নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ষষ্ঠী : পূজাৰ বতৰত উথপথপ পৰিৱেশ

বিশেষ বাৰ্তা, ১৯ অক্টোবৰঃ ঘোঁৰাত উঠি সৰগৰ পৰা মর্ত্যলৈ অহা মহিষমর্দিনী মা দুর্গাক আদৰিবলৈ এতিয়া ৰাজ্যজুৰি চলিছে ব্যাপক প্রস্তুতি৷ মাজত মাথোঁ এটা দিন৷ ২০ অক্টোবৰত হ’ব ষষ্ঠী৷ বেল বৰণেৰে ধর্মপ্রাণ ৰাইজে শংখ, ধূপ–দীপ, নৈবেদ্যৰে ভক্তি সহকাৰে আদৰণি জনাব মা দুর্গাক৷ ইয়াৰ লগে লগে ৰাজ্যজুৰি আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব শাৰদীয় দুর্গোৎসৱ৷ বছৰজোৰা প্রতীক্ষাৰ অন্ত পেলাই অহা শাৰদীয় দুর্গোৎসৱক লৈ ৰাইজ উৎকণ্ঠিত৷ আর্থিক সমস্যাই বহুক্ষেত্রত ৰাইজক বিপদত পেলাইছে৷ অৱশ্যে উৎসৱৰ আনন্দ ম্লান পৰা নাই৷ দুর্গোৎসৱ উপলক্ষে ৰাইজক চমক দেখুৱাবলৈ সাজু হৈছে বিভিন্ন পূজা সমিতি৷ ধর্মীয় আধ্যাত্মিকতাৰ লগতে ৰাইজক পূজাৰ দিনকেইটাত বিনোদন দিবলৈও প্রস্তুতি আয়োজক সমিতিসমূহৰ৷ এইক্ষেত্রত ৰাজ্যৰ ভিতৰতে আগৰণুৱা গুৱাহাটী মহানগৰী৷ চন্দ্রযানৰ সফলতাৰ পৰা পুৰাতাত্ত্বিক সমললৈ বিভিন্ন থিম লৈ সাজু হৈছে পূজা সমিতিসমূহ৷ গুৱাহাটী মহানগৰীৰ অন্যতম পূজাথলী শান্তিপুৰ শ্লুইচ গেট সার্বজনীন দুর্গা পূজা সমিতিয়ে এইবাৰ পুৰাতাত্ত্বিক সমলক থিম হিচাপে লৈ পূজাৰ আয়োজন কৰিছে৷ কলকাতাৰ পৰা আমদানিকৃত কাৰিকৰৰ দ্বাৰা প্রায় চাৰে তেৰ ফুট উচ্চতাৰ দেৱী প্রতিমা নির্মাণ কৰিছে সমিতিখনে৷ সমিতিখনৰ সম্পাদক নীলভজ্যোতি দাসে সদৰী কৰা মতে এইবাৰ পুৰাতাত্ত্বিক সমলক থিম হিচাপে লৈ সকলো প্রস্তুতি চলোৱা হৈছে৷ বিশেষকৈ ৰজাদিনীয়া ঐতিহাসিক প্রাসাদৰ আর্হিত মণ্ডপ সজোৱা হৈছে৷ সম্পাদক দাসৰ মতে ভাৰতীয় সংস্কৃতি অতি উন্নত৷ বহু ঐতিহ্য বহন কৰা এই সংস্কৃতিৰ মূল আধাৰ হৈছে ৰাজদিনীয়া প্রাচীন সমলবোৰ৷ এইবাৰ তাকেই মণ্ডপত প্রতিফলিত কৰা হ’ব৷ অকল শান্তিপুৰ শ্লুইচ গেটেই নহয়, মহানগৰীৰ কেইবাখনো পূজাথলীয়ে এইবাৰ বিভিন্ন নতুন থিমেৰে ৰাইজক আকর্ষিত কৰাৰ প্রস্তুতি চলাইছে৷ ৰাজ্যৰ বিভিন্ন প্রান্তত পূজাথলীসমূহে অহা ২০ অক্টোবৰত ষষ্ঠীৰ পূর্বেই সকলো প্রস্তুতি সম্পূর্ণ কৰাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে সকলো চেষ্টা অব্যাহত ৰখাৰ সময়তে এতিয়া বজাৰতো বৃদ্ধি পাইছে জনসমাগম৷ কৰ–কাটলৰ বোজাই ৰাইজক কেঁকোৰা চেপা দিছে৷ কিন্তু পূজা বুলি নতুন কাপোৰ অথবা সামগ্রী ক্রয় নকৰাকৈ ৰাইজে থাকে কেনেকৈ? সেয়ে বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন বজাৰত বৃদ্ধি পাইছে জনসমাগম৷ মহানগৰীৰ বিভিন্ন শ্বপিং মল, ফাঁচীবজাৰত এতিয়া বিৰ দি বাট নোপোৱা অৱস্থা৷ গ্রাহকক আকর্ষিত কৰিবলৈ বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠানে বহু ধৰণৰ অফাৰ আগবঢ়াইছে৷ ব্যৱসায়িক এলেকাবোৰত সমাগম বঢ়াৰ পিছতো ব্যৱসায়িক মহলৰ মতে এইবাৰৰ পূজাৰ বজাৰ সন্তোষজনক নহয়৷ দোকানলৈ গ্রাহক আহিছে ঠিকেই, কিন্তু ভবা ধৰণে গ্রাহকে ক্রয় কৰা নাই সামগ্রী৷ লক্ষণীয় যে অত্যাৱশ্যকীয় সামগ্রীৰ পৰা নিত্য ব্যৱহার্য সামগ্রীলৈকে সকলো বস্তু–বাহানিৰ জুই–ছাই দাম৷ গতিকে স্বাভাৱিকতেই দাম বৃদ্ধিয়ে ৰাইজক কিছু হ’লেও প্রভাৱান্বিত কৰিছে৷ তথাপিও সপ্তমীৰ দিনালৈকে অন্ততঃ বজাৰ ভাল হ’ব বুলি ব্যৱসায়িক মহলে আশা প্রকাশ কৰিছে৷ অৱশ্যে বর্তমানে চৌদিশে অনলাইন মাধ্যমৰ ব্যাপক প্রসাৰেও ক্ষুদ্র ব্যৱসায়ীসকলক কিছু হ’লেও ক্ষতিগ্রস্ত কৰিছে বুলি দুই–এজন ব্যৱসায়ীয়ে মন্তব্য কৰিছে৷ যি কি নহওক, অভাৱ–নাটন আদিয়ে চৌদিশে ছানি ধৰাৰ পিছতো শাৰদীয় দুর্গোৎসৱ বুলিলে এক অনন্য অনুভৱ ৰাইজৰ মাজত আহে৷ এইবাৰো ইয়াৰ ব্যতিক্রম নহয়৷ ৰাইজৰ আশা– দেৱী দুর্গাই সকলোৰে মনোবাঞ্ছা পূৰণ কৰি অসূয়া–শান্তি দূৰ কৰিব৷

You might also like