিদ্যার্থীৰ মধ্যম৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯৷
তুলা : আর্থিক দিশত টানত পৰিলেও কোনো সৎ বন্ধু বা তেনে উৎসৰ পৰা উপকৃত হ’ব৷ বিদ্যাত বাধা কম৷ দাম্পত্যত শুভ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪৷
বৃশ্চিক : হাই–কাজিয়াৰ সূত্রপাত যেন পালে সেই স্থান ত্যাগ কৰক অথবা কাজিয়া বঢ়াই নলৈ ক্ষিপ্র অৱস্থাক নিয়ন্ত্রণ কৰক৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ৩৷
ধনু : নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা অব্যাহত ৰাখক৷ ঘৰুৱা কথাৰ বাবে মন বেয়া হ’লেও সহজ হ’ব পাৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷
মকৰ : শৰীৰ খুব ভালেৰে নাযাব৷ ব্যয়ৰ কাৰক৷ উৎকণ্ঠাৰ পৰা কিছু সকাহ পাব যদিও সম্পূর্ণ সন্দেহমুক্ত নহ’ব৷ শুভ ৰং পাতল ক’লা, শুভ সংখ্যা ৬৷
কুম্ভ : শৰীৰো ভালদৰে পাৰ হ’ব৷ ভ্রমণৰ দ্বাৰা লাভ হ’লেও সাৱধান হওক৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷
মীন : কষ্টদায়ক হ’ব পাৰে বুলি হাতত লোৱা কাম স্থগিত নৰখাই উচিত হ’ব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷