নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ জুন, জেঠ মাহৰ ২৬ তাৰিখ
শনিবাৰঃ তিথি–কৃষ্ণা সপ্তমী, নক্ষত্রঃ শতভিষা, যাত্রাঃ নাই

মেষঃ শুভ ৰং বগা, সংখ্যা ৩ ৷ প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে ৷ যিকোনো কাম কৰিলে সফল হ’ব ৷ ব্যৱসায়ত ভাল ফল পাব ৷ প্রতিকাৰ– তুলসীৰ পূজা কৰিব ৷
বৃষঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ২ ৷ ঘৰলৈ মূল্যৱান বস্তু অহাৰ সম্ভাৱনা আছে ৷ যিকোনো ভাল কাম কৰিলে সুফল পাব ৷ বন্ধুৰ লগত বিচ্ছেদ ঘটিব পাৰে ৷
মিথুনঃ শুভ ৰং হালধীয়া, সংখ্যা ৫ ৷ আপুনি কৰা ভুলৰ বাবে আনে কষ্ট পাব লগা হ’ব পাৰে ৷ চাকৰিয়ালসকলে নিজৰ কামত মন দিয়ক, অন্যথা ক্ষতি হ’ব ৷
কর্কটঃ শুভ ৰং বগা, সংখ্যা ৮ ৷ মূল্যৱান বস্তুৰ ক্ষতি হ’ব পাৰে ৷ মাটিৰ সীমাক লৈ সমস্যা হ’ব পাৰে ৷ কর্মত বাধা পাব ৷ আজি ভাল কাম হাতত নল’ব ৷
সিংহঃ শুভ ৰং আকাশী নীলা, সংখ্যা ৯ ৷ ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ সন্ধান পাব ৷ টকা–পইচাৰ অভাৱ বাঢ়িব ৷ অলপ চেষ্টা কৰিলে কর্মসংস্থাপন লাভ কৰিব পাৰিব ৷
কন্যাঃ শুভ ৰং গুলপীয়া, সংখ্যা ২ ৷ খং দমাই ৰাখিব, অন্যথা ক্ষতি হ’ব ৷ যুটীয়াকৈ কৰা ব্যৱসায়ৰ ব্যৱসায়ীৰ মতানৈক্য হৈ সংঘাত আহিব পাৰে ৷ নিজৰ ভুলৰ বাবে অর্থ হানি হোৱাৰ সম্ভাৱনা ৷ টকা–পইচাৰ অভাৱ বাঢ়িব ৷
তুলাঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৭ ৷ চাকৰিয়ালসকলে আজি টকা–পইচাৰ লেনদেন নকৰা ভাল ৷ পুৰণা ৰোগ থকাসকলৰ পীড়া বৃদ্ধি পাব ৷
বৃশ্চিকঃ শুভ ৰং বগা, সংখ্যা ৪ ৷ অচিন শত্রুৰ পৰা ক্ষতি হোৱাৰ ভয় ৷ চাকৰিয়ালসকলে সন্মান লাভ কৰিব ৷ ব্যৱসায়ত লোকচানৰ আশংকা আছে ৷ সন্তানে দুখ দিব ৷
ধনুঃ শুভ ৰং গেৰুৱা, সংখ্যা ৮ ৷ টকা–পইচাৰ লেনদেন কৰোঁতে সাৱধান হ’ব ৷ আর্থিক ক্ষতিৰ যোগ ৷ শিক্ষার্থীয়ে ভাল ফল দেখুৱাব পাৰিব ৷ ব্যৱসায়ত শুভ ৷
মকৰঃ শুভ ৰং হালধীয়া, সংখ্যা ২ ৷ পুৰণা ৰোগত ভুগি থকাসকলে খোৱা–বোৱাত বিশেষ ধ্যান ৰাখিব ৷ পাবলৈ থকা টকা হাতলৈ আহিব ৷
কুম্ভঃ শুভ ৰং নীলা, সংখ্যা ৩ ৷ বিবাহ সম্পর্কে চলি থকা কথা–বতৰাৰ আজি ভাল খবৰ পাব ৷ আত্মীয়ৰ পৰা ক্ষতি হোৱাৰ আশংকা আছে ৷ হাত–ভৰিত আঘাত পাব পাৰে ৷
মীনঃ শুভ ৰং সেউজীয়া, সংখ্যা ৫ ৷ আনক উপকাৰ কৰিবলৈ গৈ ক্ষতি হোৱাৰ ভয় ৷ দুর্ঘটনাৰ প্রবল সম্ভাৱনা আছে ৷ সন্তানৰ ভুলৰ বাবে লাজত পৰিব ৷

You might also like