নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মাৰ্চঃ ৰাজ্যৰ একাংশ টোলগেটত বাহনৰ টোলটেক্স সংগ্ৰহৰ ক্ষেত্ৰত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিশেষকৈ ৰহা আৰু সোণাপুৰত টোল টেক্স সংগ্ৰহৰ নামত ব্যাপক খেলিমেলি সংঘটিত হৈছে। সংশ্লিষ্ট পথেৰে পাৰ নোহোৱাৰ পিছতো বাহনৰ গৰাকীৰ পৰা ফাষ্টেগৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। প্রাপ্ত অভিযোগ অনুসৰি মহানগৰীৰ সৰুমটৰীয়াৰ বাসিন্দা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা-সমাজকর্মী নৃপেন মালাকাৰৰ এএছ০১ এফডি০১০১ নম্বৰৰ বাহনখন সৰুমটৰীয়া সমন্বয় পথৰ বাসগৃহত থকাৰ সময়তে ৰহাৰ টোল টেক্সৰ পৰা ধন সংগ্ৰহ কৰে। অধিবক্তাগৰাকীৰ এএছ০১ এফডি ০১০১ নম্বৰৰ স্কৰপিঅ’ বাহনখনৰ ১২০ টকা টোল টেক্স সংগ্ৰহ কৰাত তেওঁ হতভম্ব হৈ পৰে। সেই সময়ত অধিবক্তাগৰাকীৰ সরুমটৰীয়াৰ ঘৰৰ গেৰেজত থকা বাহনখনৰ ৰহা টোলগেটত টোলটেক্স সংগ্রহ কৰা বুলি অধিবক্তাগৰাকীৰ মোবাইল নম্বৰত এটা মেছেজ আহে। পিছত তেওঁ ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে! উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন টোল গেটৰ পৰা বাহনৰ গৰাকীলৈ এইদৰে মেছেজ অহাত আতংকিত হৈ পৰিছে বাহনৰ গৰাকী। মালকাৰে লগতে কয় যে তেওঁৰ বাহনখন নিজৰ ঘৰত থকা অৱস্থাত যদি টোল টেক্স কাটিব পাৰে তেন্তে কোনো দুস্কৃতিকাৰিয়ে বহনখনৰ নম্বৰ ব্যাৱহাৰ কৰি যিকোনো আইন বিৰুদ্ধ কাম কৰাতোও অসম্ভৱ নহয়!