আজি দিনটোৰ ৰাশিফল, আজি ২৮ জুন, আহাৰ মাহৰ ১৩ তাৰিখ
শনিবাৰ : তিথি–শুক্ল তৃতীয়া, নক্ষত্র : পুষ্যা, যাত্রা : নাই
মেষ : আর্থিক দিশত বেছি বাধা নাপাব৷ দৈহিক দিশত বিষ–বেদনা থাকিব৷ প্রেম–প্রণয়ত সাৱধান৷ শুভ ৰং ৰঙা৷
বৃষ : কর্মক্ষেত্রত সৰু–সুৰা বাধা আহিব পাৰে। দিনটোত আর্থিক সমস্যা থাকিব৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক৷ শুভ ৰং সেউজীয়া৷
মিথুন : শৰীৰ প্রায় অনুকূলমুখী৷ বিদ্যাত যত্নৱান হওক, অযথা কামত সময় নষ্ট নকৰাই ভাল৷ আর্থিকত শুভ ফল পাব। ব্যৱসায়ত মধ্যম উন্নতি৷ সন্তানসম্ভৱা মহিলাসকল সাৱধান থাকিব৷ শুভ ৰং নীলা৷
কর্কট : ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব৷ কর্মক্ষেত্রত শুভ ফল পাব৷ শৰীৰ আৰু পৰিৱেশ কিছু প্রতিকূল থাকিব৷ শুভ ৰং ক’লা৷
সিংহ : আর্থিক বাধা নাপাব। শাৰীৰিক দিশত জ্বৰ, কাহ, পেটৰ অসুখত ভুগিব পাৰে৷ ব্যৱসায়ত শুভ ফল পাব৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক৷ শুভ ৰং মেৰুন৷
কন্যা : দিনটো উন্নত নহ’ব পাৰে। ঘৰুৱা কাৰণত মন বেয়া হ’ব পাৰে৷ আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল৷ দাম্পত্যত শুভ৷ শুভ ৰং হালধীয়া৷
তুলা : একাধিক কথাত মন বিক্ষিপ্ত থাকিব৷ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব৷ প্রেমত বাধা, ঘৰুৱা শুভ৷ শুভ ৰং সোণালী৷
বৃশ্চিক : পুৱাৰ ভাগত মনত উদ্বেগ দেখা যায়৷ ভ্রমণ কৰিব পাৰে৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ চেষ্টা কৰক৷ প্রেমত শুভ৷ শুভ ৰং কমলা৷
ধনু : ব্যৱসায়ত মধ্যম৷ শাৰীৰিক দিশত দুর্বলতা থাকিব৷ সন্তানৰ শুভ৷ প্রেমত অস্থিৰতা থাকিব৷ দাম্পত্যত মধ্যম৷ শুভ ৰং গুলপীয়া৷
মকৰ : কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰি ৰাখিব৷ আর্থিকত বেয়া নহ’ব৷ প্রেম–প্রীতিত আন্তৰিকতা৷ শুভ ৰং বগা৷
কুম্ভ : দিনৰ ১২ বজাৰ পিছত কিছু ফৰকাল অনুভৱ কৰিব৷ ব্যৱসায়ত মধ্যম৷ দাম্পত্যত মতানৈক্যৰ সৃষ্টি৷ বিদ্যাত শুভ৷ শুভ ৰং সেউজীয়া৷
মীন : ঘৰুৱা পৰিৱেশ অনুকূল৷ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব৷ শৰীৰ বেয়া নাযায়৷ প্রেমত শুভ৷ শুভ ৰং ক’লা৷