আজি ২৬ মার্চ,চ’ত মাহৰ ১২ তাৰিখ
বুধবাৰঃ তিথি– কৃষ্ণা দ্বাদশী, নক্ষত্রঃ ধনিষ্ঠা, যাত্রাঃ শুভ
মেষঃ ধর্মীয় অনুষ্ঠানৰ প্রতি ব্যস্ততা বাঢ়িব৷ মনৰ অস্থিৰতা বাঢ়িব৷ বিদ্যাত শুভ৷ নীলা ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ২৷
বৃষঃ পুৰণি সমস্যা সমাধান হ’ব৷ ধন আগমনৰ যোগ আছে৷ কর্মত শুভ৷ বগা ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৫৷
মিথুনঃ ব্যৱসায়–বাণিজ্যত শুভ৷ সামাজিক কামত ব্যস্ততা বাঢ়িব৷ বিতর্কৰ পৰা দূৰত থাকক৷ স্বাস্থ্যৰ প্রতি যত্ন ল’ব৷ সেউজীয়া শুভ ৰং৷ শুভ সংখ্যা ৪৷
কর্কটঃ নতুন কর্মৰ সুযোগ পাব৷ সামাজিক কামত গুৰুত্ব বাঢ়িব৷ বিদ্যাত শুভ৷ প্রেম বা পাৰিবাৰিক অশান্তি হ’ব পাৰে৷ শুভ সংখ্যা ১৷ শুভ ৰং নীলা৷
সিংহঃ কোনো সু–সংবাদ আহিব পাৰে৷ কর্মত শুভ৷ মনৰ শান্তি–সমৃদ্ধি বাঢ়িব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷
কন্যাঃ কর্মত শুভ৷ ৰাতিপুৱা তুলসীৰ তলত পানী ঢ়ালিব৷ নতুন সংবাদে আনন্দিত কৰিব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৭৷
তুলাঃ শৰীৰৰ যত্ন ল’ব৷ ভাবি থকা কথা পূৰণ হ’ব৷ ব্যৱসায়ত শুভ৷ প্রেমত মধ্যম৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷
বৃশ্চিকঃ কর্মক্ষেত্রত ভাল সুযোগ লাভ কৰিব৷ মনৰ চঞ্চলতা বাঢ়িব৷ অন্য লোকৰ প্রশংসা পাব৷ পুৰণি সমস্যা সমাধান হ’ব৷ হালধীয়া ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৩৷
ধনুঃ বন্ধুবর্গৰ পৰা লাভৱান হ’ব৷ আর্থিক যোগাযোগ বাঢ়িব৷ কর্মব্যস্ততা বাঢ়িব৷ বগা বস্ত্র পৰিধান কৰিব৷ শুভ সংখ্যা ৬৷
মকৰঃ মানসিক চিন্তা বাঢ়িব যদিও দিনটো আনন্দৰে পাৰ হ’ব৷ ইতিবাচক চিন্তাই আনন্দিত কৰিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷
কুম্ভঃ সমস্যা সমাধানৰ পথ মুকলি হ’ব৷ বন্ধুৰ সহায়–সহযোগিতা লাভত আনন্দ দিব৷ সেউজীয়া ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৪৷
মীনঃ কর্মক্ষেত্রত স্থিতি বজাই ৰাখিব৷ দিনটো হতাশাৰ মাজেৰে পাৰ হ’ব যদিও নিজৰ চিন্তাৰ দ্বাৰা আনন্দিত হ’ব৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৯৷