আজি ১৩ জুন, জেঠ মাহৰ ২৯ তাৰিখ
মঙলবাৰঃ তিথি–কৃষ্ণা দশমী, নক্ষত্রঃ ৰেৱতী, যাত্রাঃ নাই
মেষঃ যুক্তিসংগত কথাৰ বাবে আপুনি কিছু কষ্ট অনুভৱ কৰিব ৷ কোনো কথাৰ পৰিৱেশত অনাহক চিন্তিত হ’ব পাৰে ৷ ঘৰুৱাত বাধা কম ৷ হঠাৎ ব্যস্ততা বৃদ্ধি ৷ শুভ ৰং বগা, শুভ সংখ্যা ১ ৷
বৃষঃ কর্মস্থানত নিজৰ দায়িত্ব পালন কৰক ৷ দার্শনিক চিন্তাই কিছু উদ্বুদ্ধ কৰিব ৷ দাম্পত্যত শুভ ফল ৷ ব্যৱসায়ত টকা খটুৱালে লাভৰ কাৰকতা ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩ ৷
মিথুনঃ কর্মক্ষেত্রত সহকর্মীৰ মতামতক প্রাধান্য নিদিব ৷ আর্থিক লেনদেনত গুৰুজনৰ পৰামর্শ লোৱা বাঞ্ছনীয় ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫ ৷
কর্কটঃ নিবনুৱা ব্যক্তিসকলৰ কর্মপ্রাপ্তিৰ যোগ ৷ ভাবি থকা কামত বাধাৰ কাৰকতা ৷ পতি–পত্নীৰ যৌথ প্রচেষ্টা সফল হোৱাৰ কাৰকতা ৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭ ৷
সিংহঃ অভিনৱ পৰিকল্পনাৰ সুদক্ষ ৰূপায়ণ আৰু মান–সন্মান বৃদ্ধি ৷ কর্ম আৰু ধর্মত সমভাৱে আসক্ত হ’ব পাৰে ৷ দাম্পত্য সম্পর্ক শুভ ৷ ধনাভাৱ যথাযথ ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২ ৷
কন্যাঃ কর্মত অগ্রিম পদোন্নতি ৷ মনোবল বৃদ্ধি আৰু উদ্যোগ প্রতিষ্ঠাৰ চেষ্টা ৷ পুত্র বা কন্যাৰ পৰা ক্ষয়–ক্ষতিৰ আশংকা ৷ সম্ভাব্য স্থলত অপত্য লাভ ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৪ ৷
তুলাঃ প্রয়োজনীয় আৰু অপ্রয়োজনীয় কথাত মন গধুৰ হৈ থাকিব ৷ কিন্তু সামগ্রিকভাৱে সমগ্র দিনটোত অনুকূল প্রভাৱ থাকিব ৷ বুদ্ধিৰো উন্নত ফল ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৭ ৷
বৃশ্চিকঃ শৰীৰ ভালেই যাব ৷ পাৰিবাৰিক ক্ষেত্রত সু–সংবাদ লাভৰ কাৰক ৷ কোনো বিষয়ত ভাব প্রৱণতা বা ৰুক্ষতা বর্জন কৰাই উচিত ৷ ভ্রমণত মধ্যম ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬ ৷
ধনুঃ উন্নত সংযোগ ৷ ভ্রমণত সাধাৰণ ব্যাঘাত ৷ আর্থিকত যিমান আশা কৰিব, তাৰ কিয়দংশহে পূৰণৰ আশা ৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮ ৷
মকৰঃ পাৰিপার্শ্বিকৰ পৰা কিছু অশান্তি বা কর্মক্ষতি আদিৰ সম্ভাৱনা আছে ৷ নিজৰ অজানিতে কোনো প্রগতিশীল কর্মত ক্ষতিগ্রস্ত হ’ব পাৰে ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১ ৷
কুম্ভঃ মনটো ধীৰে ধীৰে ভালৰ পিনে আহিব ৷ ব্যৱসায়ত চিন্তাৰ কাৰণ নাই ৷ কর্মস্থান শুভ বুলি ক’ব পাৰি ৷ অর্থভাগ্যৰ সুযোগ ৷ দাম্পত্য জীৱন মধুৰ হ’ব ৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩ ৷
মীনঃ অবাস্তৱ কথাৰ মাজত কষ্ট পাব ৷ যোগাযোগত সুফল কম পাব ৷ শৰীৰ সম্পর্কে উদাসীনতা ৷ খৰচ–পাতি বর্জন কৰক ৷ উপর্যুপৰি দায়িত্বৰ কাৰক ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২ ৷