আজি দিনটোৰ ৰাশিফল
আজি ৪ মে’, ব’হাগ মাহৰ ২০ তাৰিখ
দেওবাৰ : তিথি– শুক্লা সপ্তমী, নক্ষত্র : পুষ্য, যাত্রা : শুভ
মেষ : কথা–বতৰাত সতর্কতাৰ প্রয়োজন৷ আজিৰ দিনটো যাত্রাৰ বাবে শুভ৷ বেঙুনীয়া ৰং ব্যৱহাৰ কৰিব৷ প্রেমৰ ক্ষেত্রত সুখী হ’ব নোৱাৰিব৷ শিক্ষাৰ্থীৰ শুভ। শুভ সংখ্যা ৭৷
বৃষ : পাৰিবাৰিক জীৱনত স্বামী–স্ত্রীৰ মাজত মতানৈক্য হ’ব পাৰে৷ যাত্ৰা কৰিলেও মন্দিৰত পূজা–পাতল কৰি ল’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৪৷
মিথুন : আগদিনাৰ তুলনাত আজিৰ দিনটো শুভ৷ আজি আপুনি যাত্রা কৰিলে বগা ৰং ব্যৱহাৰ কৰিব৷ শুভ কাম কৰিব৷ বগা ৰং আপোনাৰ শুভ৷ শুভ সংখ্যা ৬৷
কর্কট : ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব৷ পুৱা যাত্রা কৰিব পাৰে৷ আপোনাৰ শুভ ৰং সেউজীয়া৷ সহযোগী বন্ধুৰ পৰা আনন্দ পাব৷ শুভ সংখ্যা ৬৷
সিংহ : কর্মক্ষেত্রত সফলতাৰ বাবে যথেষ্ট চেষ্টা কৰিব লাগিব৷ পুৱাৰ ভাগত ৰঙা বস্ত্র পৰিধান কৰি মন্দিৰত যাব৷ যাত্রা সন্ধিয়া ৫ বজাৰ পিছত নকৰিব৷ শুভ সংখ্যা ৭৷
কন্যা : কর্মক্ষেত্রত জটিলতা আছে৷ সন্ধ্যা তুলসীৰ তলত চাকি জ্বলালে শুভ হ’ব৷ নীলা ৰং আপোনাৰ বাবে শুভ৷ প্রেমত শুভ৷ যাত্রা নকৰাই উচিত৷ শুভ সংখ্যা ৫৷
তুলা : কর্মক্ষেত্রত উন্নতিৰ যোগ আছে৷ কোনো সমস্যাৰ সমাধান হ’ব৷ আজি সন্ধিয়া আপুনি শিৱ মন্দিৰত চাকি জ্বলাব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ২৷
বৃশ্চিক : ব্যৱসায়ত কঠিন পৰিশ্রমৰ অন্তত দিনটোত সফলতা৷ বিদ্যার্থীসকলৰ শুভ৷ বিশেষ প্রয়োজন থাকিলে নীলা ৰঙৰ বস্ত্র পৰিধান কৰি ল’ব৷ শুভ সংখ্যা ৩৷
ধনু : কর্মস্থানত নিজৰ অস্তিত্ব বজাই থাকিব৷ পুৰণি ৰোগৰ উপশম ঘটিব৷ কমলা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰক৷ পুৱাৰ ভাগত যাত্রা কৰিব৷ শুভ সংখ্যা ২৷
মকৰ : আর্থিকত শুভ৷ শৰীৰ মধ্যম৷ উত্তৰ দিশত যাত্রা নকৰিব৷ মেৰুন ৰং ব্যৱহাৰ কৰক৷ বিদ্যার্থীসকলৰ শুভ৷ শুভ সংখ্যা ৯৷
কুম্ভ : ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব৷ ঘৰুৱাত শুভ৷ যাত্রা নকৰাই ভাল৷ সন্ধিয়া মন্দিৰত যাব৷ ক’লা ৰং আপোনাৰ বাবে শুভ৷ শুভ সংখ্যা ৮৷
মীন : আর্থিক ক্ষেত্রত উন্নত পৰিৱেশ৷ আপুনি দিনৰ ১২ বজাৰ পিছতহে যাত্রা কৰিব৷ যাত্রাৰ সময়ত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব৷ শুভ সংখ্যা ৫৷