আজিৰ দিনটোৰ ৰাশিফল
আজি ২৮ ফেব্রুৱাৰী, ফাগুন মাহৰ ১৫ তাৰিখ
শুকুৰবাৰ ঃ তিথি– অমাৱস্যা, নক্ষত্র ঃ শতভিষা, যাত্রা ঃ নাই
মেষঃ খৰচ–পাতি ৰোধ কৰাত যত্ন কৰক৷ বিদ্যাত বেয়া নহয়৷ প্রেমত বাধা আছে৷ ৰাজনীতিত বিশেষ সতর্ক হওক৷ শুভ ৰং বগা, সংখ্যা ২৷
বৃষঃ মনটো দুর্বল থাকিলেও দুই–এটা দিশৰ পৰা অনুকূল ফল লাভ কৰিব৷ প্রেম–প্রীতিত মধ্যম৷ কর্মস্থানত বাধা কম৷ স্বাস্থ্যও মধ্যম৷ শুভ ৰং ৰঙা, সংখ্যা ৪৷
মিথুনঃ মনৰ অৱস্থা মধ্যম৷ আশা কৰা কোনো যোগাযোগৰ উন্নতি নেদেখিব পাৰে৷ শৰীৰক অৱজ্ঞা কৰাটো উচিত নহ’ব৷ বিদ্যাত যত্ন থকাটো উন্নত৷ শুভ ৰং বগা, সংখ্যা ৫৷
কর্কটঃ অনাহক কথাকো কোনো মুহূর্তত হক কথা বুলি ভাবি অস্থিৰ হ’ব৷ সতীর্থৰ ধৰণ–কৰণ কথা–বতৰাৰ প্রতি সজাগ থকাটো ভাল৷ শুভ ৰং নীলা, সংখ্যা ৮৷
সিংহঃ মাজে মাজে অত্যন্ত নিৰাশতাত ভোগাসকলে কোনোৱে আশাৰ পোহৰ দেখিব পাৰে৷ শৰীৰো খুব বেয়া নাযাব৷ শুভ ৰং গেৰুৱা, সংখ্যা ৭৷
কন্যাঃ বিশাখাৰ জাতকৰ বাহিৰে বাকী দুই নক্ষত্রৰ বাবে ভ্রমণ৷ নতুন যোগাযোগৰ বাবে উপযুক্ত নহ’ব৷ দাম্পত্যতো চিন্তা এৰাব নোৱাৰিব৷ শুভ ৰং ক’লা, সংখ্যা ৩৷
তুলাঃ আহুকাল কিছু নিষ্প্রভ হ’লেও দুই–এটা সংঘাত এৰাব পৰা টান৷ আর্থিক চিন্তাৰ মাজতে কিছু অনুকুল যোগাযোগ থাকিব৷ শুভ ৰং পাতল নীলা, সংখ্যা ৪৷
বৃশ্চিকঃ আজি আপোনাৰ চেষ্টা কিছু কামত আহিব৷ অপেক্ষাৰত কোনোৰ সু–সংবাদ লাভ৷ ধন খৰচ হ’লেও মূলতঃ কামত আহিব৷ শুভ ৰং সেউজীয়া, সংখ্যা ৩৷
ধনুঃ প্রায়বোৰ কথাতে মন নিদিয়াই ভাল৷ মূল কথাৰ প্রতি সজাগ থকা ভাল৷ শৰীৰ বা পৰিৱেশ মনঃপুত নহ’ব৷ শুভ ৰং গেৰুৱা, সংখ্যা ৪৷
মকৰঃ অস্থিৰ চিন্তাৰ মাজত হঠাৎ পৰিব পাৰে৷ তেনে সন্তানৰ বাবে প্রস্তুত থাকিলে কোনো মনোকষ্টৰ পৰা উদ্ধাৰ পাব৷ বিদ্যার্থীৰ বাবে সাধাৰণ চিন্তা৷ শুভ ৰং ৰঙা, সংখ্যা ৮৷
কুম্ভঃ কর্মক্ষেত্রত জটিলতা কিছু হ্রাস অনুভৱ৷ আপোনাৰ দূৰদর্শী চিন্তাৰ বাবে সম্ভাব্য কোনো আহুকাল নাপাব৷ বন্ধুবর্গৰ ভালেই৷ শুভ ৰং বেঙুনীয়া, সংখ্যা ৮৷
মীনঃ শৰীৰ বা মনৰ সংঘাত দেখা যায়৷ কিছুমান পূর্ব কথাৰ বাবে অংক মিলাব পৰাটো কম হ’ব৷ দাম্পত্যত মধ্যম৷ শুভ ৰং পাতল বগা, সংখ্যা ৩৷