নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ঈদ–উল–ফিটৰ

🔹 অন্ত পৰিব ৰমজান মাহৰ

নিউজ ডেস্ক, ৩০ মার্চ : ৰমজান মাহৰ ৰোজাৰ অন্তত শান্তি আৰু ভাতৃত্ববোধৰ বার্তা লৈ সোমবাৰে সমগ্র ৰাজ্যতে উদযাপন কৰা হ’ব পৱিত্র ঈদ–উল–ফিটৰ৷ ইতিমধ্যে আৰবকে ধৰি পাৰস্য উপসাগৰৰ কেইবাখনো ৰাষ্ট্রত কালি প্রত্যক্ষ হৈছে ঈদৰ জোন৷ এই অনুসৰি আজি ভাৰতত ঈদৰ জোন প্রত্যক্ষ হোৱাৰ সম্ভাৱনা আছে৷ আজি ঈদৰ জোন দেখাৰ পাছতেই সোমবাৰে ৰাজ্যত উদযাপিত হ’ব ঈদ–উল–ফিটৰ৷ উল্লেখ্য যে পৱিত্র ৰমজান মাহটোৱে অন্তিম সপ্তাহত প্রৱেশ কৰাৰ লগে লগে বিশ্বজুৰি ইছলামধর্মী লোকসকলে আগ্রহেৰে অপেক্ষা কৰিছে ঈদ–উল–ফিটৰ উদযাপনলৈ৷ এমাহজোৰা ৰোজা পালনৰ পাছত অর্ধচন্দ্র দেখাৰ লগে লগে ঈদ–উল–ফিটৰৰ দিন স্থিৰ কৰা হয়৷ এই অনুসৰি ভাৰতত ৩১ মার্চত জোন প্রত্যক্ষ হোৱাৰ সম্ভাৱনা আছে৷ ইফালে, ঈদ–উল–ফিটৰ উপলক্ষে পূব গুৱাহাটী ঈদগাহ সমিতিয়ে সোমবাৰে গুৱাহাটী ইছলামপুৰ জামে মছজিদত সমূহীয়া নামাজ অনুষ্ঠিত কৰিব৷ এই নামাজত ইমামতি কৰিব গুৱাহাটী ইছলামপুৰ জামে মছজিদৰ পেছ ইমাম হাফিজ কাবি মৌলানা মহম্মদ ৰিয়াজ উদ্দিন কাছিমীয়ে৷ নামাজৰ আগে আগে ঈদগাহ, কবৰস্থান লাৱাৰিছ আৰু ইমাম চাহাবৰ হাদিয়া সংগ্রহ কৰা হ’ব৷ পূব গুৱাহাটী ঈদগাহ সমিতিৰ সভাপতি নেকিবুৰ জামানে প্রকাশ কৰা অনুসৰি সোমবাৰে পুৱা ৮.৩০ বজাৰ লগে লগে ঈদগাহ ময়দানত হ’ব লগা নামাজত ঈদ–উল–ফিটৰৰ তাৎপর্য ব্যাখ্যা কৰিব মৌলানা মহম্মদ ৰিয়াজ উদ্দিন কাছিমীয়ে৷ আনহাতে, নামাজৰ শেষত হ’ব সমূহীয়া জীয়াৰত৷

You might also like