নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ৰাজ্যজুৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ কর্মবিৰতি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ জানুৱাৰীঃ ১ ফেব্ৰুৱাৰী ৰাজ্যৰ শ্ৰমিক-কর্মচাৰী, শিক্ষক-বিষয়াৰ বাবে এক ক’লা দিন। ২০০৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত ৰাজ্য চৰকাৰে পৰিষদৰ তীব্র বিৰোধিতাৰ পিছতো ৰাজ্যত নতুন পেন্সন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ৰাজ্যখনত বৰ্তমানলৈ প্রায় ২,৫০,০০০গৰাকী কৰ্মচাৰী নতুন পেন্সন ব্যৱস্থাৰ অধীনত নিযুক্তি লাভ কৰিছে, ইয়াৰ ভিতৰত ১০,০০০ৰ অধিক কৰ্মচাৰীয়ে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। এই অৱসৰ গ্ৰহণ কৰা শিক্ষক-কৰ্মচাৰীসকলে নতুন পেন্সন ব্যৱস্থাৰ অধীনত নূন্যতম ৫০০ টকাৰ পৰা সৰ্বোচ্চ ২৫০০ টকালৈকে পেন্সন পাইছে বুলি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শর্মা আৰু সম্পাদকপ্রধান দিলীপ কলিতাই এক প্রেছ বিবৃতিযোগে জনাইছে। এই আঁচনিখনে সুদীর্ঘ দিন ৰাইজৰ সেৱা আগবঢ়োৱা কৰ্মচাৰীসকলক আর্থিক দুৰৱস্থালৈ ঠেলি দিছে বুলি অভিযোগ কৰে। নতুন পেন্সন ব্যৱস্থাই ৰাজ্যখনৰ অৱসৰপ্ৰাপ্ত শ্রমিক-কর্মচাৰী, শিক্ষক-বিষয়াক আর্থিকভাৱে সুৰক্ষিত কৰিব পৰা নাই। পেন্সন কোনো আর্থিক সকাহ নহয়। ই কৰ্মচাৰীৰ অধিকাৰ। বৃদ্ধাৱস্থাৰ লাখুটি। বিবৃতিটোত পৰিষদৰ নেতাদ্বয়ে কয় যে পৰিষদৰ বিগত ৩৭সংখ্যক শিলচৰ অধিৱেশনত “নতুন পেন্সন ব্যৱস্থা” বাতিল কৰি “পুৰণি পেন্সন ব্যৱস্থা” পুনৰ প্ৰৱৰ্তনৰ দাবী জনাই প্ৰথমটো প্রস্তাৱ গ্ৰহণ কৰা হৈছিল। বিগত বৰ্ষটোত পৰিষদে “পুৰণি পেন্সন ব্যৱস্থা” পুনৰ প্ৰৱৰ্তনৰ দাবীত বিভিন্ন পর্যায়ত আন্দোলন কৰি আহিছে। পৰিষদে ৰাজ্যৰ শিক্ষক-বিষয়া-শ্রমিক-কর্মচাৰী সমাজৰ সমস্যাসমূহ আলোচনাৰ মাধ্যমেৰে সমাধানৰ পোষকতা কৰে। কৰ্মচাৰীৰ দৰমহা আৰু পেন্সন ৰাজ্য চৰকাৰৰ অধীনৰ। কিন্তু আজিলৈকে মুখ্যমন্ত্রীয়ে পুৰণি পেন্সন ব্যৱস্থা পুনৰ বাহাল সম্পর্কে কোনো সিদ্ধান্ত গ্রহণ কৰা নাই। সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানত যোৱা ১ ফেব্ৰুৱাৰী, ২০২৩ত ৰাজ্যৰ প্ৰতিটো কার্যালয় আৰু বিদ্যালয়ত শিক্ষক-বিষয়া-শ্রমিক-কর্মচাৰী সমাজে “ক’লা দিৱস” পালন, ২৭ ফেব্ৰুৱাৰী, ২০২৩ত ৰাজ্যৰ প্ৰতিখন জিলা আৰু মহকুমা সদৰত দুঘন্টীয়া প্রতিবাদী সভা অনুষ্ঠিত কৰা হৈছিল। ৭ অক্টোবৰ, ২০২৩ত ৰাজ্যজুৰি পুৱা ১১ বজাৰ পৰা বিয়লি ২ বজালৈ সকলো জিলা আৰু উপ-জিলা সদৰ স্থানত তিনিঘন্টীয়া ‘অৱস্থান ধৰ্মঘট’ৰ কাৰ্যসূচী পালন আৰু বিগত বৰ্ষৰ ১৬ ডিচেম্বৰত গুৱাহাটীৰ নাৰেঙ্গী ক্রীড়া সন্থাৰ খেলপথাৰত পুৱা ১১ বজাৰ পৰা বিয়লি ২ বজালৈ ৰাজ্যিক ভিত্তিত প্রতিবাদী সভা অনুষ্ঠিত কৰা হৈছিল। কিন্তু ৰাজ্য চৰকাৰে কোনো সঁহাৰি নিদিয়াত কাইলৈ ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। কাইলৈৰ কৰ্মবিৰতি ৰাজ্যখনৰ ৫৮টা বিভাগৰ সকলো কার্যালয়তে লগতে প্রতিখন বিদ্যালয়ৰ শিক্ষক-কর্মচাৰীয়ে কর্মবিৰতি পালন কৰিব বুলি সভাপতি আৰু সম্পাদকপ্রধানে বিবৃতিযোগে জনাইছে। অৱশ্যে আজিৰ কৰ্মবিৰতি কাৰ্যসূচীৰ পৰা পৰীক্ষা আৰু অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত বিষয়া-কর্মচাৰীক ৰেহাই দিয়া হৈছে। বিবৃতিটোত তেওঁলোকে সকলো শ্রমিক-কর্মচাৰী, শিক্ষক-বিষয়াক কর্মবিৰতি কাৰ্যসূচী সফল কৰি তুলিবলৈ অনুৰোধ জনাইছে।

You might also like