আজি ১৯ জুন, আহাৰ মাহৰ ৩ তাৰিখ
সোমবাৰঃ তিথি–শুক্লা প্রতিপদ, নক্ষত্রঃ আর্দ্রা, যাত্রাঃ শুভ
মেষঃ প্রিয় কোনো ব্যক্তিৰ সান্নিধ্য পোৱাৰ যোগ ৷ মনৰ কথা ব্যক্ত কৰি শান্তি অনুভৱ কৰিব ৷ ঘৰুৱাত মধ্যম ৷ সন্তানৰ চিন্তাৰ উন্নতি ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮ ৷
বৃষঃ আর্থিক উন্নতিৰ বাবে চেষ্টা কৰি চালে হয়তো আশান্বিত হ’ব ৷ প্রাপ্য প্রমোচন আদিৰো কাৰক ৷ ৰাহু-মঙলৰ বাবে অকাৰণত খং আৰু ফুৰা–চকাত বিশেষভাৱে সাৱধান থকাটো ভাল ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২ ৷
মিথুনঃ নতুন যোগাযোগ আদিত খুব বেছি চেষ্টা নকৰি গতানুগতিকতা ৰক্ষা কৰি চলক ৷ বিদ্যাত সিমান নিৰাশ নহয় ৷ শৰীৰ সম্পর্কে কিছু চিন্তা ৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫ ৷
কর্কটঃ মিশ্রিত ফল ৷ যিমান ভবা যায় সিমান উপকৃত হ’ব নোৱাৰিব ৷ দিনটোত যিখিনি কৰে, দায়িত্বপূর্ণ ব্যক্তি হিচাপে সাৱধান হওক ৷ শৰীৰ মজলীয়া ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩ ৷
সিংহঃ মহিলাসকলে কোনো আকাংক্ষিত কাৰণত অগ্রগতি লভিব ৷ শৰীৰ খুব বেয়া নহ’ব ৷ যিখিনি যত্ন কৰিব, তাৰ ফলত খুব নিৰাশো নহ’ব ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭ ৷
কন্যাঃ আকস্মিক সংযোগ লাভ হ’লেও বৰ উন্নতি বা উৎসাহ নাপাব ৷ শৰীৰৰ ইটো সিটোৰ লগতে ঘৰুৱা কথাতো অনুকূল নহ’ব ৷ বন্ধুৰ পৰা উপকাৰ ৷ শুভ ৰং বগা, শুভ সংখ্যা ১ ৷
তুলাঃ কর্মবিষয়ক প্রগতিত কষ্টৰ মাজেৰেও অনুকূলতা লাভ ৷ বন্ধুবর্গৰ সহায় থাকিব ৷ কোনো লোকৰ মিঠা কথাৰ প্রতি তীক্ষ্ণ নজৰ ৰাখক ৷ দাম্পত্যত চিন্তা ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩ ৷
বৃশ্চিকঃ অন্যান্য দিশৰ লগতে ব্যক্তিগত কোনো উদ্দেশ্যত অগ্রগতি লভিব ৷ বহু আকাংক্ষিত দিশত কিবা হ’লেও অকণ আস্থা দেখিব ৷ শৰীৰ মধ্যম ৷ দাম্পত্যত শুভ ৷
ধনুঃ গাৰ বলেৰে কাম সমাধা কৰিব পাৰিলেও তাৰ ফল অনুকূল নহ’ব বাবে তেনে চেষ্টা বর্জন কৰক ৷ শৰীৰ খুব উন্নত নহ’ব৷ সৰু কথাতে বিতুষ্ট হৈ পৰিব পাৰে ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪ ৷
মকৰঃ বিদ্যাৰ্থীৰ আজি কিছু চিন্তা থাকিব ৷ কিবা ক্লেশদায়ক কাৰণত গৃহকর্মীসকলে সমস্যাত পৰিব ৷ পৰাপক্ষত ভ্রমণ স্থগিত ৰাখক ৷ দাম্পত্যত মজলীয়া ফল ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪ ৷
কুম্ভঃ নিৰুৎসাহৰ দিন নহ’ব ৷ যোগাযোগ, ঘৰুৱা-সন্মানীয় কর্মত অনুকূল ৷ কিন্তু তাৰ মাজতে গোপন শত্রুৰ বাবে শংকিত হ’ব পাৰে ৷ পঢ়াত শুভ ৷ শুভ ৰং বগা, শুভ সংখ্যা ৮ ৷
মীনঃ চিন্তা কৰি চলক দিনটোত ৷ বেছি উৎসাহতে যাতে একো ভুল নকৰি সতর্ক থাকক ৷ আগতে নভবা কথাক লৈ কিবা প্রস্তুতিৰ দৰকাৰ ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১ ৷