আজি ১৯ এপ্রিল, ব’হাগ মাহৰ ৫ তাৰিখ
শনিবাৰ : তিথি– কৃষ্ণা ষষ্ঠী, নক্ষত্র : মূলা, যাত্রা : নাই
মেষ : শুভ ৰং হালধীয়া, সংখ্যা ৬৷ চাকৰিয়ালৰ পদোন্নতি হোৱাৰ আশা আছে৷ নতুন ব্যৱসায়ৰ সন্ধান পাব পাৰে৷ সন্তানৰ অপকর্মৰ বাবে সন্মান হানি হোৱাৰ ভয়৷ প্রতিকাৰ : পুৱা গা ধুই আহি হনুমান চালিচা পাঠ কৰিব৷
বৃষ : শুভ ৰং গুলপীয়া, সংখ্যা ৫৷ ঘৰলৈ মূল্যৱান সম্পত্তি আহিব৷ যিকোনো কামৰ সুফল লাভ কৰিব৷ প্রতিকাৰ : পুৱা গা ধুই তুলসী গছত পানী ঢালিব৷
মিথুন : শুভ ৰং হালধীয়া, সংখ্যা ৪৷ ঘৰলৈ মূল্যৱান সম্পত্তি আহিব পাৰে৷ সন্তানে কৰা ভাল কামৰ বাবে সন্মান লাভ কৰিব৷ প্রতিকাৰ : ঘৰলৈ অহা ভিক্ষাৰীক জলপান কৰাব৷
কর্কট : শুভ ৰং গেৰুৱা, সংখ্যা ৯৷ অনাৱশ্যক খঙৰ বাবে আর্থিক ক্ষতি হোৱাৰ ভয়৷ সহায় কৰি প্রতিদান নল’ব৷ কর্মত বাধা দেখা যায়৷ প্রতিকাৰ : বেলগছৰ গুৰিত চাকি জ্বলাব৷
সিংহ : শুভ ৰং বগা, সংখ্যা ৫৷ পৰিয়ালৰ ব্যক্তিৰ লগত মনোমালিন্য হোৱাৰ ভয়৷ চাকৰিৰ স্থান পৰিৱর্তন হ’ব পাৰে৷ প্রতিকাৰ : শনি মন্দিৰত ধূপ–চাকি জ্বলাব৷
কন্যা : শুভ ৰং বেঙুনীয়া, সংখ্যা ৩৷ পুৰণা কেছ–মোকর্দমাত জয়ী হ’ব৷ আনৰ সহায়ে উৎসাহিত কৰিব৷ প্রতিকাৰ : মন্দিৰৰ ওচৰত থকা ভিক্ষাৰীক ক’লা বস্ত্র দান কৰিব৷
তুলা : শুভ ৰং নীলা, সংখ্যা ৩৷ আজি আপোনাৰ হাতেৰে শুভ কাম আৰম্ভ হ’ব পাৰে৷ প্রতিকাৰ : পুৱা গা ধুই সূর্যলৈ চাই জল অর্পণ কৰি প্রণাম কৰিব৷
বৃশ্চিক : শুভ ৰং আকাশী নীলা, সংখ্যা ৮৷ প্রাকৃতিক দুর্যোগত ক্ষতি হোৱাৰ আশংকা আছে৷ হাতৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে৷ সম্বন্ধীয় ব্যক্তিৰ দুখৰ খবৰ শুনিব পাৰে৷ প্রতিকাৰ : শিৱ মন্দিৰত ধূপ–চাকি জ্বলাই শিৱৰ ধ্যান কৰিব৷
ধনু : শুভ ৰং বগা, সংখ্যা ৭৷ বন্ধুৰ লগত মনোমালিন্য হোৱাৰ ভয় আছে৷ প্রতিকাৰ : আঁহত গছত ৰঙা সূতা মেৰাই বান্ধিব আৰু ধূপ–চাকি জ্বলাব৷
মকৰ : শুভ ৰং গেৰুৱা, সংখ্যা ৫৷ ঘৰলৈ মূল্যৱান সম্পত্তি আহিব৷ যিকোনো কামৰ সুফল লাভ কৰিব৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ সন্তানৰ ভাল কামে মনত আনন্দ দিব৷ প্রতিকাৰ : কপালত বগা চন্দনৰ ফোঁট ল’ব৷
কুম্ভ : শুভ ৰং বেঙুনীয়া, সংখ্যা ২৷ আর্থিক সমস্যাৰ বাবে ক্ষতি হোৱাৰ ভয়৷ বন্ধুৰ লগত মনোমালিন্য হোৱাৰ ভয়৷ প্রতিকাৰ : মন্দিৰত থকা ভিক্ষাৰীক খোৱাবস্তু দান কৰিব৷
মীন : শুভ ৰং বগা, সংখ্যা ৮৷ বিদ্যার্থীসকলৰ বাবে শুভ দিন৷ নিজ ভুলৰ বাবে টকা–পইচা হানি হ’ব পাৰে৷ প্রতিকাৰ : গা ধুই সূর্যক প্রণাম কৰি জল অর্পণ কৰিব৷