আজিৰ দিনটোৰ ৰাশিফল
আজি ২৬ ফেব্রুৱাৰী, ফাগুন মাহৰ ১৩ তাৰিখ
বুধবাৰঃ তিথি– কৃষ্ণা ত্রয়োদশী, নক্ষত্রঃ শ্রৱনা, যাত্রাঃ শুভ
মেষঃ কর্ম বৃদ্ধি পাব৷ চাকৰিৰ ক্ষেত্রত কর্তৃপক্ষৰ লগত মতবিৰোধ হ’ব পাৰে৷ বিদ্যার্থীৰ বাবে শুভ৷ প্রেমত অশুভ৷ শুভ ৰং হালধীয়া৷
বৃষঃ সাৱধানে চলা–ফিৰা কৰিব৷ দেহত আঘাত পোৱাৰ সম্ভাৱনা আছে৷ প্রেমত মধ্যম৷ শুভ ৰং হালধীয়া৷
মিথুনঃ পুৰণি কোনো ৰোগে আমনি কৰিব৷ বিদ্যার্থীৰ বাবে নতুন সুযোগ আহিব পাৰে৷ বিবাহ প্রার্থীৰ বাবে শুভ৷ শুভ ৰং ক্রীম৷
কর্কটঃ দিনটো শান্তিপূর্ণ থাকিব৷ চাকৰিয়ালসকলৰ বিভিন্ন কাৰণত বিভিন্ন সমস্যাই দেখা দিব৷ বিদ্যার্থীৰ শুভ৷ শুভ ৰং মেৰুণ৷
সিংহঃ ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল৷ বিদ্যার্থীসকলে যত্ন কৰিলে ভাল ফল পাব৷ প্রেমত কষ্টদায়ক৷ শুভ ৰং কমলা৷
কন্যাঃ ভ্রমণত শুভ৷ বন্ধুৰ লগত মতবিৰোধ হ’ব পাৰে৷ মাতৃৰ শুভ৷ প্রেমত শুভ৷ শুভ ৰং গুলপীয়া৷
তুলাঃ ব্যৱসায়ীসকলে সাৱধান হোৱাটো ভাল৷ চাকৰিয়ালৰ শুভ৷ উত্তৰ দিশে ভ্রমণ নকৰিব৷ শুভ ৰং নীলা৷
বৃশ্চিকঃ পৰিশ্রম কৰিলে বহুত সমস্যা সমাধান হ’ব৷ নিজৰ ব্যক্তিগত কথা আনৰ আগত প্রকাশ কৰিলে ক্ষতি হ’ব৷ প্রেমৰ ক্ষেত্রত শুভ নহয়৷ শুভ ৰং সেউজীয়া৷
ধনুঃ বিদ্যার্থীৰ বাধা৷ যান–বাহন চলাওতে সাৱধান হ’ব৷ ভ্রমণত কষ্টদায়ক হ’ব৷ প্রেমত শুভ৷ শুভ ৰং ক’লা৷
মকৰঃ শাৰীৰিক বেয়া নহয়৷ চাকৰিৰ নতুন সুযোগ৷ খৰচৰ মাত্রা বৃদ্ধি পাব৷ প্রেম –প্রণয়নত শুভ৷ শুভ ৰং সোণালী৷
কুম্ভঃ মাহটোত উন্নতিৰ সুযোগ আহিব পাৰে৷ শাৰীৰিক ক্ষেত্রত বেয়া নহয়৷ দূৰ ভ্রমণৰ সুযোগ৷ বিদ্যার্থীৰ ভ্রমণৰ যোগ আছে৷ শুভ ৰং বগা৷
মীনঃ ডাঙৰ বিপদ হোৱাৰ সম্ভাৱনা আছে৷ আনৰ কথা শুনি অশান্তি সৃষ্টি নকৰিব৷ প্রেমত চিন্তিত৷ ভ্রমণ নকৰাই ভাল৷ শুভ ৰং ৰঙা৷