আজি দিনটোৰ ৰাশিফল, আজি ১৭ মে’, জেঠ মাহৰ ২ তাৰিখ
শনিবাৰ : তিথি– কৃষ্ণা চতুর্থী, নক্ষত্র : পূর্বাষাঢ়া, যাত্রা : মধ্যম
মেষ : প্রিয় কোনো ব্যক্তিৰ সান্নিধ্য পোৱাৰ যোগ৷ মনৰ কথা ব্যক্ত কৰি শান্তি অনুভৱ কৰিব৷ ঘৰুৱাত মধ্যম৷ সন্তানৰ চিন্তাৰ উন্নতি৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷
বৃষ : প্রাপ্য প্রমোচন আদিৰো কাৰক৷ ৰাহু-মঙলৰ বাবে অকাৰণত খং আৰু ফুৰা–চকাত বিশেষভাৱে সাৱধান থকাটো ভাল৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
মিথুন : নতুন যোগাযোগ আদিত খুব বেছি চেষ্টা নকৰি গতানুগতিকতা ৰক্ষা কৰি চলক৷ বিদ্যাত সিমান নিৰাশ নহয়৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫৷
কর্কট : মিশ্রিত ফল৷ দিনটোত যিখিনি কৰে দায়িত্বপূর্ণ ব্যক্তি হিচাপে সাৱধান হওক৷ শৰীৰ মজলীয়া৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩৷
সিংহ : মহিলাসকলে কোনো আকাংক্ষিত কাৰণত অগ্রগতি লভিব৷ শৰীৰ খুব বেয়া নহ’ব৷ যিখিনি যত্ন কৰিব, তাৰ ফলত খুব নিৰাশো নহ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭৷
কন্যা : আকস্মিক সংযোগ লাভ হ’লেও বৰ উন্নতি বা উৎসাহ নাপাব৷ শৰীৰৰ ইটো সিটোৰ লগত ঘৰুৱা কথাতো অনুকূল নহ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷
তুলা : কর্মবিষয়ক প্রগতিত কষ্টৰ মাজেৰেও অনুকূলতা লাভ৷ কোনো লোকৰ মিঠা কথাৰ প্রতি তীক্ষ্ণ নজৰ ৰাখক৷ দাম্পত্যত চিন্তা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷
বৃশ্চিক : অন্যান্য দিশৰ লগতে ব্যক্তিগত কোনো উদ্দেশ্যত অগ্রগতি লভিব৷ বহু আকাংক্ষিত দিশত কিবা হ’লেও অকণ আস্থা দেখিব৷ শৰীৰ মধ্যম৷ দাম্পত্যত শুভ৷
ধনু : গাৰ বলেৰে কাম সমাধা কৰিব পাৰিলেও তাৰ ফল অনুকূল নহ’ব বাবে তেনে চেষ্টা বর্জন কৰক৷ শৰীৰ খুব উন্নত নহ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷
মকৰ : বিদ্যাৰ্থীৰ আজি কিছু চিন্তা থাকিব৷ কিবা ক্লেশদায়ক কাৰণত গৃহকর্মীসকলে সমস্যাত পৰিব৷ দাম্পত্যত মজলীয়া ফল৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪৷
কুম্ভ : নিৰুৎসাহৰ দিন নহ’ব৷ কিন্তু তাৰ মাজতে গোপন শত্রুৰ বাবে শংকিত হ’ব পাৰে৷ পঢ়াত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
মীন : চিন্তা কৰি চলক দিনটোত৷ বেছি উৎসাহতে যাতে একো ভুল নকৰে সতর্ক থাকক৷ আগতে নভবা কথাক লৈ কিবা প্রস্তুতিৰ দৰকাৰ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷