আজি ২৮ জুন, আহাৰ মাহৰ ১২ তাৰিখ
বুধবাৰঃ তিথি–শুক্লা দশমী, নক্ষত্রঃ চিত্র, যাত্রাঃ শুভ
মেষঃ দিনটোত নানা ধৰণৰ চিন্তা থাকিব ৷ পূর্বৰ কথাৰ প্রতি সক্রিয় হৈ থকা দৰকাৰ ৷ শুভ ৰং বগা ৷ শুভ সংখ্যা ৩ ৷
বৃষঃ আৱেগ প্রৱণতা বৃদ্ধি পাব ৷ কর্মস্থানত বিপদৰ শংকা নাই ৷ পাৰিবাৰিক দিশম মধ্যম ৷ শুভ ৰং মটিয়া ৷ শুভ সংখ্যা ২ ৷
মিথুনঃ দিনটোত কোনো কর্তৃত্বহীন ব্যক্তিয়ে অভিযোগ কৰিব পাৰে ৷ খৰচ বৃদ্ধি হ’লেও অর্থনৈতিক সমস্যা নিয়ন্ত্রণত থাকিব ৷ শুভ ৰং গেৰুৱা ৷ শুভ সংখ্যা ৪ ৷
কর্কটঃ কর্মক্ষেত্রত ভৱিষ্যতে অনুকূল দেখা দিব ৷ কিন্তু মনটোৰ সংযোগ প্রাপ্তিত বাধা ৷ যাত্রাত বাধা ৷ শুভ ৰং ক্রীম ৷ শুভ সংখ্যা ৩ ৷
সিংহঃ পাৰিবাৰিক দিশত শুভ ৷ কর্মস্থানত বাধা কম ৷ আর্থিক দিশত শুভ ৷ প্রেম–দাম্পত্যত মধ্যম ফল ৷ শুভ ৰং ৰঙা ৷ শুভ সংখ্যা ৯ ৷
কন্যাঃ অবাঞ্ছিত লোকৰ প্রতি সতর্ক থকা ভাল ৷ কিন্তু সামগ্রিকভাৱে দিনটো ভালে যাব ৷ শুভ ৰং ক’লা ৷ শুভ সংখ্যা ১ ৷
তুলাঃ আর্থিক লাভৰ বিশেষ যোগ নাই ৷ পাৰিবাৰিক দিশত পূর্বতকৈ ভাল ৷ কর্মক্ষেত্রত অগ্রগতি৷ সন্তানৰ শুভ ৷ শুভ ৰং মেৰুণ ৷ শুভ সংখ্যা ৬ ৷
বৃশ্চিকঃ সাধাৰণ উন্নতি ৷ কিন্তু কোনো সম্ভাব্য পৰিৱেশ জটিল হোৱাৰ আশংকা আছে ৷ প্রেমত শুভ ফল ৷ শুভ ৰং গোলাপী ৷ শুভ সংখ্যা ৬ ৷
ধনুঃ দিনটোত যাতায়াতত সতর্ক থাকক ৷ গুৰুত্বপূর্ণ কোনো বিষয়ত অন্যমনস্ক নহ’ব ৷ পাৰিবাৰিক মধ্যম ৷ শুভ ৰং বগা ৷ শুভ সংখ্যা ৩ ৷
মকৰঃ পুৰণা প্রিয় বন্ধুৰ সংগ লাভ ৷ ভ্রমণ স্থগিত ৰাখক ৷ আর্থিক দিশত শুভ ৷ প্রেমত মধ্যম ৷ শুভ ৰং নীলা ৷ শুভ সংখ্যা ৪ ৷
কুম্ভঃ দূৰত থকা কোনো প্রিয়জনৰ উন্নতি তথা কর্মসংস্থাপনৰ যোগ ৷ প্রেমত মধ্যম ৷ শুভ ৰং নীলা ৷ শুভ সংখ্যা ৪ ৷
মীনঃ কর্মস্থানত যাতে কোনো ভুল নহয় লক্ষ্য ৰাখক ৷ বিদ্যার্থীৰ মধ্যম ৷ শুভ ৰং বেঙুনীয়া ৷ শুভ সংখ্যা ৮ ৷