আজি ১১ জুন, জেঠ মাহৰ ২৭ তাৰিখ
দেওবাৰঃ তিথি–কৃষ্ণা অষ্টমী, নক্ষত্রঃ ব্বর্বভাদ্রপদ, যাত্রাঃ নাই
মেষঃ উন্নত পৰিৱেশ ৷ প্রিয় বন্ধু–বান্ধৱৰ লগত সাক্ষাৎ লাভ ৷ ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব পাৰে ৷ দায়িত্বপূর্ণ কর্মৰ ক্ষেত্রত সচেতন হওক ৷ শুভ ৰং ক্রীম, সংখ্যা ৩ ৷
বৃষঃ যান–বাহন চলোৱা লোকসকলে আজি দিনটো সাৱধান থাকক ৷ বিবাহিত জীৱনৰ শুভ ফল ৷ উচ্চ শিক্ষাৰ বাবে সমস্যা হ’ব পাৰে ৷ শুভ ৰং মটীয়া, সংখ্যা ১০ ৷
মিথুনঃ সন্তানৰ বাবে খৰচ বৃদ্ধি হ’ব পাৰে ৷ গৃহ নির্মাণৰ ফলত বাধা দেখা যায় ৷ দেহৰ অশান্তি হ’ব পাৰে ৷ শত্রুৰ পৰা সাৱধানে থাকক ৷ শিক্ষাত শুভ ফল ৷ শুভ ৰং হালধীয়া, সংখ্যা ৬ ৷
কর্কটঃ বিদ্যাত সাফল্য লাভ ৷ গৱেষণামূলক কামৰ বিকাশ ৷ আশা কৰা কোনো যোগাযোগ বিফল হ’ব পাৰে ৷ আর্থিক দিশত ভাল ৷ শুভ ৰং বগা, সংখ্যা ৮ ৷
সিংহঃ আর্থিক উন্নতিৰ কাৰণে নতুন যোগাযোগ সফল হ’ব পাৰে ৷ পুৰণি অসুখ সাময়িক কষ্টদায়ক হ’ব পাৰে ৷ আয় বৃদ্ধিৰ লগত সঞ্চয় বৃদ্ধিৰ যোগ ৷ প্রেমত শুভ ফল ৷ শুভ ৰং গুলপীয়া, সংখ্যা ৭ ৷
কন্যাঃ স্বাস্থ্যৰ অসুবিধা হ’ব পাৰে ৷ পঢ়া–শুনাৰ চেষ্টাৰ প্রতি গুৰুত্ব দিয়ক ৷ পাৰিবাৰিক কোনো বিষয়ে উৎকণ্ঠা বৃদ্ধি হ’ব পাৰে ৷ প্রেমৰ দিশত বাধা দেখা যায় ৷ শুভ ৰং ক’লা, সংখ্যা ৫ ৷
তুলাঃ আর্থিক অসুবিধা কিছু পৰিমাণে লাঘৱ হোৱাৰ আশা দেখা যায় ৷ কোনো প্রভাৱশালী লোকৰ সান্নিধ্য লাভ কৰিব পাৰে ৷ কর্মচাৰীসকলৰ বাবে নতুন সুযোগ আহিব পাৰে ৷ শুভ ৰং ৰঙা, সংখ্যা ৪ ৷
বৃশ্চিকঃ কর্মক্ষেত্রত নিজৰ দায়িত্বৰ বিষয়ে সতর্ক থাকিব ৷ আর্থিকভাৱে উন্নতি হোৱাৰ সম্ভাৱনা ৷ অত্যধিক পৰিশ্রম বর্জন কৰিব ৷ আজিৰ দিনটো আপোনাৰ মধ্যমভাৱে পাৰ হ’ব ৷ শুভ ৰং হালধীয়া, সংখ্যা ৬ ৷
ধনুঃ যিকোনো কাম আৰম্ভ কৰাৰ আগত নিজে স্থিৰভাৱে চিন্তা কৰি ল’ব ৷ পাৰিবাৰিক সিদ্ধান্ত গ্রহণৰ পূর্বে গুৰুজনৰ লগত আলোচনা হ’ব পাৰে ৷ অত্যধিক পৰিশ্রম বর্জন কৰিব ৷ শুভ ৰং গুলপীয়া, সংখ্যা ৭ ৷
মকৰঃ যিমান পাৰে দিনটোত কঠোৰ বাক্য প্রয়োগ নকৰা ভাল হ’ব ৷ ভ্রমণৰ দিশত বাধা দেখা যায় ৷ আনৰ কথাৰ ওপৰত নির্ভৰ নকৰা ভাল হ’ব ৷ দাম্পত্যত অশান্তি ৷ শুভ ৰং মটীয়া, সংখ্যা ২ ৷
কুম্ভঃ আয় বৃদ্ধিৰ কাৰকতা দেখা যায় ৷ কর্মক্ষেত্রত কিছু বাধা আহিব পাৰে ৷ দাম্পত্যত শুভ ফল ৷ বিদ্যাত মাধ্যম ফল ৷ ব্যৱসায়ৰ ক্ষেত্রত অশান্তি হ’ব পাৰে ৷ শুভ ৰং বগা, সংখ্যা ৬ ৷
মীনঃ আর্থিক দিশত মজলীয়া ফল পাব ৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত গুৰুতৰ একো সিদ্ধান্ত নোলোৱাই ভাল ৷ বিদ্যার্থীসকলৰ বাবে শুভ ফল ৷ প্রেমত মতবিৰোধ হ’ব পাৰে ৷ শুভ ৰং পাতল নীলা, সংখ্যা ৮৷