আজি ২ জুলাই, আহাৰ মাহৰ ১৬ তাৰিখ
দেওবাৰ : তিথি–শুক্লা চতুর্দশী, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : নাই
মেষ : ঘৰুৱা বিষয়ত কিছু উৎসাহ পাব৷ কর্মস্থানত বিশেষ পৰিৱর্তন নাই৷ সা–সম্পত্তি বেচাৰ ক্ষেত্রত সাৱধান হওক৷ শুভ ৰং নীলা, শুভ সংখ্যা ১৷
বৃষ : শৰীৰ পূর্বৰ তুলনাত ভালেই বোলা যায়৷ ছাত্র–ছাত্রীৰ বাবে কিছু হ’লেও অনুকূল বুলিব পাৰি৷ হঠাৎ কোনোৱে বিয়া–বাৰুৰ সিদ্ধান্ত কৰিব পাৰে৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷
মিথুন : মন খুব পৰিষ্কাৰ নাথাকিব৷ পঢ়া–শুনাত খুব বেয়া বুলিব নোৱাৰি৷ কর্ম–সংস্কৃতিত থকাসকলক ভাগৰুৱা যেন দেখা পাব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷
কর্কট : বিদ্যার্থীৰ বাবে কিছু শাৰীৰিক আহুকাল হ’লেও ভয়ৰ কাৰণ দেখা নাযায়৷ কোনো পৰিৱেশৰ বাধাত প্রগতিত ক্ষতিৰ কাৰক৷ শুভ ৰং ক’লা, শুভ সংখ্যা ২৷
সিংহ : আপোনাৰ বাক্ চাতুর্য বৃদ্ধি পাব পাৰে৷ শিল্প–কলা তথা সাহিত্যত উদ্বুদ্ধসকলৰ উৎসাহ থাকিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮৷
কন্যা : প্রবল বাধা–বিঘিনিৰ সংকেতবোৰ নিজৰ মনেৰে ভবাতকৈ কার্যক্ষেত্রত কম পাব৷ কর্মদিশতো দৃঢ়তা ৰাখিব লাগিব৷ বিদ্যাত বেয়া নহ’ব৷ দাম্পত্যত পৰিৱর্তন নাই৷ শুভ ৰং আকাশী, শুভ সংখ্যা ৩৷
তুলা : শিল্পী–সাহিত্যিক কর্মৰ জৰিয়তে প্রশংসিত হ’ব৷ আপোনাৰ উপদেশত আনে উপকৃত হ’ব৷ প্রেমত মধ্যম৷ পঢ়া–শুনাত ভাল৷ শুভ ৰং কমলা, শুভ সংখ্যা ৪৷
বৃশ্চিক : কর্মস্থানত বিশেষ নজৰ ৰখাটো ভাল হ’ব৷ বিদ্যাত বিশেষভাৱে যত্ন লওক৷ পাৰিবাৰিক ক্ষেত্রত শুভ৷ ব্যৱসায়ত ভালেই৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷
ধনু : নিবনুৱাৰ উদ্যোগী মনোভাব থাকিলে কর্মপ্রাপ্তি হ’ব৷ ভ্রমণত বৈদেশিক সূত্রে ধন লাভ৷ শৰীৰৰ প্রতি যত্ন ৰাখক৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯৷
মকৰ : কর্মক্ষেত্রত আইনজ্ঞৰ দক্ষতা বৃদ্ধি পাব৷ ব্যৱসায়ত বন্ধু–বান্ধৱৰ পৰা সহায় পাব৷ আর্থিক দিশত জটিলতা নাই৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৯৷
কুম্ভ : বৰ অনুকূল নহ’ব৷ কিছুমানে অস্থিৰতা অনুভৱ কৰিব৷ আর্থিক উন্নতিৰ তুলনাত ব্যয়ৰ মাত্রা বৃদ্ধি৷ শৰীৰো সবল থকাটো টান৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৬৷
মীন : আর্থিক চিন্তা পৰিহাৰ কৰি চলক৷ দিনটো প্রায় অনুকূল বুলি ধৰিব পাৰে৷ প্রেম–প্রীতিত শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷