উত্তৰ–পূবৰ দুৱাৰমুখ, অসমৰ ৰাজধানী গুৱাহাটীত কৃত্রিম বানৰ সমস্যা এক দীর্ঘদিনীয়া সমস্যা৷ স্মার্ট চিটীৰ নাগৰিক অসহায় হৈ পৰে এজাক মাথোন ডাঙৰ বৰষুণত৷ মহানগৰখনৰ কিছুমান অঞ্চল কেইবাদিনলৈকে জলমগ্ণ হৈ থাকে, দুর্বিষহ হৈ পৰে জনজীৱন৷ স্তব্ধ হৈ পৰে নাগৰিকৰ জীৱনযাত্রা ৷ কৃত্রিম বানৰ বাবে কোন জগৰীয়া৷ গুৱাহাটীৰ আৱাসীসকলে নির্মোহ বিশ্লেষণ কৰিলে অনুভৱ কৰিব যে বহুলাংশে নগৰখনৰ আৱাসীসকল এই সমস্যাৰ বাবে দায়ী৷ গুৱাহাটী পৌৰ নিগম, চৰকাৰ সকলোৱেই ব্যর্থ হৈছে এই সমস্যা সমাধানত৷ মহানগৰীত দ্রুতগতিত বৃদ্ধি পাইছে জনসংখ্যা আৰু সেই অনুপাতে বৃদ্ধি পাইছে আৱাসিক অঞ্চল৷ অপৰিকল্পিতভাৱে কৰা নির্মাণকার্যসমূহ আজি মহানগৰবাসীৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে৷ দ্রুতগতিত ঘটা বনভূমিৰ সংকোচন, অন্তর্দেশীয় আর্দ্রভূমিৰ পৰিমাণ হ্রাস হোৱাৰ ফলত পানী নিষ্কাশন ব্যৱস্থা বাধাপ্রাপ্ত হৈছে৷ কিন্তু এই কথাবোৰ গুৰুত্বসহকাৰে লয় কোনে৷ প্রকৃতিৰ ওপৰত অত্যাচাৰ কৰি স্বার্থপৰ মানুহে কেৱল নিজৰ উন্নয়নৰ কথা ভবাৰ বাবেই আজি গুৱাহাটীত বৰষুণ হৈ পৰে বিভীষিকাৰ অন্য নাম৷ গুৱাহাটীৰ জলাশয়বোৰ পুতি সজা হ’ল সুউচ্চ অট্টালিকা৷ পথৰ বাবে, নলাৰ বাবে পর্যাপ্ত মাটি এৰি নিদিয়ে ঘৰৰ স্বত্বাধিকাৰীয়ে৷ বৰষুণৰ পানী যাব ক’লৈ? গুৱাহাটীত কৃত্রিম বানপানীৰ পুনৰাবৃত্তিমূলক সমস্যা, আটাইতকৈ বেছি ক্ষতিগ্রস্ত অঞ্চলসমূহৰ ভিতৰত হ’ল– ৰুক্মিণীগাঁও, হাতীগাঁও, তৰুণ নগৰ, নবীন নগৰ আৰু মহানগৰীৰ মাজমজিয়াত ভিআইপি ৰোড৷ পানী নিষ্কাশন ব্যৱস্থাত জাবৰ আৰু আৱর্জনা জমা হোৱাটোও গুৱাহাটীত কৃত্রিম বানৰ এক উল্লেখযোগ্য কাৰণ৷ অভিজাত গুৱাহাটীৰ একাংশ নাগৰিকে নির্বিচাৰে নলাত জাবৰ পেলায়৷ আৱর্জনাৰ সঠিক ব্যৱস্থাপনাই নলা–নর্দমা বন্ধ হোৱাৰ সমস্যা হ্রাস কৰি কৃত্রিম বানৰ সমস্যা বহুখিনি হ্রাস কৰিব পাৰে৷ চৰকাৰে বৃহৎ নলা নির্মাণ, নিষ্কাশন ব্যৱস্থা পৰিষ্কাৰ কৰা, বেদখল আঁতৰোৱাকে ধৰি কেইবাটাও ব্যৱস্থা গ্রহণ কৰিছে৷ কিন্তু এনে প্রচেষ্টাৰ পিছতো গুৱাহাটীত কৃত্রিম বানৰ সমস্যাই মহানগৰৰ আৱাসীক জুৰুলা কৰি ৰাখিছে৷কৃত্রিম বানৰ কাৰণ হিচাপে চিহ্ণিত মূল কাৰণসমূহ সমাধানৰ বাবে বহনক্ষম সমাধান ৰূপায়ণৰ বিকল্প হয়তো নাই৷
গুৱাহাটীৰ কৃত্রিম বানৰ সমস্যা নাগৰিক তথা চৰকাৰৰ বাবে প্রবল প্রত্যাহ্বানত পৰিণত হৈছে৷ এই সমস্যা সমাধানৰ বাবে নাগৰিক–চৰকাৰ উভয় পক্ষৰে আন্তৰিক সহযোগিতাৰ প্রয়োজন৷ বনাঞ্চল ধ্বংস, অবৈধ বেদখল, আৱর্জনা ব্যৱস্থাপনা আদি বিষয়ত নাগৰিকসকল দায়বদ্ধ হোৱাৰ লগতে এই বিষয়ে সজাগ হৈ থকা প্রয়োজন৷ চৰকাৰীভাৱে জনসজাগতা অভিযান, পৰিৱেশ নিয়মৰ কঠোৰ বলৱৎকৰণ, নাগৰিক আৰু স্থানীয় সংগঠনৰ সহযোগিতা আদিৰে কৃত্রিম বানৰ সমস্যা লাঘৱ হ’ব পাৰে৷ সমস্যাৰ অন্ত পেলাবলৈ প্রশাসনে কোনো দীর্ঘম্যাদী ব্যৱস্থা গ্রহণ কৰা নাইবুলিয়েই মহানগৰবাসীয়ে অভিযোগ তোলে৷ ‘বানমুক্ত’ চহৰ হিচাপে গুৱাহাটীক গঢ়ি তুলিবলৈ লোৱা ব্যৱস্থাসমূহ পর্যাপ্ত নহয় বুলিয়েই সময়ে সময়ে প্রমাণিত হৈ আহিছে৷ গুৱাহাটী মহানগৰীত পানী জমা হোৱা সমস্যা নোহোৱা কৰিবলৈ পানী নিষ্কাশন ব্যৱস্থা উন্নত কৰিব লাগিব৷ শ্লুইচগেট নির্মাণ, ৰাজপথত থকা মেনহলৰ সঠিক ৰক্ষণাবেক্ষণ, ঘৰৰ নলা–নর্দমা আৰু জাবৰ–জোঁথৰ সঠিকভাৱে নিষ্কাশন কৰা আদি কৃত্রিম বানপানী ৰোধৰ অস্ত্র৷ তদুপৰি ভৰলু, খানাজান আৰু বোন্দাজানৰ মাজেৰে পানী নিষ্কাশন ব্যৱস্থা সুকলমে চলি থকাটো নিতান্তই প্রয়োজন৷ মহানগৰৰ আৱাসীৰ জীৱন আৰু সম্পদৰ ৰক্ষণাবেক্ষণৰ বাবে কৃত্রিম বানৰ সমস্যা ৰোধ কৰিবলৈ চৰকাৰে গৱেষণামূলক ব্যৱস্থা গ্রহণ কৰা প্রয়োজন, অন্যথা গুৱাহাটীৰ গৌৰৱ এনেদৰেই ভূলুণ্ঠিত হৈ থাকিব৷