কাইলৈ পৱিত্ৰ ঈদ : সকলোতে উছাহৰ ধল
বিশেষ বার্তা, ২১ এপ্রিল : মাহজোৰা ৰোজাৰ অন্তত কাইলৈ ইছলাম ধর্মাৱলম্বীসকলে পালন কৰিব পবিত্র ঈদ–উল–ফিটৰ৷ এই কথা নিশ্চিত কৰিছে কেন্দ্রীয় হিলাল কমিটী, অসমে৷ সংগঠনটোৰ সভাপতি মৌলানা শ্বেখ ফখৰুদ্দিন আহমদ কাচিমী আৰু সম্পাদক প্রধান আলহাজ ইমদাদ হুছেইনে কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত কয় যে অসম তথা ভাৰতবর্ষত জোন দেখাৰ খবৰ পোৱা গ’ল৷ সেয়েহে অহা ২২ এপ্রিল শনিবাৰে ভাৰতবর্ষত লগতে অসমতো ঈদ–উল–ফিটৰ পালন কৰা হ’ব৷ পবিত্র ঈদ–উল–ফিটৰ উপলক্ষে ইছলাম ধর্মাৱলম্বীসকলৰ মাজত ব্যাপক আনন্দ–উছাহ পৰিলক্ষিত হৈছে৷