নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ৯ জুন, জেঠ মাহৰ ২৫ তাৰিখ
সোমবাৰ : তিথি–শুক্লা ত্রয়োদশী, নক্ষত্র : বিশাখা, যাত্রা : নাই

মেষ : শুভ ৰং বগা, সংখ্যা ৩৷ প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে৷ যিকোনো কাম কৰিলে সফল হ’ব৷ ব্যৱসায়ত ভাল ফল পাব৷ প্রতিকাৰ– তুলসীৰ পূজা কৰিব৷

বৃষ : শুভ ৰং বেঙুনীয়া, সংখ্যা ২৷ ঘৰলৈ মূল্যৱান বস্তু অহাৰ সম্ভাৱনা আছে৷ যিকোনো ভাল কাম কৰিলে সুফল পাব৷ বন্ধুৰ লগত বিচ্ছেদ ঘটিব পাৰে৷ প্রতিকাৰ– বেলপাতত চন্দন লগাই লগত ৰাখিব৷

মিথুন : শুভ ৰং হালধীয়া, সংখ্যা ৫৷ আপুনি কৰা ভুলৰ বাবে আনে কষ্ট পাব লগা হ’ব পাৰে৷ চাকৰিয়ালসকলে নিজৰ কামত মন দিয়ক, অন্যথা ক্ষতি হ’ব৷ সন্তানে কৰা ভাল কামৰ বাবে গৌৰৱ অনুভৱ কৰিব৷

কর্কট : শুভ ৰং বগা, সংখ্যা ৮৷ মূল্যৱান বস্তুৰ ক্ষতি হ’ব পাৰে৷ মাটিৰ সীমাক লৈ সমস্যা হ’ব পাৰে৷ কর্মত বাধা পাব৷ আজি ভাল কাম হাতত নল’ব৷ প্রতিকাৰ– ঘৰৰ উত্তৰ কোণত খুঁটি এটা মাৰি তাত এখন ৰঙা কাপোৰ বান্ধিব আৰু গুৰিত ধূপ–চাকি জ্বলাব৷

সিংহ : শুভ ৰং আকাশী নীলা, সংখ্যা ৯৷ ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ সন্ধান পাব৷ টকা–পইচাৰ অভাৱ বাঢ়িব৷ সন্তানৰ শুভ৷ প্রতিকাৰ– পাৰিলে উপবাসে থাকিব আৰু একচিত্তে শিৱৰ চৰণ চিন্তা কৰি ধ্যান কৰিব৷

কন্যা : শুভ ৰং গুলপীয়া, সংখ্যা ২৷ খং দমাই ৰাখিব, অন্যথা ক্ষতি হ’ব৷ যুটীয়াকৈ কৰা ব্যৱসায়ৰ ব্যৱসায়ীৰ মতানৈক্য হৈ সংঘাত আহিব পাৰে৷ নিজৰ ভুলৰ বাবে অর্থ হানি হোৱাৰ সম্ভাৱনা৷ টকা–পইচাৰ অভাৱ বাঢ়িব৷ প্রতিকাৰ– ভিক্ষাৰী এজনক বগা মিঠাই দান কৰি প্রণাম কৰিব৷

তুলা : শুভ ৰং বেঙুনীয়া, সংখ্যা ৭৷ চাকৰিয়ালসকলে আজি টকা–পইচাৰ লেনদেন নকৰা ভাল৷ পুৰণা ৰোগ থকাসকলৰ পীড়া বৃদ্ধি পাব৷ সন্তানে সমাজত সুনাম পাব৷ প্রতিকাৰ– গা ধুই নৱগ্রহৰ স্ত্রোতম পাঠ কৰিব৷

বৃশ্চিক : শুভ ৰং বগা, সংখ্যা ৪৷ অচিন শত্রুৰ পৰা ক্ষতি হোৱাৰ ভয়৷ চাকৰিয়ালসকলে সন্মান লাভ কৰিব৷ প্রতিকাৰ– ক’লা মণি এটা পানীৰ পাত্রত লৈ সুৰক্ষিত স্থানত ৰাখিব৷

ধনু : শুভ ৰং গেৰুৱা, সংখ্যা ৮৷ টকা–পইচাৰ লেনদেন কৰোঁতে সাৱধান হ’ব৷ আর্থিক ক্ষতিৰ যোগ৷ শিক্ষার্থীয়ে ভাল ফল দেখুৱাব পাৰিব৷ ব্যৱসায়ত শুভ৷ প্রতিকাৰ– ঘৰৰ পৰা ওলাওঁতে সূর্যলৈ চাই প্রণাম কৰি ওলাই যাব৷

মকৰ : শুভ ৰং হালধীয়া, সংখ্যা ২৷ পুৰণা ৰোগত ভুগি থকাসকলে খোৱা–বোৱাত বিশেষ ধ্যান ৰাখিব৷ ব্যৱসায়ীসকলে কর্মচাৰীৰ ওপৰত চকু ৰাখিব৷ প্রতিকাৰ– বেলপাত এটাত ৰঙা চন্দন লগাই লগত ৰাখিব৷

কুম্ভ : শুভ ৰং নীলা, সংখ্যা ৩৷ বিবাহ সম্পর্কে চলি থকা কথা–বতৰাৰ আজি ভাল খবৰ পাব৷ আত্মীয়ৰ পৰা ক্ষতি হোৱাৰ আশংকা আছে৷ হাত–ভৰিত আঘাত পাব পাৰে৷ প্রতিকাৰ– ঘৰ ভালদৰে পৰিষ্কাৰ কৰি ধূপ–ধূনা জ্বলাই গৃহলক্ষ্মীৰ পূজা–অর্চনা কৰিব৷

মীন : শুভ ৰং সেউজীয়া, সংখ্যা ৫৷ আনক উপকাৰ কৰিবলৈ গৈ ক্ষতি হোৱাৰ ভয়৷ দুর্ঘটনাৰ প্রবল সম্ভাৱনা আছে৷ সন্তানৰ ভুলৰ বাবে লাজত পৰিব৷ শত্রুৰ পৰা ক্ষতিৰ আশংকা৷ প্রতিকাৰ– ভিক্ষাৰীক ক’লা বস্তু দান কৰিব৷

You might also like