আজি ২০ এপ্রিল, ব’হাগ মাহৰ ৬ তাৰিখ
দেওবাৰ : তিথি– কৃষ্ণা সপ্তমী, নক্ষত্র : পূর্বাষাঢ়া, যাত্রা : নাই
মেষ : পুৱাৰ ভাগত মনটো উদ্বেগজনক দেখা যাব৷ ভ্রমণ কৰিব পাৰে৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ চেষ্টা কৰক৷ প্রেমত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ১৷
বৃষ : দিনটো বৰ উন্নত নহয়৷ আনৰ দুখত মন বেয়া হ’ব পাৰে৷ আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল৷ দাম্পত্যত শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৮৷
মিথুন : কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰি ৰাখিব৷ আর্থিকত বেয়া নহ’ব৷ প্রেম–প্রীতিত আন্তৰিকতা৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷
কর্কট : ব্যৱসায়ত মধ্যম৷ শাৰীৰিক দিশত দুর্বলতা থাকিব৷ সন্তানৰ শুভ৷ প্রেমত অস্থিৰতা থাকিব৷ দাম্পত্যত মধ্যম৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৭৷
সিংহ : ঘৰুৱা পৰিৱেশ অনুকূল৷ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব৷ শৰীৰ বেয়া নাযাব৷ প্রেমত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৯৷
কন্যা : একাধিক কথাত মন বিক্ষিপ্ত থাকিব৷ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব পাৰিব৷ প্রেমত বাধা, ঘৰুৱাত শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷
তুলা : দিনৰ ১২ বজাৰ পিছত কিছু ফৰকাল অনুভৱ কৰিব৷ ব্যৱসায়ত মধ্যম৷ দাম্পত্যত মতানৈক্যৰ সৃষ্টি৷ বিদ্যাত শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷
বৃশ্চিক : আর্থিক বাধা নাপাব৷ শাৰীৰিক দিশত জ্বৰ, কাহ, পেটৰ অসুখত ভুগিব পাৰে৷ ব্যৱসায়ত শুভ ফল পাব৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৬৷
ধনু : ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব৷ কর্মক্ষেত্রত শুভ ফল পাব৷ শৰীৰ আৰু পৰিৱেশ কিন্তু প্রতিকূল থাকিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৭৷
মকৰ : শৰীৰ প্রায় অনুকূল৷ বিদ্যাত যত্নৱান হওক৷ অযথা কামত সময় নষ্ট নকৰাই ভাল৷ আর্থিকত শুভ ফল পাব৷ ব্যৱসায়ত মধ্যম উন্নতি৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷
কুম্ভ : কর্মক্ষেত্রত সৰু–সুৰা বাধা আহিব পাৰে৷ দিনটোত আর্থিক সমস্যা থাকিব৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৮৷
মীন : আর্থিক দিশত বেছি বাধা নাপাব৷ দৈহিক দিশত বিষ–বেদনা থাকিব৷ প্রেম–প্রণয়ত সাৱধান৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷