আজি দিনটোৰ ৰাশিফল, আজি ৬ জুন, জেঠ মাহৰ ২২ তাৰিখ
শুকুৰবাৰ : তিথি–শুক্লা একাদশী, নক্ষত্র : হস্তা, যাত্রা : নাই
মেষ : ব্যৱসায়ত মধ্যম৷ আকস্মিক সংযোগত সুখ৷ যাত্রা কৰিলে পুৱাবেলা কৰিব আৰু প্রথম যাত্রাটো পূব দিশত কৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷
বৃষ : কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ আজি আপুনি বিষ্ণু মন্দিৰত পূজা কৰিব আৰু নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৪৷
মিথুন : ব্যৱসায়ত নতুন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ বিদ্যার্থীসকলৰ বেয়া নহয়৷ প্রাপ্য ধন লাভৰ সম্ভাৱনা৷ শুভ ৰং পাতল হালধীয়া বা ক্রীম, শুভ সংখ্যা ১৷
কর্কট : ব্যৱসায়ত লাভৰ সংযোগ৷ প্রাপ্য ধন পোৱাৰ সম্ভাৱনা৷ যাত্রা দিনৰ ১০ বজাৰ পিছত কৰিব৷ সন্ধ্যা শিৱ মন্দিৰত চাকি জ্বলাব৷ শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ২৷
সিংহ : অনুকূল দিন৷ বিদ্যার্থীসকলে ৰঙা ফুলেৰে পূজা কৰি হাতত ৰঙা সূতাৰে তিনি পাক দি বান্ধি ল’ব৷ আজি ৰঙা আপোনাৰ শুভ ৰং৷ শুভ সংখ্যা ৩৷
কন্যা : ঘৰুৱা সমস্যা বৃদ্ধি পাব৷ কর্মক্ষেত্রত মর্যাদা হানি হ’ব পাৰে৷ ব্যৱসায়ত মধ্যম ফল৷ শুভ ৰং গুলপীয়া৷ শুভ কর্মত আগবাঢ়িব পাৰে৷ যাত্রা শুভ৷ শুভ সংখ্যা ৯৷
তুলা : শৰীৰ ভালে যোৱা টান৷ আর্থিকত বেয়া নহয়৷ কর্মক্ষেত্রত যোগ্যতা থাকিব৷ আজি আপুনি আকাশী ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৬৷
বৃশ্চিক : শুভ সংকেত৷ বুদ্ধিৰ প্রসাৰ বৃদ্ধি পাব৷ পুৱা–গধূলি শিৱৰ মন্ত্র জপ কৰিব৷ ৰাতি নিৰামিষ আহাৰ খাব৷ কমলা ৰং আপোনাৰ শুভ৷ শুভ সংখ্যা ৭৷
ধনু : আর্থিক প্রাপ্তি থাকিলেও খৰচ নকমিব৷ ৰাজহুৱা কামত যোগাযোগ৷ বিদ্যার্থীসকলৰ শুভ৷ শুভ ৰং মেৰুন৷ পৰাপক্ষত যাত্রা নকৰিব৷ শুভ সংখ্যা ২৷
মকৰ : ব্যৱসায়িক যোগাযোগত ভাল যদিও আর্থিক উন্নত নহ’ব৷ সন্তানৰ চিন্তা থাকিব৷ আজি আপুনি ক’লা ৰঙৰ কাপোৰ পিন্ধিব৷ ক’লা ৰং আপোনাৰ শুভ৷ শুভ সংখ্যা ৩৷
কুম্ভ : ঘৰুৱা পৰিৱেশ মজলীয়া৷ আর্থিক লেনদেনত সাৱধান হওক৷ শুভ কর্ম কৰিব পাৰে৷ শুভ ৰং ক্রীম৷ ভ্রমণৰ সময়ত এই ৰঙৰ বস্ত্র ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ৮৷
মীন : ব্যৱহাৰিক দিশত শান্তি থাকিব৷ পঢ়া–শুনাত শুভ৷ কর্মক্ষেত্রত খ্যাতি লভিব৷ আপোনাৰ শুভ ৰং হালধীয়া৷ আজি হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব৷ শুভ সংখ্যা ১৷