আজি দিনটোৰ ৰাশিফল, আজি ১৪ জুন, জেঠ মাহৰ ৩০ তাৰিখ
শনিবাৰ : তিথি–কৃষ্ণা তৃতীয়া, নক্ষত্র : উত্তৰাষাঢ়া, যাত্রা : নাই
মেষ : নানাধৰণৰ চিন্তা থাকিব৷ অৱশ্যে পূর্বতে দিয়া কথাৰ প্রতি বেছি সক্রিয় হোৱা দৰকাৰ৷ আপোনাৰ শুভ বর্ণ বগা৷ বগা ৰং ব্যৱহাৰ কৰিব৷ যাত্রা শুভ৷ শুভ সংখ্যা ৩৷
বৃষ : আৱেগপ্রৱণতা৷ কর্মত বিপদৰ শংকা নাথাকিব৷ ব্যস্ত হৈ পৰাৰ কাৰক৷ আজি আপুনি সেউজীয়া ৰং ব্যৱহাৰ কৰিব৷ দূৰ ভ্রমণৰ সম্ভাৱনা আছে৷ শুভ সংখ্যা ২৷
মিথুন : কর্তৃত্বহীন লোকৰ পৰা কোনো অভিযোগ পোৱাৰ সম্ভাৱনা৷ খৰচ-পাতি বাঢ়িব যদিও অর্থনৈতিক সমস্যা নিয়ন্ত্রণৰ মাজত থাকিব৷ শুভ বর্ণ হালধীয়া৷ আবেলি চাৰি বজাৰ পিছত যাত্রা নকৰিব৷ শুভ সংখ্যা ৪৷
কর্কট : কর্মব্যস্ত লোকৰ মধ্যম আহুকাল৷ শৰীৰ আদিৰ বাবে দুশ্চিন্তা কম৷ অনুকূল ফল আশা কৰিব পাৰে৷ শুভ বর্ণ ৰঙা৷ ৰঙা বস্ত্র পৰিধান কৰি ৰাতিপুৱা সূর্যক প্রণাম কৰিব৷ শুভ সংখ্যা ৭৷
সিংহ : কর্মক্ষেত্রত ভৱিষ্যৎ অনুকূল দেখা যায়, কিন্তু মনোমত সংযোগ প্রাপ্তিত বাধা পাব৷ আজি পৰাপক্ষত যাত্রা নকৰিব৷ যাত্রা কৰিলেও পুৱাৰ ভাগতহে কৰিব৷ ক্রীম ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৩৷
কন্যা : অবাঞ্ছিত লোকৰ পৰা সতর্ক থাকক৷ কিন্তু সামগ্রিকভাৱে দিনটো ভালদৰে পাৰ হ’ব৷ সু-সংবাদ পাব পাৰে। শুভ বর্ণ ক’লা৷ ক’লা ৰঙৰ পোছাক পিন্ধিব৷ যাত্রা কৰিব পাৰে৷ শুভ সংখ্যা ১৷
তুলা : আর্থিক লাভৰ বিশেষ যোগ নাথাকিলেও কোনো লোকৰ পৰা আনন্দিত হ’ব৷ ধৰুৱাত পূর্বৰ তুলনাত উন্নত৷ শুভ বর্ণ মেৰুন৷ আজি যাত্রা কৰোঁতে মেৰুন ৰঙৰ কাপোৰ পিন্ধিব৷ শুভ সংখ্যা ৫৷
বৃশ্চিক : সাধাৰণ উন্নত৷ কিন্তু কিবা সম্ভাব্য পৰিৱেশৰ বাবে উদ্বেগ থাকিব৷ যোগাযোগ কৰি উৎসাহ পাব৷ আজি আপুনি পাতল গুলপীয়া ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৬৷
ধনু : ফুৰা–চকাত গা বচাই চলক৷ অন্যমনস্কতাৰে একোৱে নকৰিব৷ পুৱাৰ ভাগত শিৱৰ মন্ত্র জপ কৰক৷ হাতত এখন বগা ৰুমাল ৰাখক৷ জ্ঞাতি–কুটুম্ব, বাহিৰত থকা কোনোলৈ কিছু চিন্তা৷ শুভ সংখ্যা ৩৷
মকৰ : নিৰাশাবাদ৷ মতান্তৰৰ সম্ভাৱক৷ কিন্তু পুৰণা প্রিয় বন্ধু লাভৰ যোগ৷ যাত্রাদি স্থগিত ৰাখক৷ শুভ বর্ণ পাতল হালধীয়া বা ক্রীম ৰং৷ এই ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৯৷
কুম্ভ : আজি আশান্বিত উন্নতি বা সংস্থাপনৰ যোগ৷ পিতৃ–মাতৃলৈ অৱশ্যে চিন্তা থাকিব৷ আজি আপোনাৰ শুভ বর্ণ পাতল নীলা৷ যাত্রা বা শুভ কর্ম কৰাৰ সময়ত পাতল নীলা ৰঙৰ কাপোৰ পিন্ধিব৷ শুভ সংখ্যা ৪৷
মীন : কর্মস্থানত কিবা খেলি–মেলি বা ভুল যাতে নহয় লক্ষ্য ৰাখক৷ বিদ্যার্থীসকলৰ খুব বেয়া দেখা নাযায়৷ আপোনাৰ শুভ বর্ণ বেঙুনীয়া৷ যাত্রা আছে৷ শুভ সংখ্যা ৮৷