নিয়মীয়া বাৰ্তা, ১ জুলাইঃ নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ ১২৭ খন গাঁৱৰ ভিতৰত ১২১খন গাঁও বানপানীৰ কবলত পৰি বিধ্বস্ত হোৱাত ব্যাহত হৈছে জনতাৰ জীৱন যাপন। দুটা মাহত দুটাকৈ প্ৰলয়ংকৰী বানত তচনচ হোৱা সাধাৰণ জনতা এতিয়া দিশহাৰা। কোনোৱে যদি ঘৰৰ ভিতৰত ওখ চাঙ পাতি আছে, আন কোনোৱে আকৌ স্কুলঘৰ অথবা ৰাস্তাত শিবিৰ পাতি আশ্ৰয়লৈ আছে। চাৰিওফালে বানপানীৰ তাণ্ডৱ। এতিয়া বানপানী অলপ শুকাইছে যদিও বৰ্তমানেও বহুতে উভতি যাব পৰা নাই মৰমৰ ঘৰখনলৈ। চৰকাৰেও খাদ্য-সামগ্ৰী যোগান ধৰিছে। এনে বিপদৰ সময়ত বন্যাৰ্তৰ ওচৰত থিয় দিছে ৰহা টোলগেট কৰ্তৃপক্ষ। আজি ৰহা টোলত স্বৰ্গীয় মেঘালী বৰ্মন মহন্তৰ সোঁৱৰণত টোলগেটৰ স্বত্বাধিকাৰী হৰেন মহন্তই পঁচিশ শ বানাক্ৰান্তৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ কৰে। ৰহা ৰূপহীতলি, কটহগুৰি, দূৰ্গাজান, হাৰিয়ামুখ আদি বানপীড়িত গাঁও সমূহত দুদিনীয়া কাৰ্যসূচীৰে এই সমূহ খাদ্য-সামগ্ৰী বিতৰণ কৰা হৈছে। আজিৰ এই কাৰ্যসূচীত হৰেন মহন্তৰ হৈ প্ৰশান্ত বৰ্মন , দেবাংগ ৰাজা , গৌৰৱ ডেকা , পংকজ বৰদলৈ , লক্ষী বৰা আদিয়ে অংশগ্ৰহণ কৰে।
প্ৰেৰক ভৱজ্যোতি ডেকা