আজিৰ দিনটোৰ ৰাশিফল
আজি ২১ ফেব্রুৱাৰী, ফাগুন মাহৰ ৮ তাৰিখ
শুকুৰবাৰঃ তিথি– কৃষ্ণা অষ্টমী, নক্ষত্রঃ অনুৰাধা, যাত্রাঃ শুভ
মেষঃ ৰুক্ষ চিন্তা৷ অত্যধিক খৰচ হ’লেও আয়ত্ত থাকিব৷ দুষ্টৰ সংগই বিপদ আনিব পাৰে৷ লোহা–লক্কৰ, ইস্পাত, কাঠ, কয়লা, ৰসায়নত লাভ৷ পদমর্যাদা লাভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
বৃষঃ ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে৷ হ’বলগীয়া কামত অনগ্রসৰ হোৱাৰ যোগ৷ মুঠতে কিছু অসুবিধাৰ কাৰক৷ শুভ ৰং নীলা, শুভ সংখ্যা ১১৷
মিথুনঃ কর্মক্ষেত্রত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰণত চিন্তাৰ কাৰণ হ’ব৷ বিদ্যাত বেয়া নহ’ব৷ ভ্রমণাদিত মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷
কর্কটঃ পূর্বৰ দিনৰ তুলনাত আজি বহুলাংশে যোগাযোগত উন্নত৷ শৰীৰো ভালে যোৱাৰ কাৰক৷ অৱশ্যে আপোনাৰ হুৰমূৰীয়া স্বভাৱৰ দোষত শাৰীৰিকত কিছু আহুকালৰ কাৰক৷ বিদ্যাত মধ্যম৷ ভ্রমণ৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫৷
সিংহঃ কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে৷ সহজতে যি কৰোঁ বুলি থিৰাং কৰিছিল তাক সম্পূর্ণ কৰাত বাধা পাব৷ বাকী দিশত মজলীয়া ফল৷ দাম্পত্যত নতুন চিন্তা অৱশ্যে থাকিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷
কন্যাঃ ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল৷ দাম্পত্যত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷
তুলাঃ কোনোৱে প্রৱঞ্চকৰ কবলত পৰাৰ কাৰক৷ সাৱধান হ’লে ভয় কম৷ বিদ্যাত যত্নৰ ফল লাভ৷ সাধাৰণ শৰীৰৰ আহুকাল৷ সুনাম৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৫৷
বৃশ্চিকঃ আর্থিক উন্নতিৰ ক্ষেত্রত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব৷ ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা নাই৷ শৰীৰৰ দুর্বলতা৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
ধনুঃ উন্নত দিনৰ অনুমান৷ যোগাযোগত খুব বেয়া নহ’ব৷ ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব৷ বিশেষকৈ অনুৰাধা নক্ষত্রৰ মানসিক শান্তি৷ বিদ্যাত বাধা কম৷ শিক্ষক–বুদ্ধিজীৱীৰ সুখ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৯৷
মকৰঃ ভঙা–পতা কৰি ভাল পাব৷ পুৰণি পৰিৱেশ সলনিৰ প্রতি মন কৰিব পাৰে৷ ভ্রমণত সষ্টম হওক৷ যিসকল যোগ্যৱান, তেওঁলোকৰ সুনাম৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
কুম্ভঃ কর্তব্যত আপোনাৰ যোগ্যতা থাকিব৷ কোনোৱে বাস্তৱ ক্ষেত্রত খোজ পেলাই উপকৃত হ’ব৷ আর্থিক প্রাপ্তিৰ আশা৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷
মীনঃ আর্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ৷ মতান্তৰ হ’ব লগা কথাত মন নিদিব৷ শৰীৰ মধ্যম৷ নতুন সম্পদ ক্রয়৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷