নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দিনটোৰ ৰাশিফল

আজি ২৯ এপ্রিল, ব’হাগ মাহৰ ১৫ তাৰিখ
মঙলবাৰ : তিথি– শুক্লা দ্বিতীয়া, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই

মেষ : শুভ ৰং হালধীয়া, সংখ্যা ৭৷ পৰিয়ালৰ মাজত মনোমালিন্য হ’ব পাৰে৷ চাকৰিৰ ক্ষেত্রত কিছু সমস্যা আছে৷ অবাবত খৰচ বাঢ়িব৷ সন্তানৰ শুভ৷

বৃষ : শুভ ৰং নীলা, সংখ্যা ৬৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বৃদ্ধি পাব৷ নিজৰ ভুলৰ বাবে সমস্যাত পৰিব৷ বন্ধুৰ লগত মনোমালিন্য হ’ব পাৰে৷

মিথুন : শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৯৷ ব্যৱসায়িক প্রতিষ্ঠানত ক্ষতি হোৱাৰ ভয়৷ খং দমন কৰি ৰাখক, অন্যথা ক্ষতি হ’ব৷ সন্তানৰ ভুলৰ বাবে সন্মান হানি হ’ব পাৰে৷

কর্কট : শুভ ৰং গেৰুৱা, সংখ্যা ৩৷ মূল্যৱান বস্তুৰ ক্ষতি হ’ব পাৰে৷ আর্থিক সংকটৰ বাবে ব্যৱসায়ত ক্ষতি হ’ব পাৰে৷

সিংহ : শুভ ৰং আকাশী নীলা, সংখ্যা ৬৷ দুর্ঘটনা হৈ আঘাত পাব পাৰে৷ চাকৰিয়ালৰ পদোন্নতি হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ সন্তানৰ শুভ৷

কন্যা : শুভ ৰং বগা, সংখ্যা ৮৷ মূল্যৱান সম্পত্তি ঘৰলৈ আহিব৷ কর্মত বাধা আহিলে সমাধান হ’ব পাৰে৷ আর্থিকত সহায় পাব৷ সন্তানৰ শুভ৷

তুলা : শুভ ৰং ৰঙা, সংখ্যা ২৷ বিয়াৰ প্রস্তাৱ আহিব পাৰে৷ সম্পত্তিক লৈ কাজিয়া–পেচাল হোৱাৰ সম্ভাৱনা৷ চোৰৰ পৰা ক্ষতি হোৱাৰ আশংকা আছে৷

বৃশ্চিক : শুভ ৰং হালধীয়া, সংখ্যা ৪৷ আনৰ উপদেশ মতে কাম কৰি বিপদত পৰিব পাৰে৷ ঘৰতে অপদস্থ হোৱাৰ ভয়৷ টকা–পইচা অবাবত খৰচ হ’ব৷ সন্তানৰ শুভ৷

ধনু : শুভ ৰং বেঙুনীয়া, সংখ্যা ৩৷ প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে৷ সন্তানৰ পৰা ক্ষতিৰ আশংকা আছে৷ শুভ কাম আৰম্ভ কৰিব পাৰি৷ হাতলৈ টকা–পইচা আহিব৷

মকৰ : শুভ ৰং নীলা, সংখ্যা ৭৷ পাৰিবাৰিক অন্তঃকলহ বাঢ়িব৷ শত্রুৰ পৰা সাৱধান হ’ব৷ পিছলৈ ভৰিৰ আঘাত পাব পাৰে৷ বৈবাহিক সম্বন্ধত ব্যাঘাত জন্মিব পাৰে৷

কুম্ভ : ৰাজহুৱা কর্মত থকাসকলে সহানুভূতি লাভৰ সংবাদ৷ শৰীৰ কিছু উন্নত৷ দিনৰ দুই বজাৰ পৰা কিছু উন্নত৷ শুভ ৰং পাতল নীলা৷ শুভ সংখ্যা ৩৷

মীন : কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ কোনো কাৰণত মনটো গধুৰ হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ শৰীৰ বৰ উন্নত নাথাকিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷

You might also like