নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৯ নৱেম্বৰ, আঘোণ মাহৰ ৩ তাৰিখ
মঙলবাৰ : তিথি–কৃষ্ণা চতুর্থী, নক্ষত্র : আর্দ্রা, যাত্রা : নাই

মেষ : ঘৰত আলহীৰ আগমনৰ ফলত মনলৈ আনন্দ আহিব৷ ব্যৱসায়-বাণিজ্যত শুভ যদিও আর্থিক ক্ষেত্রত মাধ্যম৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৮৷

বৃষ : গধুৰ কাম–কাজৰ পৰা বিৰত থকাই ভাল, দুর্ঘটনা, ৰক্তপাত আদিৰ যোগ দৃঢ় হয়, গতিকে যিকোনো ধৰণৰ ড্রাইভিং এৰাই চলাই ভাল হ’ব। শুভ ৰং বগা, সংখ্যা ২৷

মিথুন : যোগ্যতা থকা সত্ত্বেও যোগ্যতাৰ সন্মান নাপাব। মনত দুর্বলতা প্রকাশ পাব৷ চলা-ফুৰাত সতর্ক থাকিব৷ শুভ ৰং সোণালী, সংখ্যা ৭৷

কর্কট : নতুন কামৰ প্রতি আগ্রহ বৃদ্ধি পাব। আকস্মিক দুর্ঘটনাৰ যোগ। প্রেমত শুভ। শুভ ৰং বগা, সংখ্যা ৩৷

সিংহ : এই ৰাশিৰ জাতক–জাতিকাই আজিৰ দিনটো শনি আৰু হনুমান মন্দিৰত ধূপ–বন্তি প্রদান কৰক৷ যিকোনো যান–বাহনৰ পৰা সতর্ক থাকিব৷ শুভ সংখ্যা ১৷ শুভ ৰং ছিলভাৰ৷

কন্যা : আজিৰ দিনটোত আর্থিক লেনদেন নকৰিব৷ বিদ্যার্থীসকলৰ বাবে দিনটো শুভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷

তুলা : শাৰীৰিক দিশত মাধ্যম ফল। কর্মস্থান চাকৰিৰ ক্ষেত্রত দিনটো শুভ। কথা-বতৰাত সাৱধান থাকিব, সফলতা লাভ কৰিব৷ শুভ ৰং ক’লা, সংখ্যা ৯৷

বৃশ্চিক : এই ৰাশিৰ জাতক–জাতিকাই শৰীৰৰ প্রতি সতর্ক থাকিব। টকা-পইচাৰ কাৰণে কর্মৰ ক্ষেত্রত বাধা। শুভ ৰং নীলা, শুভ সংখ্যা ৭৷

ধনু : পাৰিবাৰিক সমস্যাৰ কাৰণে কর্ম আৰু আর্থিক ক্ষেত্রত বাধা৷ শৰীৰত আঘাত প্রাপ্তিৰ যোগ। জুইৰ পৰা সতর্ক থাকিব৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ৩৷

মকৰ : যোগ্যতা থকা সত্ত্বেও যোগ্যতাৰ সন্মান নাপাব। দেহ আৰু মনত দুর্বলতা প্রকাশ পাব৷ শুভ ৰং নীলা, সংখ্যা ৯৷

কুম্ভ : এই ৰাশিৰ জাতক–জাতিকাই নতুন কামত হাত নিদিব৷ অশুভ ৰাহুৰ প্রভাৱত শৰীৰৰ নিম্নাংশত আঘাত পাব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷

মীন : এই ৰাশিৰ বিদ্যার্থীসকলৰ বাবে দিনটো শুভ। ধূপ–বন্তিৰ লগতে ৰঙা ফুল দি হনুমান মন্দিৰত অর্পণ কৰিব৷ শুভ ৰং হালধীয়া, সংখ্যা ১৷

You might also like