নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ৫ জুন, জেঠ মাহৰ ২১ তাৰিখ
বৃহস্পতিবাৰ : তিথি–শুক্লা দশমী, নক্ষত্র : হস্তা, যাত্রা : শুভ

মেষ : প্রিয় কোনো ব্যক্তিৰ সান্নিধ্য পোৱাৰ যোগ৷ মনৰ কথা ব্যক্ত কৰি শান্তি অনুভৱ কৰিব৷ ঘৰুৱাত মধ্যম৷ সন্তানৰ চিন্তাৰ উন্নতি৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷

বৃষ : আর্থিক উন্নতিৰ বাবে চেষ্টা কৰি চালে হয়তো আশান্বিত হ’ব৷ প্রাপ্য প্রমোচন আদিৰো কাৰক৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

মিথুন : নতুন যোগাযোগ আদিত খুব বেছি চেষ্টা নকৰি গতানুগতিকতা ৰক্ষা কৰি চলক৷ বিদ্যাত সিমান নিৰাশ নহয়৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫৷

কর্কট : মিশ্রিত ফল৷ যিমান ভবা যায় সিমান উপকৃত হ’ব নোৱাৰিব৷ দায়িত্বপূর্ণ ব্যক্তি হিচাপে সাৱধান হওক৷ শৰীৰ মজলীয়া৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩৷

সিংহ : মহিলাসকলে কোনো আকাংক্ষিত কাৰণত অগ্রগতি লভিব৷ শৰীৰ খুব বেয়া নহ’ব৷ যত্ন কৰিব, তাৰ ফলত খুব নিৰাশাও নহ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭৷

কন্যা : আকস্মিক সংযোগ লাভ হ’লেও বৰ উন্নতি বা উৎসাহ নাপাব৷ শৰীৰৰ ইটো–সিটোৰ লগত ঘৰুৱা কথাতো অনুকূল নহ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷

তুলা : কর্মবিষয়ক প্রগতিত কষ্টৰ মাজেৰেও অনুকূলতা লাভ৷ বন্ধুবর্গৰ সহায় থাকিব৷ দাম্পত্যত চিন্তা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷

বৃশ্চিক : অন্যান্য দিশৰ লগতে ব্যক্তিগত কোনো উদ্দেশ্যত অগ্রগতি লভিব৷ বহু আকাংক্ষিত দিশত কিবা হ’লেও অকণ আস্থা দেখিব৷ শৰীৰ মধ্যম৷ দাম্পত্যত শুভ৷

ধনু : গাৰ বলেৰে কাম সমাধা কৰিব পাৰিলেও তাৰ ফল অনুকূল নহ’ব বাবে তেনে চেষ্টা বর্জন কৰক৷ শৰীৰ খুব উন্নত নহ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷

মকৰ : বিদ্যাৰ্থীৰ আজি কিছু চিন্তা থাকিব৷ কিবা ক্লেশদায়ক কাৰণত গৃহকর্মীসকলে সমস্যাত পৰিব৷ পৰাপক্ষত ভ্রমণ স্থগিত ৰাখক৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪৷

কুম্ভ : নিৰুৎসাহৰ দিন নহ’ব৷ যোগাযোগ, ঘৰুৱা–সন্মানীয় কর্মত অনুকূল৷ কিন্তু তাৰ মাজতে গোপন শত্রুৰ বাবে শংকিত হ’ব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷

মীন : চিন্তা কৰি চলক দিনটোত৷ বেছি উৎসাহতে যাতে একো ভুল নকৰে সতর্ক থাকক৷ আগতে নভবা কথাক লৈ কিবা প্রস্তুতিৰ দৰকাৰ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷

You might also like