নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৬ জুন, জেঠ মাহৰ ৩২ তাৰিখ
শুকুৰবাৰঃ তিথি–কৃষ্ণা ত্রয়োদশী, নক্ষত্রঃ কৃত্তিকা, যাত্রাঃ নাই

মেষঃ পুৱা ভালেই যাব যদিও আবেলি ভাগত কর্মক্ষেত্রত সহযোগীৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে ৷ ঘৰুৱাত উন্নতি ৷ শুভ ৰং কমলা ৷
বৃষঃ দিনটো মজলীয়া হ’লেও সাৱধানেৰে পাৰ কৰক ৷ লটাৰী প্রাপ্তিৰ যোগ দেখা যায় ৷ প্রেম–প্রণয়ত বেছি আৱেগিক নহ’ব ৷ শুভ ৰং নীলা ৷
মিথুনঃ ভাবি–চিন্তি অচিনাকি মানুহৰ লগত কথা কওক, নহ’লে বিপদত পৰিব পাৰে ৷ সন্তানৰ শৰীৰ ভালে নাযাব ৷ ঘৰুৱাত মধ্যম ফল আশা কৰিব পাৰে ৷ শুভ ৰং আকাশী ৷
কর্কটঃ কর্মৰ ওপৰত বিশ্বাস ৰাখক, দিনটো ভালেৰে পাৰ হ’ব ৷ মামলা-মোকর্দমাত জয়লাভ। ব্যৱসায়ীসকলৰ নতুন পথ খুলিব ৷ বিদ্যার্থীৰ মনোবাঞ্ছা পূৰণ হ’ব ৷ শুভ ৰং বগা ৷
সিংহঃ আর্থিক উন্নতিত বাধা ৷ গতানুগতিক কামত বেছি বাধা নাই ৷ ভ্রমণত দ্রব্য লাভ ৷ বিবাহৰ ক্ষেত্রত থকা বাধা আঁতৰি যাব ৷ শুভ ৰং বগা ৷
কন্যাঃ ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ ৷ পত্নীৰ সহযোগিতা লাভ কৰিব ৷ প্রতিষ্ঠিত ব্যৱসায়ীৰ বাবে দিনটো শুভ ৷ ঘৰুৱাত অশান্তিৰ সৃষ্টি ৷ শুভ ৰং নীলা ৷
তুলাঃ নতুন কোনো সৎ লোকৰ লগত সাক্ষাৎ ৷ কর্মাদিত শৃংখলা অটুট থাকিব ৷ নিজৰ শৰীৰৰ প্রতি যত্ন লওক ৷ বিদ্যার্থীয়ে মজলীয়া ফল লাভ কৰিব ৷ শুভ ৰং সেউজীয়া ৷
বৃশ্চিকঃ চাকৰিয়াল ব্যক্তিসকলৰ বদলিৰ সম্ভাৱনা দেখা যায় ৷ বন্ধুৰ পৰা সহানুভূতি লাভ ৷ ঘৰুৱাত মোটামুটি শুভ ৷ প্রেম–প্রণয়ত সামাজিক অপবাদ ৷ শুভ ৰং বগা ৷
ধনুঃ আর্থিক দিশত আয়তকৈ ব্যয় বৃদ্ধি পাব ৷ অলাগতিয়াল কথাত কাণ নিদিয়াই ভাল ৷ ঘৰুৱাত সন্দেহ ভাব ঘনীভূত হ’ব পাৰে ৷ শুভ ৰং ক’লা ৷
মকৰঃ দুপৰীয়াৰ সময়ত আঘাত পাব পাৰে ৷ ঘৰত আলহীৰ সমাগম ৷ মনোমত পৰিৱেশ আশা কৰিব পাৰি ৷ শুভ ৰং ৰঙা ৷
কুম্ভঃ মনৰ স্থিৰতা বজাই ৰখা দৰকাৰ ৷ শৰীৰ ভালেই যাব ৷ নিবনুৱাসকলে চাকৰি বিচাৰি পাব ৷ বিদ্যার্থীৰ কাৰণে দিনটো অনুকূল ৷ শুভ ৰং গুলপীয়া ৷
মীনঃ ব্যৱসায়ত মধ্যম ফল আশা কৰিব পাৰি ৷ বৈবাহিক জীৱনত বাধা থাকিব ৷ দৈহিক ক্ষেত্রত শুভ ৷ বিদেশ যাত্রাৰ সম্ভাৱনা ৷ শুভ ৰং বগা ৷

You might also like