নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৯ এপ্রিল, চ’ত মাহৰ ২৬ তাৰিখ
বুধবাৰ : তিথি : শুক্লা দ্বাদশী, নক্ষত্র : মঘা, যাত্রা : শুভ

মেষ : কর্মক্ষেত্রত সাফল্য আহিব৷ দিনটোত নিকট আত্মীয়ৰ দ্বাৰা মানসিক আঘাত পাব পাৰে৷ সামাজিক কামত সন্মান প্রাপ্তিৰ যোগ৷ পুৰণি বন্ধুক লগ পাব পাৰে৷ দাম্পত্যত অশান্তি, বিদ্যার্থীৰ শুভ ফলদায়ক৷ শুভ ৰং বগা৷

বৃষ : সামাজিক কামত সাফল্য আহিব৷ প্রয়োজনত বন্ধুৰ সহায়–সহযোগিতা লাভ কৰিব৷ সন্তানৰ কর্মপ্রাপ্তিৰ ফলত পিতৃ–মাতৃৰ মানসিক আনন্দ লাভ৷ দিনটোত নতুন ব্যৱসায়ৰ আৰম্ভণি কৰিব পাৰে৷ আর্থিক ক্ষেত্রত মধ্যম ফল৷ প্রেমত সাফল্য আহিব৷ শুভ ৰং ৰঙা৷

মিথুন : কর্মক্ষেত্রত অপ্রত্যাশিতভাৱে জটিলতা দেখা দিব পাৰে৷ দিনটোত শত্রুৱে ক্ষতিৰ চেষ্টা কৰিব৷ গতিকে শত্রুৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব৷দিনটোত আনৰ উপকাৰ কৰিও নাম নাপাব৷ বিদ্যার্থীৰ বাধা থাকিব৷ দাম্পত্যত শান্তি থাকিব৷ শুভ ৰং হালধীয়া৷

কর্কট : কর্মক্ষেত্রত লাগি থকা সমস্যাবোৰৰ সমাধান আশা কৰিব পাৰে৷ চাকৰি ক্ষেত্রত সুনাম বৃদ্ধিৰ যোগ৷ মানসিক আঘাত পাব পাৰে৷ উচ্চ বিদ্যালয়ৰ বাবে বিদ্যার্থীৰ বাহিৰলৈ যোৱাৰ যোগ৷ প্রেমত সাফল্য আহিব৷ শুভ ৰং সেউজীয়া৷

সিংহ : পৰিকল্পিত অগ্রসৰৰ ক্ষেত্রত বাধা আহিব পাৰে৷ আর্থিক ক্ষেত্রত শুভ যদিও ধন সঞ্চয়ৰ সম্ভাৱনা কম৷ নিবনুৱাৰ কর্মলাভৰ যোগ৷ উচ্চ বিদ্যার্থীৰ অপ্রত্যাশিতভাৱে বাধা পৰিব পাৰে৷ শুভ ৰং মেৰুণ৷

কন্যা : দৈনন্দিন কর্মত সাফল্য আহিব৷ কাজিয়া–পেচালৰ নিষ্পত্তি আশা কৰিব পাৰে৷ সন্তানৰ দ্বাৰা পিতৃ–মাতৃৰ সন্মান বৃদ্ধিৰ যোগ৷ জুইৰ পৰা দিনটোত সতর্কতা অৱলম্বন কৰিব৷ দাম্পত্যত শান্তি বজাই থাকিব৷ প্রেমত মধ্যম ফল৷ শুভ ৰং কমলা৷

তুলা : কর্মক্ষেত্রত জটিলতা বৃদ্ধি পাব৷ দিনটোত শুভ সংবাদ প্রাপ্তিৰ যোগ৷ ব্যৱসায়ত অপ্রত্যাশিতভাৱে জটিলতাই দেখা দিব পাৰে৷ প্রাপ্য ধনপ্রাপ্তিৰ ক্ষেত্রত অযথা বাধা৷ অর্থনৈতিক দিশত শুভ৷ ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷ প্রেমত শুভ ফল৷ আজি ভ্রমণ নকৰিব৷ শুভ ৰং নীলা৷

বৃশ্চিক : কর্মক্ষেত্রত মানসিক চাপ থাকিব৷ সন্তানে পিতৃ–মাতৃৰ মনত আনন্দ দিব৷ আর্থিক উন্নতিৰ বাবে ভাল কিবা সুযোগ আহিব পাৰে৷ আত্মীয়ৰ দ্বাৰা প্রতাৰিত হ’ব পাৰে৷ ব্যৱসায়ত মধ্যম ফল৷ বিদ্যার্থীয়ে আৰু অধিক পৰিশ্রম কৰিব লাগিব৷ শুভ ৰং হালধীয়া৷

ধনু : সামাজিক কামত আত্মমর্যাদা বৃদ্ধিৰ যোগ৷ মনৰ আশা পূৰণ হ’ব পাৰে৷ সন্তানৰ বিদ্যা–শিক্ষাক লৈ পিতৃ–মাতৃৰ চিন্তা থাকিব৷ নতুন যোগাযোগৰ ক্ষেত্রত সাফল্য আহিব৷ আকস্মিক ধনপ্রাপ্তিৰ যোগ৷ প্রেমত কাজিয়া–পেচাল বৃদ্ধি পাব৷ শুভ ৰং ৰঙা৷

মকৰ : কর্মক্ষেত্রত সহকর্মীৰ লগত সম্পর্ক ভাল ৰখাৰ চেষ্টা কৰিব৷ অযথা কাৰোবাৰ লগত বিবাদত জড়িত হ’ব পাৰে৷ বিশেষ কামত সাফল্য আহিব৷ বাণিজ্যত উন্নতিৰ যোগ৷ বিদ্যার্থীৰ মধ্যম ফল৷ প্রেমত সাফল্য আহিব৷ শুভ ৰং নীলা৷

কুম্ভ : দৈনন্দিন কর্মত সাফল্য আহিব৷ ঘৰুৱা শান্তি বিঘ্ণিত হ’ব পাৰে৷ সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব৷ আর্থিক ক্ষেত্রত শুভ যদিও ব্যয়ৰ পৰিমাণো বৃদ্ধি পাব৷ চুটি ভ্রমণ হ’ব পাৰে৷ বিদ্যার্থীৰ সাফল্য৷ শুভ ৰং হালধীয়া৷

মীন : কর্মক্ষেত্রত কামৰ চাপ বৃদ্ধি পাব পাৰে৷ বিবাদত জয়ী হোৱাৰ সম্ভাৱনা আছে৷ দিনটোত নতুনকৈ চিন্তা–ধাৰণা কৰিব পাৰে৷ বিনা কাৰণত সন্মান হানিৰ যোগ, প্রেমত সাফল্য আহিব৷ সৰু–সুৰা বিষয় লৈ দাম্পত্যত অশান্তিৰ সূত্রপাত ঘটিব পাৰে৷ আর্থিক ক্ষেত্রত মধ্যম ফল৷ আজি ভ্রমণ নকৰিব৷ শুভ ৰং ক’লা৷

You might also like