নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

বন্ধু–বান্ধৱৰ লগত ভালেই লাগিব৷ শিল্প সুলভতা বৃদ্ধি পাব৷ কোনো নতুন দায়িত্বত দক্ষতা দেখুৱাব৷ ভ্রমণত পিছে সাৱধান হওক৷

আজিৰ  দিনটোৰ ৰাশিফল
আজি ৩১ মে’, জেঠ মাহৰ ১৬ তাৰিখ
শনিবাৰ : তিথি : শুক্লা পঞ্চমী, নক্ষত্র : পুষ্যা, যাত্রা : নাই

দিনটোৰ ৰাশিফল : মেষ : ভালেৰে আৰম্ভ হ’লেও পিছলৈ সাধাৰণ কেশদায়ক সমস্যা উদ্ভৱ হ’ব পাৰে৷ নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা অব্যাহত ৰাখক৷ ঘৰুৱা কামৰ বাবে মন বেয়া হ’লেও সহজ হ’ব পাৰিব৷ শুভ ৰং গোলপীয়া৷

বৃষ : মনলৈ উৎসাহ আহিব৷ নতুন কামত সুযোগ পাব৷ শৰীৰো ভাগৰে পাৰ হ’ব৷ দুৰৰোগ্যগ্রস্তসকল্ কিছু সকাহ পাব৷ বিদ্যাত অনুকুল৷ ভ্রমণৰ পৰা লাভ হ’লেও সাৱধান হওক৷ শুভ ৰং বগা৷

মিথুন : প্রায় দিশতে মনটো মুকলি লাগিব৷ শৰীৰৰ চিন্তা কম৷ বন্ধু–বান্ধৱৰ লগত ভালেই লাগিব৷ শিল্প সুলভতা বৃদ্ধি পাব৷ কোনো নতুন দায়িত্বত দক্ষতা দেখুৱাব৷ ভ্রমণত পিছে সাৱধান হওক৷ শুভ ৰং চিলভাৰ৷

কর্কট : দুই এটা বাধাৰ মাজেৰে দিনটো অগ্রগতি কৰিব৷ ঘৰুৱা দিশত ইটো সিটো থাকিব৷ শৰীৰ সম্পর্কে সাৱধান থাকক৷ সংকট সন্মুখত ৰাখি কোনো যাত্রা বা কাম আদি পাৰিলে স্থগিত ৰাখক৷ শুভ ৰং মেৰুণ৷

সিংহ : উন্নত পৰিৱেশ৷ বিভিন্ন যোগাযোগাদিত আনন্দ পাব৷ ভ্রমণাদিত বিশেষ অসুবিধা নাপায়৷ কিন্তু যাৰ মঙলৰ দশা চলি আছে অলপ সাৱধান হওক৷ সন্তান সুখ৷ বিদ্যাত অনুকুল৷ শুভ ৰং নীলা৷ দিনটোৰ ৰাশিফল

কন্যা : খুব উন্নত পৰিৱেশ নহ’ব৷ ধর্মীয় অনুষ্ঠান যদিও আনন্দিত হ’ব৷ বন্ধু–বান্ধৱৰ শুভ৷ ব্যক্তিত্ব অক্ষুণ্ণ ৰাখিব৷ দাম্পত্যত চিন্তা৷ বিদ্যার্থীৰ মধ্যম৷ শুভ ৰং ৰঙা৷

তুলা : আর্থিক দিশত টানত পৰিলেও কোনো বন্ধু বা তেনে আপোন মানুহৰ উপকাৰ হ’ব৷ বিদ্যাত শুভ৷ দাম্পত্যত শুভ৷ শুভ ৰং সেউজীয়া৷

বৃশ্চিক : হাই–কাজিয়াৰ সূত্রপাত যেন পালে সেই স্থান ত্যাগ কৰক অথবা তর্ক বঢ়াই কামত লিপ্ত অৱস্থাক নিয়ন্ত্রণ কৰক৷ ঘৰুৱাত ভালেই নতুন সংযোগত উৎসাহ৷ শুভ ৰং সেউজীয়া৷

ধনু : আর্থিক উন্নতিৰ কাৰক৷ বিদ্যাত অচল৷ পুৱাৰ ভাগত সাৱধানেৰে মন বিনিময় আদি কৰক৷ ঘৰুৱা বাধা কম৷ বন্ধুবর্গৰ লগত পৰামর্শ কৰাটো ভাল৷ শুভ ৰং নীলা৷

মকৰ : শৰীৰ খুব ভালেৰে নাযাব৷ খৰচ পাতি বৃদ্ধি৷ হঠাৎ কোনো কথাত ক্ষিপ্ত হ’ব পাৰে৷ ব্যয়ৰ কাৰক৷ উৎকণ্ঠাৰ পৰা কিছু সকাহ পাব যদিও সাৱধানে থাকিব লাগিব৷ শুভ ৰং হালধীয়া৷

কুম্ভ : মনোবল থাকিব৷ কর্মত উৎকাহ পূৰণত ফলদায়ক৷ কোনো কামতে খুত নাথাকিব৷ শৰীৰ খুব বেয়া বুলিব নোৱাৰি৷ কিন্তু আকস্মিক বিষ হ’ব পাৰে৷ কোনো অৱতাৰণা হ’লে এৰাই চলক৷ শুভ ৰং সোণালী৷

মীন : কষ্টদায়ক হ’ব পাৰে বুলি হাতত কোনো কাম স্থগিত নৰখাই ভাল৷ আর্থিক দিশত উপকৃত৷ ব্যৱসায়ৰে প্রাপ্ত ধন আদায় কৰাটো অসুবিধা৷ বিদ্যাত শুভ৷ শুভ রং কমলা৷

You might also like