নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৫ মার্চ, চ’ত মাহৰ ১১ তাৰিখ
মঙলবাৰ : তিথি– কৃষ্ণা একাদশী, নক্ষত্র : শ্রৱনা, যাত্রা : নাই

মেষ : অনুকূল পৰিৱেশ৷ বন্ধু–বান্ধৱৰ পৰা সহানুভূতি পাব৷ নিজৰ উন্নতিৰ বাবে কিবা চেষ্টাত উন্নত অনুভৱ কৰিব৷ সু–সংবাদত সুখী হ’ব পাৰে৷ দাম্পত্যত বেয়া নহ’ব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷

বৃষ : প্রতিকূল সময়ৰ বাবে আপুনি দিনটো অলপ সাৱধানেৰে চলক৷ জ্ঞাতি–কুটুম্বৰ আগমন হ’লেও সৌজন্য ৰক্ষা কৰক মাত্র৷ শৰীৰ মধ্যম৷ বিদ্যাত যত্ন ৰাখক৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪৷

মিথুন : আজিও খুব উন্নত ফল নাপাব৷ বিশেষকৈ দিনৰ ১২ বজালৈ সাৱধানে চলাটো উচিত৷ বাধ্য–বাধকতা  থাকিলেও ভাবি–চিন্তি নিজৰ কাম কৰক৷ ব্যৱসায়ত শুভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷

কর্কট : এলাহ বৃদ্ধি পালেও স্বকর্মত ব্যস্ত থাকিব৷ পাৰিবাৰিক উন্নত৷ প্রাপ্য ধন হাতলৈ অহাৰ যোগ৷ বন্ধুবর্গৰ সহায়–সহযোগ দেখা যায়৷ পঢ়া–শুনাত মধ্যম৷ দাম্পত্যত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷

সিংহ : বাধা–বিঘিনি কিছু হ্রাস হ’ব পাৰে৷ দুপৰীয়াৰ পৰা বাকী সময়ত সাৱধানে থকাটো ভাল, বিশেষকৈ প্রৱঞ্চকৰ পৰা৷ ব্যৱসায়–বাণিজ্যত মজলীয়া ফল৷ শুভ ৰং কমলা, শুভ সংখ্যা ১৷

কন্যা : শৰীৰ আৰু পাৰিপার্শ্বিক প্রায় অনুকূল৷ আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ’ব, য’ত একো মন্তব্য নিদিব৷ সমগ্র দিনটো আপোনাৰ উৎসাহজনক৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৬৷

তুলা : আর্থিকত বিশেষ সফল নহ’লেও দুশ্চিন্তা নাই৷ এইক্ষেত্রত আপুনি ব্যক্তিগত চেষ্টা চলাইছে যদি আশান্বিত হ’ব৷ বুদ্ধিত উজুটি খাব পাৰে বাবে সাৱধান হওক৷ ঘৰুৱা ভালেই৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮৷

বৃশ্চিক : খৰচ–পাতি নকৰোঁ বুলি থাকিলেও খৰচৰ পথ ওলাব৷ অন্যান্য কিছুৱে সামাজিক–ৰাজনৈতিক দিশত নিজৰ মতৰ সমর্থন পাব৷ পঢ়াত মন ৰাখক৷ দাম্পত্যত দুশ্চিন্তা হ’বও পাৰে৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৫৷

ধনু : ক্রমে দিনটো কিছু আশাপ্রদ৷ অৱশ্যে নিশ্চিন্তও নহয়৷ খুব ফৰকাল লাগি নাথাকিব৷ বিদ্যাত মনোযোগ বঢ়াওক৷ জ্ঞাতি–কুটুম্বৰ মাংগলিক কার্যত যোগদান কৰাৰ সম্ভাৱনা৷ শুভ ৰং নীলা, শুভ সংখ্যা ৩৷

মকৰ : কর্মক্ষেত্রত আজি বিশেষ যোগাযোগ কম হোৱাত কোনো চিন্তাত থাকিব৷ দাম্পত্যত মধ্যম সময়৷ শুভ ৰং আকাশী, শুভ সংখ্যা ১৷

কুম্ভ : অস্থিৰ চিন্তা সম্পূর্ণ বর্জনীয়৷ শৰীৰ, মন আৰু পৰিৱেশ দিনৰ বাৰ বজালৈ আশাপূর্ণ নহ’ব পাৰে৷ প্রেমত মধ্যম৷ শুভ ৰং কমলা, শুভ সংখ্যা ৪৷

মীন : মানসিক দিশতো অনুকূল দেখা যায়৷ সা–সম্পত্তিৰ ক্ষেত্রত কিবা বাধা আছে যদি হ্রাস হোৱাৰ সম্ভাৱনা৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২৷

You might also like