নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ ফেব্রুৱাৰী, মাঘ মাহৰ ২৯ তাৰিখ
বুধবাৰ : তিথি–পূর্ণিমা, নক্ষত্র : অশ্লেষা, যাত্রা : মধ্যম

মেষঃ কর্মস্থানত মধ্যম৷ দূৰ ভ্রমণৰ যোগ৷ বিদ্যা–বুদ্ধিত শুভ৷ সন্তানক লৈ চিন্তা বাঢ়িব৷ শৰীৰত বিষ হ’ব পাৰে৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ২৷

বৃষঃ কর্মোন্নতিত আনৰ প্রভাৱ পৰিব পাৰে৷ বিখ্যাত লোকৰ সংগ পাব পাৰে৷ ভ্রমণ নকৰাই ভাল, শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷

মিথুনঃ পশ্চিম দিশত ভ্রমণত লাভৱান হ’ব৷ শত্রু নাশ হ’ব৷ গোপন তথ্যৰ সন্ধান পাব পাৰে৷ আর্থিক ব্যয়৷ শৰীৰ মধ্যম৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৪৷

কর্কটঃ কর্মস্থানত উচ্চপদস্থ ব্যক্তিৰ লগত সাক্ষাৎ হ’ব পাৰে৷ খৰচ বৃদ্ধিৰ সু–সংবাদ পাব৷ কিছু পৰিস্থিতিৰ লগত মোকাবিলা কৰিব লগা হ’ব পাৰে৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৭৷

সিংহঃ ধার্মিক দিশ প্রকাশ পাব৷ কর্মব্যস্ততা বাঢ়িব৷ শৰীৰ মধ্যম৷ আর্থিক চিন্তা বৃদ্ধি৷ বিষ্ণু ভগৱানক পূজা কৰিব৷ বগা শুভ ৰং৷ শুভ সংখ্যা ১৷

কন্যাঃ কোনো যোগাযোগৰ পৰা লাভৱান হ’ব পাৰে৷ কর্মস্থানত মধ্যম৷ শিং থকা জীৱ–জন্তুৰ পৰা সাৱধান হওক৷ প্রেমত কষ্ট৷ মাখন ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ৫৷

তুলাঃ লেখক–লেখিকাৰ সুনাম বৃদ্ধি৷ সততা ৰক্ষা পৰিব৷ শৰীৰ ভাল৷ কর্মব্যস্ততা বাঢ়িব৷ দাম্পত্যত শুভ৷ নতুন সংস্থাপন পাব পাৰে৷ ব্যয় বৃদ্ধি৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৪৷

বৃশ্চিকঃ যান–বাহনত কষ্ট হ’ব পাৰে৷ কর্মত মধ্যম৷ নিজৰ শক্তিক বিশ্বাস ৰাখক৷ ব্যয় বৃদ্ধি৷ হালধীয়া শুভ ৰং৷ শুভ সংখ্যা ৩৷

ধনুঃ কর্মক্ষেত্রত সন্মান বৃদ্ধি৷ মনত দুঃচিন্তা নানিব৷ খৰচৰ মাত্রা বৃদ্ধি৷ শৰীৰত পুৰণি বেমাৰে কষ্ট দিব পাৰে৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৮৷

মকৰঃ কর্মত জটিল হ’ব৷ বন্ধুৰ পৰা সাৱধান হওক৷ দুষ্ট লোকৰ পৰা সাৱধান হওক৷ বিদ্যাত শুভ৷ সোণালী ৰং শুভ৷ শুভ সংখ্যা ৩৷

কুম্ভঃ বাত বিষ হ’ব পাৰে৷ ব্যৱসায়–বাণিজ্যত শুভ৷ আনৰ ওপৰত ভৰসা নকৰিব৷ সমস্যা সমাধান হ’ব৷ আকাশী নীলা শুভ ৰং৷ শুভ সংখ্যা ৪৷

মীনঃ নতুন যোগাযোগৰ অনুকূল আশা৷ বিদ্যাত মধ্যম৷ আকস্মিক কোনো সুযোগৰ সম্ভাৱনা আছে৷ মেৰুণ শুভ ৰং৷ শুভ সংখ্যা ৬৷

You might also like