নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১১ জুলাই, আহাৰ মাহৰ ২৫ তাৰিখ
মঙলবাৰ : তিথি–কৃষ্ণা নৱমী, নক্ষত্র : অশ্বিনী, যাত্রা : নাই

মেষ : নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা অব্যাহত ৰাখক ৷ ঘৰুৱা কথাৰ বাবে মন বেয়া হ’লেও সহজ হ’ব পাৰিব ৷ শুভ ৰং বগা, শুভ সংখ্যা ১ ৷
বৃষ : মনলৈ উৎসাহ আহিব ৷ নতুন কামত সুযোগ পাব ৷ শৰীৰো ভালে থাকিব ৷ ভ্রমণৰ দ্বাৰা লাভ হ’লেও সাৱধান হওক ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫ ৷
মিথুন : প্রায় দিশতে মনটো মুকলি লাগিব ৷ শিল্পসুলভতা বৃদ্ধি পাব ৷ কোনো নতুন দায়িত্বত দক্ষতা দেখুৱাব ৷ ভ্রমণত পিছে সাৱধান হওক ৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭ ৷
কর্কট : দুই–এটা বাধাৰ মাজেৰে দিনটো অগ্রগতি কৰিব ৷ ঘৰুৱা দিশত ইটো–সিটো থাকিব ৷ শৰীৰ সম্পর্কে সাৱধান থাকক ৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৫ ৷
সিংহ : উন্নত পৰিৱেশ ৷ বিভিন্ন যোগাযোগ আদিত আনন্দ পাব ৷ ভ্রমণাদিত বিশেষ অসুবিধা নাপায় ৷ সন্তানৰ সুখ ৷ বিদ্যাত অনুকূল ৷ শুভ ৰং বগা, শুভ সংখ্যা ৪ ৷
কন্যা : খুব উন্নত পৰিৱেশ নহ’ব ৷ ধর্মীয় অনুষ্ঠানাদিত আনন্দিত হ’ব ৷ বন্ধু–বান্ধৱৰ শুভ ৷ দাম্পত্যত চিন্তা ৷ বিদ্যার্থীৰ মধ্যম ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯ ৷
তুলা : আর্থিক দিশত টানত পৰিলেও কোনো সৎ বন্ধু বা তেনে উৎসৰ পৰা উপকৃত হ’ব ৷ বিদ্যাত বাধা কম ৷ দাম্পত্যত শুভ ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪ ৷
বৃশ্চিক : হাই–কাজিয়াৰ সূত্রপাত যেন পালে সেই স্থান ত্যাগ কৰক অথবা কাজিয়া বঢ়াই নলৈ ক্ষিপ্র অৱস্থাক নিয়ন্ত্রণ কৰক ৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ৩ ৷
ধনু : আর্থিক উন্নতিৰ কাৰক ৷ বিদ্যাত জটিলতা নাপাব ৷ পুৱাৰ ভাগত সাৱধানেৰে মত বিনিময় আদি কৰক ৷ ঘৰুৱা বাধা কম ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।
মকৰ : শৰীৰ খুব ভালেৰে নাযাব ৷ ব্যয়ৰ কাৰক ৷ উৎকণ্ঠাৰ পৰা কিছু সকাহ পাব যদিও সম্পূর্ণ সন্দেমুক্ত নহ’ব ৷ শুভ ৰং পাতল ক’লা, শুভ সংখ্যা ৬ ৷
কুম্ভ : মনোবল থাকিব ৷ কর্মত উৎসাহ থকাত আপোনাৰ প্রায়বোৰ কামতে খুঁত নাথাকিব ৷ শৰীৰ খুব বেয়া বুলিব নোৱাৰি ৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ৪ ৷
মীন : কষ্টদায়ক হ’ব পাৰে বুলি হাতত লোৱা কাম স্থগিত নৰখাই উচত হ’ব ৷ ব্যৱসায়ত প্রাপ্ত ধনৰ বাবে অসুবিধাৰ সন্মুখীন হ’ব ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২ ৷

You might also like