নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ বাহনৰ চকা ৰাজপথত নুঘুৰিলেও কেতিয়াবা ভৰিবলগীয়া হ’ব পাৰে ট’লটেক্স! বৃহস্পতিবাৰে নগৰবেৰাত এখন বাহনৰ ক্ষেত্ৰত সংঘটিত হয় তেনে এক আজৱ কাণ্ড, যাৰ বাবে আচৰ্য প্ৰকাশ কৰিছে বাহনৰ গৰাকী আৰু একাংশই। পঞ্জীয়ন নম্বৰ এএছ২৫-ইচি-৩৮৩৫। এখন মালবাহী বাহন। বৃহস্পতিবাৰে আবেলি প্ৰায় ৩.১৮ বজাত বাহনখনৰ গৰাকী নগৰবেৰা ভখুৰাদিয়াৰ নুৰুল ইছলামৰ মোবাইলত মদনপুৰ ট’ল প্লাজাৰ পৰা বাহনখনৰ ট’ল টেক্স ১৩০ টকা কটাৰ মেচেজ এটা আহে। পিছে বাহন খনৰ ওপৰত ট’ল প্লাজাৰ টেক্স কিহৰ বাবে কটা গ’ল? য’ত বাহনখন বৃহস্পতিবাৰে নগৰবেৰাত এঘৰত ৰখাই থোৱা আছিল আনকি চকাই ঘুৰা নাছিল বৃহস্পতিবাৰে। তেনেস্থলত কিহৰ ভিত্তিত বাহনখনৰ বাবদ গৰাকীয়ে আদায় দিবলগীয়া হ’ল ১৩০ টকা? মহিন্দ্ৰা চুপ্ৰ’ নামৰ মালবাহী বাহন খনৰ বিপৰীতে গৰাকী নুৰুল ইছলামৰ মোবাইলত অহা এই মেচেজটোৱে বহুতৰ মনলৈ উদ্ৰেক ঘটাইছে এটাই কৌতূহলী প্ৰশ্ন- কিদৰে ৰাজপথত বাহন নচলোৱাকৈ ভৰিবলগীয়া হয় ট’লটেক্সৰ ধন? আগলৈ যাতে আৰু কাৰো ক্ষেত্ৰতেই এনে নহয় তাৰ প্ৰতি কৰ্তৃপক্ষক সজাগ হোৱাৰ আহ্বান সকলোৰে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস