নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩০ জুন, আহাৰ মাহৰ ১৪ তাৰিখ
শুকুৰবাৰঃ তিথি–শুক্লা দ্বাদশী, নক্ষত্রঃ বিশাখা, যাত্রাঃ নাই

মেষঃ মনত উৎসাহ পাব ৷ যোগাযোগত মন কৰিলে অনুকূলতা দেখা যায় ৷ বন্ধু–বান্ধৱৰ পৰা কোনো সূত্রৰ সম্ভেদ পাব পাৰে ৷ দাম্পত্যত শুভ ৷ শুভ ৰং বগা, শুভ সংখ্যা ৮ ৷
বৃষঃ মনটো গধুৰ গধুৰ লাগিব ৷ খৰচ–পাতিকে ধৰি ঘৰুৱাতো নিজে সক্রিয় ভূমিকা লোৱাটো দৰকাৰ হ’ব ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪ ৷
মিথুনঃ পূর্বদিনৰ তুলনাত আজি উন্নত ৷ ঘৰুৱাতো বিশেষ বেয়া নহ’ব ৷ নিজ কর্ম চিন্তাৰ উন্নতি ৷ যোগাযোগত উৎসাহ পাব ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৩ ৷
কর্কটঃ শাৰীৰিক দিশত নজৰ দিব লাগিব ৷ দুই–এটা সমস্যাৰ মাজত পৰিব পাৰে ৷ বন্ধু–বান্ধৱৰ লগত মন খুলি আলাপ কৰাটো কঠিন হ’ব ৷ শুভ ৰং বগা, শুভ সংখ্যা ৪ ৷
সিংহঃ কর্মস্থানত কোনোৰ উদাসীন ৷ জিৰণিৰ সুযোগ পালে আজি লোৱা দৰকাৰ ৷ বাকী পৰিৱেশ অনুকূল ৷ সন্তানৰ চিন্তা ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১ ৷
কন্যাঃ আজি দিনটোত ঘৰুৱা কথাত মন ভালেই থাকিব ৷ গুৰুত্বপূর্ণ কামত এলাহ নকৰাই ভাল ৷ বিদ্যাত মজলীয়া ফল ৷ খৰচ বৃদ্ধি ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫ ৷
তুলাঃ কামত উৎসাহ পাব ৷ ঘৰুৱা দিশতো সহানুভূতি থাকিব ৷ কিন্তু দাম্পত্যত কিছু সমস্যা থাকিলেও দুশ্চিন্তা নাই ৷ শুভ ৰং বগা, শুভ সংখ্যা ৬ ৷
বৃশ্চিকঃ অলপ সতর্ক হৈ চলক ৷ নতুন কাম–কাজৰ আৰম্ভণি আদিত আহুকাল থাকিব ৷ বন্ধু–বান্ধৱৰ ভাল সহানুভূতি নাপাব ৷ বিদ্যাত মধ্যম ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯ ৷
ধনুঃ আজি কিছু ফৰকাল ৷ বিদ্যার্থীৰ বাবেও বেয়া নহ’ব ৷ মুঠতে আজি পৰিৱেশ অনুকূলেই দেখা যায়, তথাপি আপোন কোনো লোকৰ সৈতে মানসিক দ্বন্দ্বৰ সৃষ্টি হ’লেও ক্ষতি নহ’ব ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩ ৷
মকৰঃ কিছু পৰিমাণে মনটো ফৰকাল থাকিব ৷ কোনো সংযোগ তথা দক্ষতাৰ বাবে আনৰ পৰা প্রশংসা পাব ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৮ ৷
কুম্ভঃ সাৱধানেৰে কামত আগুৱাওক ৷ শৰীৰৰ প্রতি একেবাৰে অৱজ্ঞা নকৰিব ৷ দাম্পত্যত নিজৰ আৱেগ–অনুভূতিক ৰুক্ষ কৰি নুতুলিব ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৪ ৷
মীনঃ সৃষ্টিমূলক চুক্তি আদিত অনুকূলতা থাকিব ৷ পৰিৱর্তনীয় মনোভাবে ভ্রমণৰ উদ্যোগী কৰিব পাৰে ৷ পঢ়া–শুনাত বেয়া নহ’ব ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১ ৷

You might also like