নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৯ ফেব্রুৱাৰী, ফাগুন মাহৰ ৬ তাৰিখ
বুধবাৰ : তিথি– কৃষ্ণা সপ্তমী, নক্ষত্র : স্বাতী, যাত্রা : শুভ

মেষঃ স্বাস্থ্যৰ অশান্তিৰ বাবে ব্যৱসায়ত অশান্তি হ’ব পাৰে৷ চাকৰিৰ স্থান সলনি হ’ব পাৰে৷ অর্শ জাতীয় ৰোগক লৈ চিন্তা হ’ব পাৰে৷ পঢ়া–শুনাৰ বাবে সুনাম বৃদ্ধি৷ শুভ ৰং মটীয়া৷ শুভ সংখ্যা ৪৷

বৃষঃ ব্যৱসায়ৰ দিশত লাভান্বিত হ’ব পাৰে৷ প্রেমৰ দিশত অশান্তি হ’ব পাৰে৷ ঘৰত খৰচ বৃদ্ধিৰ বাবে স্ত্রীৰ লগত বিবাদ হ’ব পাৰে৷ অতিথি আহিব পাৰে৷ ভ্রমণৰ বাবে শুভ দিন৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৯৷

মিথুনঃ সন্তানৰ বাবে চিন্তা বৃদ্ধি৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে আজি শুভ দিন৷ প্রেমৰ বাবে ঘৰত অশান্তি হ’ব পাৰে৷ কর্মস্থানত কামৰ বৃদ্ধি হ’ব পাৰে৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৭৷

কর্কটঃ আর্থিক দিশত শুভ ফল৷ সন্তানৰ ভুলৰ কাৰণে সমাজৰ আগত লজ্জিত হ’ব পাৰে৷ মানসিকভাৱে যন্ত্রণা হ’ব পাৰে৷ স্বামী–স্ত্রীৰ মাজত বিবাদ হ’ব পাৰে৷ শুভ ৰং মটীয়া৷ শুভ সংখ্যা ৬৷

সিংহঃ চাকৰিৰ স্থানৰ উন্নতিৰ সুযোগ দেখা যায়৷ প্রেমৰ দিশত শান্তি লাভ কৰিব৷ বন্ধুৰ বাবে কামত মনোযোগ বৃদ্ধি৷ অগ্ণিৰ পৰা সাৱধানে থাকক৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

কন্যাঃ আপোনাৰ কর্ম ফলত ব্যৱসায়ত উন্নতিৰ যোগ৷ যান–বাহন চলোৱা লোকসকলে আজি দিনটো সাৱধানে থাকক৷ পৰাপক্ষত ঘৰৰ মানুহৰ লগত সময় কটাওক৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৩৷

তুলাঃ সন্তানৰ বাবে খৰচ বৃদ্ধি হ’ব৷ প্রিয়জনৰ লগত বিবাদ হ’ব পাৰে৷ আর্থিক দিশত অশান্তি হোৱাৰ বাবে ঘৰত অশান্তি হ’ব পাৰে৷ বন্ধুবোৰৰ ব্যৱহাৰে মনত অশান্তি দিব পাৰে৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৮৷

বৃশ্চিকঃ বন্ধুৰ বেয়া খবৰ ঘৰলৈ আহিব পাৰে৷ প্রিয়জনৰ ব্যৱহাৰে আজি আপোনাক মনত আঘাত দিব পাৰে৷ বিদেশ ভ্রমণ হ’ব পাৰে৷ সমাজৰ কামৰ দায়িত্ব বাঢ়িব পাৰে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৫৷

ধনুঃ গোটেই দিনটো কামৰ মাজেৰে পাৰ হৈ যাব৷ ব্যৱসায় দিশত উন্নতি হ’ব পাৰে৷ দাম্পত্য সুখত দিনটো পাৰ হ’ব৷ উচ্চ শিক্ষাৰ শুভ ফল৷ ভ্রমণৰ দিশত বাধা দেখা যায়৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৫৷

মকৰঃ আর্থিক দিশত অশান্তি হ’ব পাৰে৷ পৰাপক্ষত স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক৷ অতিৰিক্ত খঙৰ বাবে ব্যৱসায় দিশত সমস্যা হ’ব পাৰে৷ পিঠিৰ বিষৰ সমস্যা হ’ব পাৰে৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

কুম্ভঃ ব্যৱসায় ক্ষেত্রত নতুন আৰম্ভ হ’ব পাৰে৷ যুক্তিপূর্ণ কথাত সুনাম বাঢ়িব পাৰে৷ সংগীতৰ লগত জড়িত লোকসকলৰ বাবে আজি দিনটো শুভ৷ শিক্ষাত শুভ ফল৷ শুভ ৰং মাখন৷ শুভ সংখ্যা ৪৷

মীনঃ ব্যৱসায় দিশত অশান্তি হ’ব পাৰে৷ ঘৰুৱা দিশত শান্তি বজাই থাকিব৷ শিক্ষার্থীসকলৰ বাবে আজি দিনটো বহু বেছি ভাল নহয়৷ প্রেমত বাধা দেখা যায়৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৭৷

You might also like